Dr. Himanta Biswa Sarma

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam December 10/2023:-

1. ১০-১২-২০২৩ তাৰিখৰ পৰা ১০ জানুৱাৰীলৈ জজ ফিল্ডত গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ।
উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰু বহু গণ্যমান্য ব্যক্তিয়ে।

2. অসম আন্দোলনৰ শ্বহীদসকলক সোঁৱৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত পশ্চিম বৰাগাঁৱত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

3. শ্বহীদ স্মাৰক উদ্যান নিৰ্মাণৰ বাবে ৯৪ কোটিলৈ বাজেট বৃদ্ধি কৰিব বুলি সদৰী কৰে মন্ত্ৰী অতুল বৰাই।

4. নতুন দিল্লীত ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

5. অসম প্ৰদেশৰ উদ্যোগত গোলাঘাট জিলাৰ সৰুপথাৰৰ ৰামধেনু মুকলি প্ৰেক্ষাগৃহত আয়োজিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা৷
মন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্বহীদসকলক স্মৰণ কৰে৷

6. পুৰণিগুদামত কলিয়াবৰ জিলা বিজেপিৰ কাৰ্যালয় মুকলি কৰে মন্ত্ৰী পীযূষ হাজৰিকাই৷
উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তি।

7. ৰায়পুৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
বিজেপিৰ কাৰ্যালয়ত বৈঠকত মিলিত ছত্তিশগড়ৰ বিজেপিৰ পৰ্যৱেক্ষক অৰ্জুন মুণ্ডা, সৰ্বানন্দ সোণোৱাল, দুষ্যন্ত গৌতম আৰু ছত্তিশগড়ৰ বিজেপি প্ৰমুখ অৰ্জুন চাও।

8. আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন T20 মেচ।
ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা হয় মেচখন।

9. বিষ্ণু দেৱ সাই হ’ব ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।
বিধায়িনী দলৰ বৈঠকৰ অন্তত চূড়ান্ত নতুন মুখ্যমন্ত্ৰীৰ নাম।
ইয়াৰ উপৰি দুগৰাকীকৈ উপ-মুখ্যমন্ত্ৰী থাকিব নতুন চৰকাৰত।

10. শিৱসাগৰৰ জয়সাগৰত বিস্ফোৰণৰ শব্দক লৈ আতংক।
জয়সাগৰৰ CRPF শিবিৰৰ সমীপতে বিস্ফোৰণৰ শব্দ।
উৎস বিচাৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষক, নিৰাপত্তাৰক্ষী।

11. সোণাৰিৰ লংপতীয়া হাবিত হত্যাকাণ্ড।
শুকুৰমণি ঘাটোৱাৰ নামৰ এগৰাকী মহিলাক হত্যা।
অচিনাক্ত ব্যক্তিয়ে হত্যা কৰি মৃতদেহ পেলাই থৈ যায় পথাৰত।
মহিলাগৰাকীৰ বুকু আৰু ডিঙিত আঘাতৰ চিন স্পষ্ট।

12. বৰেলী-নাইনিটাল সংযোগী ঘাইপথত দুৰ্ঘটনা।
ব্যক্তিগত বাহন আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ।
অগ্নিদগ্ধ হৈ শিশুসহ একেটা পৰিয়ালৰ ৮ জনকৈ লোকৰ মৃত্যু হয়।

13. মহানগৰীৰ খানাপাৰাত বিধ্বংসী অগ্নিকাণ্ড।
দপদপাই জ্বলি উঠে এখন মালবাহী ট্ৰাক।
যান্ত্ৰিক বিজুতিৰ ফলত ট্ৰাকখন জ্বলাৰ সন্দেহ কৰা হয়।

14. ধেমাজিৰ চিলাপথাৰত ২০২৪ চনৰ ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৮ ফ্ৰেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব অসম ভিত্তিত ভাওনা সমাৰোহ।
মনিকাঞ্চন শিল্পী সমাজ চিলাপথাৰৰ উদ্যোগত আৰু বালিজান বৰ নামঘৰৰ সহযোগত আয়োজন কৰা ভাওনা সমাৰোহত ৬ টাকৈ দলক নগদ ধনেৰে কৰা হ’ব পুৰস্কৃত৷
7002633421 বা 8486258188 Whatsapp নম্বৰত যোগাযোগ কৰি আপুনিও অংশগ্ৰহণ কৰিব পাৰিব এই প্ৰতিযোগিতাত৷

15. নাজিৰা লিগিৰীপুখুৰীত সদৌ অসম ভাওনা সমাৰোহ-২০২৪ৰ লাইখুঁটা স্থাপন।
কপিধ্বজৰ উদ্যোগত আঠদিনীয়াকৈ নাজিৰা লিগিৰীপুখুৰীত সদৌ অসম ভাওনা সমাৰোহৰ আয়োজন কৰা হব।
২ জানুৱাৰী পৰা ৯ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া সমাৰোহত ১৪টা দলে অংশগ্ৰহণ কৰিব৷

16. চন্দ্ৰপুৰৰ পানবাৰীত মালবাহী ৰে’ল লাইনচ্যুত৷
ৰে’লপথৰ পৰা বাগৰি পৰে দুটাকৈ ডবা।
বন্ধ হৈ পৰে উজনিমুৱা সকলো ৰেলৰ চলাচল।

17. লখিমপুৰৰ ৰাজপথত দাওদাওকৈ জ্বলে এখন এম্বুলেঞ্চ৷
লখিমপুৰৰ বাইপাছত সংঘটিত এই ঘটনা৷
পথত ৰখাই চালকে চাহ খাবলৈ যাওঁতেই হঠাৎ জ্বলি উঠে বাহনখন।

18. উত্তৰ প্ৰদেশৰ বেৰেলি-নাইনিতাল হাইৱেত ভয়ংকৰ দুৰ্ঘটনা।
ট্ৰাকৰ সৈতে সংঘৰ্ষৰ পিছতে জ্বলি উঠে চাৰি চকীয়া বাহন।
গাড়ীৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে শিশুসহ ৮ জনকৈ লোকে।

19. কামৰূপ-নলবাৰী জিলাৰ সীমামূৰীয়া নোনাপাৰত অঘটন।
২৭নং ৰাষ্ট্রীয় ঘাইপথত দপদপকৈ জ্বলি উঠে এখন বাহন।
কথমপি প্রাণৰক্ষা শিশু-মহিলাসহ ৬গৰাকী আৰোহীৰ।
যান্ত্রিক বিজুতিৰ ফলত বাহনখন বিস্ফোৰিত হোৱাৰ সন্দেহ কৰা হয়।

20. ‘গৌৰৱ গগৈ পলৰীয়া’ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কঠিয়াতলী ৰেংবেং খেলপথাৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰিকাই ।

 

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *