৮/ জনতা ভৱনত শীঘ্ৰেই নিৰ্মাণ হ’ব নতুন প্ৰেক্ষাগৃহ।
১০০০খন আসনযুক্ত হ’ব এই প্ৰেক্ষাগৃহ।
লোকসেৱা ভৱনত গ্ৰন্থ উন্মোচনী সভাত এই ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
৯/ ঝাৰখণ্ডৰ কংগ্ৰেছী সাংসদ ধীৰাজ চাহুৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান।
অভিযানত উদ্ধাৰ কৰে ৩০০ কোটি টকা।
ঘটনাক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপিৰ প্ৰতিবাদ।
বিশ্বনাথত জিলা বিজেপিৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদত বহে বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বহু গণ্য মান্য ব্যক্তিয়ে।
১৩/ উত্তৰ ইৰাকৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিদগ্ধ হৈ মৃত্যু হয় ১৪গৰাকী শিক্ষাৰ্থীৰ।
সংকটজনক অৱস্থাত ১৮ গৰাকী শিক্ষাৰ্থীক হাস্পতালত ভৰ্তি কৰোৱা হয়।
এৰবিলৰ চোৰেণ বিশ্ববিদ্যালয়ত সংঘটিত হয় এই ঘটনা।
১৪/ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ পুনৰ সন্ধানহীন অসমৰ যুৱক।
২ ডিচেম্বৰৰ পৰা সন্ধান নাই চিলাপথাৰৰ মাজগাঁৱৰ মহেন্দ্ৰ বৰা নামৰ লোকজনৰ।
২ ডিচেম্বৰত মহেন্দ্ৰ বৰাৰ সৈতে শেষ যোগাযোগ হৈছিল পৰিয়ালৰ লোকৰ।
৩০ নৱেম্বৰত কৰ্ম সংস্থাপনৰ বাবে ওলাই গৈছিল কেৰালালৈ ।
১৫/ মহানগৰীৰ হাতীগাঁৱত বিধ্বংসী অগ্নিকাণ্ড।
অজন্তা পথৰ এটা ভাড়াঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
জুইত ভস্মীভূত হয় সকলো সামগ্ৰী।
১৬/ কোকৰাঝাৰৰ মহেন্দ্রপুৰৰ গংগিয়া গাঁৱত বন্যহস্তীৰ আক্রমণ।
হাতীৰ আক্রমণত গুৰুতৰভাৱে আহত এজন খেতিয়ক।
নাম বিনোদ বসুমতাৰী।
পথাৰৰ পৰা গৰু আনিবলৈ যাওতে সংঘটিত হয় এই ঘটনা।
১৭/ বাইহাটা চাৰিআলিৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথত অঘটন।
ট্রাক চালকক আক্রমণ সুৰাসক্ত ট্রেভেলাৰৰ যাত্রীৰ।
গুৰুতৰভাৱে আহত হয় ট্রাক চালক।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।