হিন্দু ধৰ্মীয় ৰীতি নীতিৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন।
সমগ্ৰ দেশবাসীৰ বাবে আজি এক ঐতিহাসিক দিন।
দীঘলীয়া অপেক্ষাৰ অন্তত
আজি পৰম আৰাধ্য প্ৰভু শ্ৰীৰামৰ জন্মভূমি অযোধ্যাত বৈদিক ৰীতি-নীতিৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল।
কোটি কোটি জনতাৰ শ’ শ’ বছৰ প্ৰতিক্ষাৰ অন্তত স্থায়ী ঠিকনা পালে ৰামলালাই।
২০০ কুইণ্টল ফুলেৰে সজোৱা হয় ৰাম মন্দিৰ।
উত্তৰ প্ৰদেশৰ অযোধ্যাৰ লগতে দেশৰ চৌদিশে ৰামময় পৰিবেশে বিৰাজ কৰে।
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি সজাই পৰাই তোলা হয় অসমৰ সমূহ মঠ মন্দিৰ।
প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি ৰামনগৰী অযোধ্যাত প্ৰতিফলিত হয়।
দেশৰ চুকে-কোণে গুঞ্জৰিত হয় ‘জয়শ্ৰী ৰাম’ৰ ধ্বনি।
বিভিন্ন প্ৰান্তত বিজয় উল্লাস, ধৰ্মীয় শোভাযাত্ৰা, মঠ-মন্দিৰ সমূহতো স্বচ্ছতা কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
শদিয়াৰ পৰা ধুবুৰীলৈ সত্ৰ নামঘৰত কেৱল ৰাম বন্দনা।
প্ৰান্তে প্ৰান্তে ভাগৱত পাঠৰ অনুষ্ঠান।
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত উপস্থিত থাকে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, বলিউডৰ কেইগৰাকী অভিনেতা অভিনেত্ৰী, ক্ৰীড়াবিদ, উদ্যোগপতি, ৰাজনীতিবিদ, অসমৰ বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰৰ লগতে হাজাৰ হাজাৰ ভক্তগন।
উল্লেখযোগ্য যে, ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ গৌৰৱময় ক্ষণত এগৰাকী অসম সন্তানৰ কথা নকলে আমাৰ এই প্ৰতিবেদন আধৰুৱা হৈ ৰ’ব।
ৰাম মন্দিৰ প্ৰতিষ্ঠা আঁৰৰ অন্যতম ব্যক্তি গৰাকী হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ।
অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ যাওঁতে সন্মুখীন হোৱা আইনী প্ৰক্ৰিয়া এইগৰাকী অসমী আইৰ সু-যোগ্য সন্তান তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নিৰপক্ষ বিচাৰৰ বাবে দীৰ্ঘ সময় ধৰি ন্যায়ালয়ৰ মজিয়াত চলি থকা ৰাম মন্দিৰ গোচৰ প্ৰক্ৰিয়া নিষ্পত্তিৰ অন্ত পৰে।
৫০০ বছৰীয়া এক দীঘলীয়া সংগ্ৰামৰ অন্ত পেলাই ৰাম মন্দিৰ নিৰ্মাণ পক্ষত ৰায় দান কৰে।
যাৰ ফলত আজি অয়োধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ বাট মুকলি হয়।
ভগৱান শ্ৰী ৰামৰ আশীৰ্বাদে সনাতনী ভাৰতক পূৰ্বৰ দৰে সত্য আৰু ন্যায়ৰ পথ দেখুৱাই যাওঁক তাৰে কামনা কৰিলোঁ।
জয়শ্ৰী ৰাম!
Sangita Dutta Editor in Chief Rnewsindia24.com