12. মহানগৰীত গণৰাজ্য দিৱস উপলক্ষ্যে বিজেপিৰ স্বচ্ছ ভাৰত অভিযান৷
আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ সন্মুখত এই কাৰ্যসূচী ৰূপায়ন কৰে।
উপস্থিত থাকে মন্ত্ৰী পীযূষ হাজৰিকা, মেয়ৰ মৃগেন শৰণীয়া আৰু বহু ব্যক্তি।
13. উত্তৰ প্ৰদেশৰ মুজফ্ফৰনগৰত ভয়ংকৰ ঘটনা।
আতচবাজীৰ বিস্ফোৰণত অট্টালিকাৰ এটা মহলা সম্পূৰ্ণ ধ্বংস।
বাসগৃহৰ ভিতৰতে দুজন কিশোৰৰ মৃত্যু হয় আৰু এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
14. মণিপুৰত প্ৰায় ১৫ কোটি টকাৰ ড্ৰাগছ জব্দ৷
এখন বলেৰ’ বাহনৰ পৰা জব্দ কৰে ১ কিলো ৬৫০ গ্ৰাম হেৰ’ইন।
17. গোৱালপাৰাৰ ডুবাপাৰাৰ পাহাৰসিংপাৰাত শোকাৱহ ঘটনা৷
মাটিৰ দ’ম খহি এটি ১ বছৰীয়া শিশুৰ মৃত্যু হয়।
ইটাভাটাৰ কাৰণে মজুত কৰি ৰখা হৈছিল মাটি৷
ইটাভাটাটোৰ স্বত্বাধিকাৰী গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলম৷
কেইবাটাও শিশু খেলি থকা অৱস্থাতে এই ঘটনা সংঘটিত হয়।
18. আমেৰিকাত পুনৰ নৰসংহ হত্যাকাণ্ড।
ছিকাগোত গুলীয়াই ৭জন লোকক হত্যা কৰে দুৰ্বৃত্তই।
মৃত ৭ জন লোক একেটা পৰিয়ালৰ সদস্য৷
ছিকাগোৰ ২টা ভিন্ন স্থানত উদ্ধাৰ হয় মৃতদেহকেইটা৷
20. মিজোৰামত বিমান দুৰ্ঘটনাগ্রস্ত।
ভূপতিত হ’ল ম্যানমাৰ সেনাৰ বিমান।
মিজোৰামৰ লেংপুইত সংঘটিত হয় এই ঘটনা।
গুৰুতৰভাৱে আহত হয় ৬ জনকৈ লোক।
পাইলটসহ ১৪ জন লোক আছিল বিমান খনত।