৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam, Jan 24 / 2024:-
1. মাৰ্চ মাহ পৰ্যন্ত কোনো মন্ত্ৰীকে ৰাম মন্দিৰ দৰ্শনৰ বাবে নাযাবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
2. নাজিৰাত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান।
উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্য মান্য ব্যক্তি।
৭,১৫০ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
3. দুৰ্ঘটনাত পতিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাহন।
দুৰ্ঘটনাত মূৰত আঘাত পাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
বৰ্ধমানৰ পৰা কলকাতালৈ উভতি অহাৰ পথতে সংঘটিত হয় দুৰ্ঘটনা।
পশ্চিমবংগত TMC-এ অকলে খেলিব লোকসভা নিৰ্বাচন।
ঘোষণা কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
4. কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে বশিষ্ঠ থানাত 55/24 নং গোচৰ ৰুজু মহানগৰ আৰক্ষীৰ।
PDPP আইনৰ অধীনত 120(B)/143/147/188/283/353/332/333/427 ধাৰাত গোচৰ ।
নিৰ্দেশ নমনা, বেৰিকেড ভঙা, অনুমতিৰ চৰ্ত উলংঘা, নিৰাপত্তাৰক্ষীক বাধা, চৰকাৰী কৰ্মচাৰীক আক্ৰমণৰ অভিযোগ।
5. ২০২৩ বৰ্ষৰ ভাৰত ৰত্ন বঁটা ঘোষণা।
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পুৰী ঠাকুৰলৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা প্ৰদান কৰা হৈছে।
6. ‘ৰাহুল গান্ধীৰ যাত্ৰা এয়া অন্যায়ৰ যাত্ৰা, ফ্লপ যাত্ৰা’।
অসমত কংগ্ৰেছৰ একো লাভ নহয়।
ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক কটাক্ষ মন্ত্ৰী পীযূষ হাজৰিকাৰ।
7. ওদালগুৰিৰ ওৰাঙত
বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠান।
উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু বহু গণ্যমান্য ব্যক্তি।
8. IPS বিষয়া শংকৰব্ৰত ৰায়মেধিলৈ NIAৰ ৰূপৰ পদক।
২৬ জানুৱাৰীত নতুন দিল্লীত প্ৰদান কৰা হ’ব এই পদক।
ISISৰ বিৰুদ্ধে সফল অভিযান চলোৱাৰ বাবেই এই সন্মান আগবঢ়োৱা হয়।
NIAৰ সঞ্চালকপ্ৰধানে প্ৰদান কৰিব এই পদক।
NIAৰ সঞ্চালকপ্ৰধানৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া IPS শংকৰব্ৰত ৰায়মেধি।
9. ৰাজ্যত ৩৫,০০০ খালী পদত শীঘ্ৰেই হ’ব নিযুক্তি।
জুন-জুলাইত অনুষ্ঠিত হ’ব ৩য়-৪ৰ্থ বৰ্গৰ পৰীক্ষা।
ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
10. অসম সন্তান ৰিয়ান পৰাগলৈ BCCIৰ বঁটা।
ৰিয়ান পৰাগলৈ আগবঢ়োৱা হৈছে ২০২২-২৩ বৰ্ষৰ ‘লালা অমৰনাথ বঁটা’।
২০২২-২৩ চনত বেটিং-বলিঙেৰে দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল ৰিয়ানে।
11. জলসিঞ্চন বিভাগৰ উদ্যোগত বিশেষ কৰ্মশালা।
কৃষি উন্নয়নৰ বাবে জলসিঞ্চন খণ্ডত উদ্ভাৱনী শীৰ্ষক কৰ্মশালা।
বশিষ্ঠস্থিত অসম জলকেন্দ্ৰত অনুষ্ঠিত হয় এই কৰ্মশালা।
কৰ্মশালাত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
12. ৰাছিয়াৰ বেলগোৰোডত ৰাছিয়ান সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত।
দুৰ্ঘটনাত নিহত হয় প্ৰায় ৬৫জন লোক ।
13. চীনৰ ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ৩৯ গৰাকী লোকৰ মৃত্যু হয়।
দক্ষিণ জিয়াংচি প্ৰান্তত সংটিত হয় এই অঘটন।
একাংশ ব্যৱসায়ীক প্ৰতিষ্ঠানত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
জুই নিৰ্বাপণৰ পূৰ্বে ভস্মীভূত হয় বহু সা-সম্পত্তি।
14. মঙলদৈৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা।
স্কুটাৰ-ট্ৰাকৰ সংঘৰ্ষত থিতাতে নিহত হয় মাতৃ-পুত্ৰৰ।
জুৰি বৰুৱা শইকীয়া আৰু পৰাগজ্যোতি শইকীয়া।
15. মহানগৰীৰ নালাপাৰাত ১০ কোটি টকাৰ গাঞ্জা জব্দ।
STFৰ অভিযানত জব্দ কৰে কেইবা বস্তা গাঞ্জা।
জব্দ কৰা গাঞ্জাখিনিৰ ওজন প্ৰায় ৪ হাজাৰ কিলোগ্ৰাম।
16. গুৱাহাটী ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ সোণ জব্দ।
নৰ্থ ইষ্ট এক্সপ্ৰেছৰ পৰা জব্দ কৰে ৩ কেজি ১০ গ্ৰাম সোণ।
১৮ খন সোণৰ বিস্কুট জব্দ কৰে GRP-এ।
এজন সৰবৰাহকাৰীক আটক কৰে GRPএ।
17. সোণাৰিত ৰে’লৱেক প্ৰৱঞ্চনাৰ অভিযোগত আটক কৰা হয় দুই যুৱকক।
শিমলুগুৰি ৰে’ল আৰক্ষীয়ে আটক কৰে ৰিকি দাস আৰু পিণ্টু দত্তক।
প্ৰৱঞ্চনাৰে ৰে’লৰ টিকট বিক্ৰী কৰাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে।
18. গুৱাহাটীৰ অম্বিকাগিৰী নগৰত বিধ্বংসী অগ্নিকাণ্ড।
দপদপাই জ্বলি উঠে এটা বাসগৃহ।
ত্ৰিবেণী পথৰ হাউছ নং ৬৪ত অগ্নিকাণ্ড সংঘটিত হয়।
19. ৰাজ্যত অব্যাহত চোৰাং বেহা।
ফকিৰগঞ্জ আৰক্ষীয়ে জব্দ কৰে ৪৯টা চোৰাং গৰু।
কুঁৱলীৰ সুযোগত পলাই গো–সৰবৰাহকাৰী দল।
20. জামুগুৰিহাটৰ ইটাখোলাত অগ্নিকাণ্ড।
জুইত সম্পূৰ্ণৰূপে জাহ যায় এটা বাসগৃহ।
গাঁওখনৰ ৰীতা শ্বাহৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।
ভস্মীভূত হয় লক্ষাধিক টকাৰ সা-সম্পত্তি।
Sangita Dutta Editor in Chief Rnewsindia24.com