১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
-
Rnewsindia24.com Assam 9 March 2024:-
-
1. যোৰহাটৰ হোলোঙাপাৰত বীৰ লাচিতৰ ১২৫ ফুট উচ্চতাৰ সুউচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
পুৱা “কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান” পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
-
আনহাতে, মেলেঙত বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
১৮ হাজাৰ কোটিৰো অধিক টকাৰ প্ৰকল্প শুভাৰম্ভ আৰু শিলান্যাস কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
PMAYৰ ৫,৫৫,৫৫৫টা গৃহ ভাৰ্চুৱেলী উন্মোচন কৰে মোদীয়ে।
জনসভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক, বহু গণ্য মান্য ব্যক্তিৰ লগতে ২/৩ লক্ষাধিক ৰাইজ।
-
2. অৰুণাচল প্ৰদেশত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
ছেলা সুৰংগ মুকলি কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
৬৯৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ ১১.৩১৫ কিঃমিঃ দৈৰ্ঘ্য সুৰংগটো৷
শত্ৰুক ৰুধিবলৈ কামেং সীমান্তত নিৰ্মাণ কৰা হৈছে এই অত্যাধুনিক সুৰংগ।
পশ্চিম কামেঙৰ বৈশাখীত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মোদীয়ে।
-
3. শ্বিলঙত মুখ্যমন্ত্ৰী কৰনাড চাংমাৰ স্বচ্ছতা অভিযান।
শ্বিলঙৰ ধানখেতি অঞ্চলত MyCity অভিযানৰ অধীনত স্বচ্ছতা আৰু ডাষ্টবিনৰ ব্যৱহাৰ সন্দৰ্ভত এই পদক্ষেপ গ্ৰহণ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰনাড চাংমাই।
-
4. শিৱসাগৰত মন্ত্ৰী বিমল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত৷
দুৰ্ঘটনাত আহত হয় ৩ গৰাকী আৰক্ষী জোৱান আৰু দুজন কাৰ্যকৰ্তা৷
প্ৰধানমন্ত্ৰীৰ সভালৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা৷
-
5. ১৪ মাৰ্চত বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
মুকলি কৰিব বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম ।
কাইলৈ পুৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি খতিয়ান ল’ব নিৰ্মাণ কাৰ্যৰ।
-
6. অৰুণাচলৰ বিজেপি বিধায়ক ফছুম খিমহুনৰ মৃত্যু৷
হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বিধায়কগৰাকী।
-
7. লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলৰ পদত্যাগ।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে গ্ৰহণ কৰে পদত্যাগ-পত্ৰ।
-
8. বিজেপিত যোগদান কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ পচৌৰীয়ে৷
মধ্যপ্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আছিল সুৰেশ পচৌৰী৷
-
9. ১৩ মাৰ্চত কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক।
