৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Oct 25/2023:- 

1. ৩০ অক্টোবৰত মিজোৰামলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
মিজোৰামৰ মামিত নিৰ্বাচনী সভাত অংশগ্ৰহন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

2. আজি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা বন্ধ।
পৰ্যাপ্ত পথ আৰু জেট্টী নথকাৰ বাবে এই সিদ্ধান্ত গ্ৰহন কৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।
কাইলৈৰ পৰা পুনৰ চলিব ফেৰী।

3. ২৬ অক্টোবৰত গুৱাহাটীত বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠক।
লোকসভা নিৰ্বাচনক লৈ হ’ব গুৰুত্বপূৰ্ণ আলোচনা।
কংগ্ৰেছৰ উদ্যোগত হোটেল লিলিত ২ বজাত অনুষ্ঠিত হ’ব এই বৈঠক।
বৈঠকত ভাগ লব আটাইকেইটা বিৰোধী দলৰ নেতাই।

4. পূজাৰ অষ্টমী, নৱমী, দশমীত সুৰা বিক্ৰীত অভিলেখ।
তিনিটা দিনতে মহানগৰীত ২২.৫ কোটি টকাৰ সুৰা বিক্ৰী।
আবকাৰী বিভাগে প্ৰকাশ কৰে এই তথ্য।

5. NCERTৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা’।
ইণ্ডিয়া’ৰ পৰিৱৰ্তে সকলো কিতাপতে দেশৰ নাম ‘ভাৰত’ শব্দ লিখিবলৈ অনুমোদন জনাই NCERT কৰ্তৃপক্ষই।

6. উত্তৰ প্ৰদেশৰ চৰকাৰী চিকিৎসালয়ৰ ভয়ংকৰ খবৰ।
HIV, হেপাটাইটিছত আক্ৰান্ত ১৪টা শিশু।
ৰক্ত সঞ্চাৰণ কৰি আক্ৰান্ত হয় শিশুকেইটা।
কানপুৰৰ লালা লাজপট ৰায় হাস্পতালত সংঘটিত হয় এই ঘটনা।

7. গোলাঘাটত অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ।
১৮টা কলহ লৈ সমন্বয় ক্ষেত্ৰৰ পৰা গুৱাহাটী অভিমুখে ৯গৰাকী ব্যক্তিৰ যাত্ৰা।
যাত্ৰাৰ শুভাৰম্ভ কৰে বিধায়ক মৃণাল শইকীয়া আৰু বিশ্বজিৎ ফুকনে।

8. ভাৰত-ভূটান সীমান্তত হাতী-মানুহৰ সংঘাতৰ ভয়াৱহ পৰিণতি।
বন্যহস্তীৰ আক্ৰমণত পুনৰ নিহত এজন।
নাম বিনয় বৰ্মন।

9. যোৰহাটত আৰক্ষীক অপদস্থ কৰা ৩ যুৱকক গ্ৰেপ্তাৰ।
নৱমীৰ নিশা অশ্লীল ভাষাৰে আৰক্ষীক কৰিছিল দুৰ্ব্যৱহাৰ।
যুৱক ক্ৰমে মৃগাংক বৰদলৈ, বিশ্বজিৎ মোদৈ, প্ৰাঞ্জল বৰুৱা।

10. গোলকগঞ্জৰ গৌৰাং বজাৰত পথ দুৰ্ঘটনা।
ৰৈ থকা বাছত তীব্ৰবেগী বাইকৰ খুন্দা।
গুৰুতৰভাৱে আহত বাইক আৰোহী অনুভৱ গুপ্তা।

11. দলগাঁৱত চাঞ্চল্যকৰ ঘটনা।
কছাৰী ভেটিটুপ গাঁৱত ৪১ দিনীয়া শিশু চুৰি।
শুই থকা অৱস্থাতে মাকৰ বুকুৰ পৰা চুৰি শিশুটি।
ঘটনাক লৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়া।
শিশুটিৰ সন্ধানত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে।

12. বিলাসীপাৰাৰ খোৰাঘাট ৰে’ল দলঙৰ সমীপত অঘটন।
নামনিমুৱা মালবাহী ৰে’লে খুন্দিয়ালে এজন যুৱকক।
ৰে’লৰ খুন্দাত গুৰুতৰভাৱে আহত হয় যুৱকজন।
নাম ৰফিকুল ইছলাম।

13. তামিলনাডুৰ চেঙালপাট্টুত শোকাৱহ দুৰ্ঘটনা।
ৰে’লে কাটিলে তিনিটিকৈ শিশুক।
ৰে’ললাইন পাৰ হওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা।
নিহত শিশু ৩ টাৰ দুটা আছিল মূকবধিৰ।

14. বৰপেটাৰ নিচানৰচৰ গাঁৱত অগ্নিকাণ্ড।
জুইত জাহ যায় দুটাকৈ বাসগৃহ।
অগ্নিকাণ্ডত প্ৰায় ৫ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।

15. কলগাছিয়াৰ বেছিমাৰীত ভয়ংকৰ দুৰ্ঘটনা।
বাছ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ।
থিতাতে নিহত বাইক আৰোহী ৰকিবুল ইছলাম।
গুইলেজাৰ পৰা কলগাছিয়াহৈ গুৱাহাটী অভিমুখী আছিল বাছখন।

16. শিৱসাগৰ বিজেপিৰ মহিলা মৰ্চাৰ জিলা সভানেত্ৰী ববী কাকতিৰ পদত্যাগ।
সামাজিক মাধ্যমযোগে পদত্যাগ ঘোষণা কৰে ববী কাকতিৰ।

17. গোৱালপাৰাৰ দলগোমাৰ মামুদপুৰত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ৭ টাকৈ গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
জুইত জাহ যায় কেইবা লাখ টকাৰ সা-সম্পত্তি।

18. ‘সংখ্যালঘুক টুপী পিন্ধোৱা দিন উকলিল।
সংখ্যালঘুক ধ্বংস কৰিছে কংগ্ৰেছে’।
কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ শ্বেৰমান আলী আহমেদ।

19. মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ।
৫ খনকৈ জিলাত চলা অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ ।

20. দেশৰ ৰে’লপথত পুনৰ অঘটন।
আগ্ৰা ষ্টেচনৰ সমীপত দপদপাই জ্বলি উঠে এখন চলন্ত ট্ৰেইন।
পাতাকূট এক্সপ্ৰেছত সংঘটিত হয় এই অগ্নিকাণ্ড।

 

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *