৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam February 19/2024:-
1. ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াক সাক্ষাৎ কৰে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে।
2. সৰুসজাইত অনুষ্ঠিত হয় ‘খেলো ইণ্ডিয়া’ৰ উদ্বোধনী অনুষ্ঠান৷
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰকে ধৰি কেইবাগৰাকী মন্ত্ৰী বিধায়কৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকিব।
3. পুনৰ কেজৰিৱালক হাজিৰ হোৱাৰ নিৰ্দেশ EDৰ৷
EDৰ ওচৰত হাজিৰ হোৱাৰ সম্ভাৱনা নাই অৰবিন্দ কেজৰিৱালৰ৷
সুৰানীতি কেলেংকাৰী সন্দৰ্ভত জাৰি কৰে এই চমন৷
4. নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত একনাম অখণ্ড কীৰ্তনৰ আজি তৃতীয়টো দিন৷
নসত্ৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷
5. কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কে চি বেনুগোপাল, জিতেন্দ্ৰ সিং, ভূপেন বৰা, গৌৰৱ গগৈ,জাকিৰ হুছেইন শিকদাৰ, ৰমেন কুমাৰ শৰ্মা, দেৱব্ৰত শইকীয়ালৈ CIDৰ চমন৷
ন্যায় যাত্ৰাৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ গোচৰত জাৰি কৰা হয় চমন৷
২৩ ফেব্ৰুৱাৰীত উলুবাৰীৰ CID কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ৷
দিনৰ ১১.৩০ বজাত হাজিৰ হ’ব লাগিব আটাইকেইগৰাকী নেতা৷
6. মহানগৰীৰ ৰাজপথত দিব্যাংগৰ প্ৰতিবাদ।
দিব্যাংগ মঞ্চ অসমৰ উদ্যোগত জনতা ভৱনৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দিব্যাংগই৷
7. মহানগৰীত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ।
কামাখ্যা মন্দিৰৰ সমীপতে ব্ৰহ্মপুত্ৰত উদ্ধাৰ হয় মৃতদেহটো।
মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে।
8. বিশ্বনাথত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদী কাৰ্যসূচী।
প্ৰাপ্য অধিকাৰৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ৷
ভিন্ন দাবীৰে শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মী-সহায়িকা সকলে।
9. তেজপুৰৰ মিছন চাৰিআলিত অগ্নিকাণ্ড৷
মৰাপাটভৰ্তি চলন্ত ট্ৰাকত লাগে জুই৷
ৰাজপথতে হঠাৎ জ্বলি উঠে চলন্ত ট্ৰাকখন৷
উৰণসেতুত চলি থকা ৱেল্ডিঙৰ ফিৰিঙতিৰ পৰা জুইৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰা হয়।
10. আইজলৰ বাংকাউ অঞ্চলত জব্দ নিচাযুক্ত টেবলেট৷
জব্দকৃত টেবলেটখিনিৰ ওজন ১৭ কিলোগ্ৰামৰ আৰু বজাৰমূল্য ৪০ কোটি টকাৰো অধিক৷
প্ৰায় এক লাখ সত্তৰ হাজাৰ নিচাযুক্ত মেথামফেটামাইন টেবলেট জব্দ কৰে।
আবকাৰী আৰু নাৰ্ক’টিক বিভাগৰ অভিযানত জব্দ কৰা হয় টেবলেটখিনি৷
লগতে ম্যানমাৰৰ ৰবাৰ্ট নামৰ এজন সৰবৰাহকাৰীক আটক৷
11. পিতৃ-মাতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ বিশেষ ছুটীত অনুমতি ৰাজ্যপালৰ।
৬ আৰু ৮ নৱেম্বৰত পিতৃ-মাতৃ বন্দনা আঁচনিৰ অধীনত লাভ কৰিব এই বিশেষ ছুটী।
12. কাছাৰৰ কাশীপুৰত অঘটন।
মাটি খান্দিবলৈ যাওঁতে টিলাৰ মাটি খহি মৃত্যু হয় JCBৰ চালক।
মৃত লোকজনৰ নাম জাহাংগীৰ আলম লস্কৰ। ঘৰ কাছাৰৰ জয়পুৰত।
13. ভাৰতীয় সেনাৰ উপ-প্ৰধান হিচাপে যোগদান কৰে লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী এ।
ইয়াৰ পূৰ্বে নৰ্থান কমাণ্ডৰ ইন-চীফ আছিল দ্বিবেদী।
14. ছিপাঝাৰত মেট্ৰিক পৰীক্ষাৰ্থীৰ মৃত্যুত শোকৰ ছাঁ৷
GMCHত শেষ নিশ্বাস ত্যাগ অনন্যা বৰুৱাৰ৷
ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল অনন্যা৷
পৰীক্ষাৰ প্ৰথমদিনাই পৰীক্ষাগৃহত মূৰ্ছা গৈছিল ছাত্ৰীগৰাকী৷
15. দ্বিতীয় দিনাও হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিসংগতি৷
সমাজ বিজ্ঞানৰ সলনি প্ৰশ্নকাকত আহে সাধাৰণ বিজ্ঞানৰ৷
কোকৰাঝাৰ ডি এন হিম্মৎসিংকাৰ হাইস্কুলত সংঘটিত হয় এই ঘটনা।
16. নগাঁৱত মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কৃত হয় এজন ছাত্ৰ৷
ধিঙৰ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হয় এই ঘটনা৷
পৰীক্ষা কেন্দ্রটোৰ এজন নিৰীক্ষকে যোগান ধৰিছিল নকল৷
নকল যোগান ধৰা শিক্ষকজনৰ নাম ইকবাল হুছেইন ওৰফে জনতা মাষ্টৰ৷
ইকবাল হুছেইনৰ বিৰুদ্ধে ২০-৩০ হাজাৰ টকাকৈ ধন লোৱাৰ অভিযোগ উত্থাপিত হয়।
17. ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ অভিযান৷
১০ গ্ৰাম হেৰ’ইনসহ আটক কৰে সৰবৰাহকাৰীটোক৷
কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম নুৰুল আমিন।
18. নাৰায়ণপুৰত লোমহৰ্ষক হত্যাকাণ্ড৷
৭ মহীয়া কন্যাশিশুক ডিঙি চেপি হত্যা কৰে পেহাকে৷
হত্যাকাৰী পংকজ দত্তক গ্ৰেপ্তাৰ কৰে শিমলুগুৰি আৰক্ষীয়ে।
জুতুলীবাৰী বালিপথাৰত সংঘটিত হয় এই নৃশংস ঘটনা।
19. জি এছ ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা৷
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ৰেলিং ভাঙি গছত খুন্দা মাৰে বাহনে৷
কথমপি প্ৰাণ ৰক্ষা পৰে এজন পথচাৰীৰ৷
বাহনখনত আছিল নিচাসক্ত দুই গৰাকী যুৱক-যুৱতী৷
20. বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ সামৰণি।
মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কনিষ্ঠ প্ৰফেছৰ সুবৰ্ণ আইজাক বাৰীয়ে।
Sangita Dutta Editor in Chief Rnewsindia24.com