কেবিনেটত সকলো মন্ত্ৰীক উপস্থিত থকাৰ নিৰ্দেশ।
-
10. অসম প্ৰদেশ কংগ্ৰেছৰ মহিলা সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত নিৰ্বাচনী প্ৰচাৰ অভিযান।
বিজেপি চৰকাৰৰ মিছা প্ৰতিশ্ৰুতিত ভুল নাযাবলৈ আহ্বান জনোৱাৰ লগতে ৰাইজক বিবেক ভোট প্ৰদানৰ আহ্বান জনাই গুৱাহাটী সমষ্টিৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মীৰা বৰঠাকুৰে।
-
11. ডিমা হাছাওত সৰস্বতী বিদ্যা মন্দিৰৰ শোকাৱহ দুৰ্ঘটনা।
শিক্ষকৰ বাহনৰ খুন্দাত নিহত হয় দুই ছাত্ৰী।
বিদ্যালয়খনৰ সন্মুখতে বাহনে খুন্দিয়াইছিল দুই ছাত্ৰীক।
নিহত ছাত্ৰী দুগৰাকীৰ নামৰ বিবালিচা থাওচেন, নাইচ্ৰিংদি লাবংডিচা।
-
12. মহানগৰীৰ ভিন্ন প্ৰান্তত চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
ভঙাগড় আৰক্ষীৰ জালত পৰে ৪টা গভাইত চোৰ।
চোৰ কেইটাৰ পৰা জব্দ কৰে দুখন চুৰি বিলাসী গাড়ী।
আটক কৰে আজিজুল আলী, জানিন উদ্দিন আলী, আমিৰ, ৰাজাক আলী।
-
13. ফটাশিল আমবাৰী আৰক্ষীৰ অভিযান।
অভিযানত গ্ৰেপ্তাৰ কৰে ৪টা বাইক চোৰ।
ধৃত চোৰকেইটা ৰেকিবুল হুছেইন, ছামহেদ আলী, জাকিৰ হুছেইন, বিপাল হুছেইন।
মহানগৰীৰ বহুকেইটা স্থানৰ পৰা চুৰি কৰিছিল বাইকসহ চাৰিচকীয়া বাহন।
-
14. মহানগৰীৰ ল’জত বাক্সাৰ যুৱকৰ ৰহস্যজনক মৃত্যু।
বশিষ্ঠৰ এখন হোটেলৰ পৰা উদ্ধাৰ কৰে মৃতদেহ।
মৃতদেহটো অজিত বড়ো বুলি চিনাক্ত কৰা হৈছে।
-
15. শিৱসাগৰৰ মেটেকা আমগুৰি গাঁৱত বিধংসী অগ্নিকাণ্ড।
ভস্মীভূত হয় লেপ-তুলী তৈয়াৰ কৰা এটা গুদাম।
ৰিয়াজ উদ্দিন আহমেদ নামৰ ব্যৱসায়ীজনৰ গুদাম ভস্মীভূত হয়।
-
16. ইংলেণ্ডত বাটাৰ চিকেন খাই এগৰাকী ব্যক্তিৰ মৃত্যু।
বাদামৰ বাবে হোৱা এলাৰ্জিৰ বাবে মৃত্যু হয় লোকজনৰ।
-
17. আমেৰিকাৰ টেক্সাছত হেলিকপ্টাৰ দুৰ্ঘটনা৷
দুৰ্ঘটনাত মৃত্যু হয় ২জন আৰু আহত হয় ১জন৷
মেক্সিকো সীমান্তৰ লা গ্ৰুলাত সংঘটিত হয় এই দুৰ্ঘটনা৷
হেলিকপ্টাৰখনত আছিল এজন গাৰ্ডছমেন, ৩জন ব’ৰ্ডাৰ পেট্ৰ’ল এজেণ্ট৷
-
18. ‘অসম উৎকৃষ্ট চাহ বাগিচাৰ বাবে পৰিচিত, আৰু অসমৰ চাহে সমগ্ৰ বিশ্বতে নিজৰ স্থান দখল কৰিছে।
কঠোৰ পৰিশ্ৰম কৰি সমগ্ৰ বিশ্বতে অসমৰ গৌৰৱ বৃদ্ধি কৰা উল্লেখনীয় চাহ বাগিচা সমাজখনক মই প্ৰশংসা কৰিছোঁ।
লগতে পৰ্যটকসকলক এই ৰাজ্য ভ্ৰমণৰ সময়ত চাহ বাগিচাসমূহ আৰু কাজিৰঙা পৰিদৰ্শন কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
-
19. ৰূপহীহাটৰ বুঢ়াচাপৰিত বন্যহস্তীৰ উপদ্ৰৱ।
হাতীৰ গছকত এজন লোকৰ মৃত্যু হয় ।
মৃত লোকজনৰ নাম সূৰ্য বাহাদুৰ বুৰাটকী।
-
20. মাজুলীত বিষক্ৰিয়াত আক্ৰান্ত।
শিৱপূজাৰ প্ৰসাদ খাই শিশুসহ ৭জন লোক বিষক্ৰিয়াত আক্ৰান্ত হৈছে।
মাজুলীৰ জম্বো চুকত সংঘটিত হয় এই ঘটনা।
Sangita Dutta Editor in Chief Rnewsindia24.com