ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ

ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ দেৱৰ জীৱনযাত্ৰাঃ

Spread the love

  • ৰাজেন্দ্ৰ প্ৰসাদ জন্ম হৈছিল ১৮৮৪ চনৰ ৩ ডিচেম্বৰ তাৰিখে বিহাৰৰ সাৰণ জিলাৰ জীৰাদেঈ গাঁৱত।

    তেওঁৰ পিতৃৰ নাম আছিল মুঞ্চি মহাদেউ সহায়।

    তেওঁলোক আছিল কায়স্থ পৰিয়ালৰ লোক।

    তেওঁলোকৰ পূৰ্বপুৰুষ উত্তৰ প্ৰদেশৰ আছিল।

  • তেওঁ ১৩ বছৰ বয়সতে ৰাজবংশী দেৱীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।

    তেওঁলোকৰ পৰিয়ালে পৰ্দা প্ৰথা বৰকৈ মানি চলিছিল।

    তেওঁৰ ২৩ বছৰ বয়সত পিতৃৰ মৃত্যু হয়।

  • তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী, সাহিত্যিক, সাংবাদিক আছিল।

    তেওঁ চাৰ্চলাইট নামৰ এখন ইংৰাজী কাকত আৰু দেশ নামৰ এখন হিন্দী কাকত প্ৰতিষ্ঠা কৰিছিল।

  • ৰাজেন্দ্ৰ প্ৰসাদে প্ৰাথমিক শিক্ষা এজন মৌলবীৰ তত্ত্বাবধানত ঘৰত লাভ কৰিছিল।

    তেওঁ উৰ্দু আৰু পাৰ্চী ভাষা ঘৰতে পঢ়ি আয়ত্ত কৰিছিল।

    সৰ্ম্পূন ৯ বছৰ বয়সতহে তেওঁক বিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।

    ৰাজেন্দ্ৰ প্ৰসাদ কোনো পৰীক্ষাতে প্ৰথমৰ বাহিৰে দ্বিতীয় স্থান পোৱা নাছিল।

    ১৯০২ চনত সুখ্যাতিৰে এণ্ট্ৰেস পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কলিকতাৰ প্ৰেছিডেন্সী কলেজত ভৰ্তি হয়।

    প্ৰেছিডেন্সী কলেজৰ পৰা তেওঁ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম বিভাগৰ প্ৰথম স্থানত উত্তীৰ্ণ হয়।

    তেওঁৰ নিষ্ঠা আৰু চৰম ত্যাগৰ দেশ সেৱাৰ বাবে ১৯৬২ চনত ভাৰত চৰকাৰে তেওঁক ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল।

    এলাহাবাদ বিশ্ববিদ্যালয়ে এল-এল-ডি উপাধিৰে সন্মানীত কৰিছিল।

    পাটনা, কাশী আৰু আগ্ৰা বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধি প্ৰদান কৰিছিল ।

  • কৰ্মজীৱনৰ পাতনি মেলিছিল ১৯৪৬ চনত তেওঁ জৱাহৰলাল নেহেৰুৰ অন্তৰ্বৰ্তী কালিন চৰকাৰৰ খাদ্য আৰু কৃষি দপ্তৰৰ মন্ত্ৰী ৰূপে নিযুক্ত হৈ।

  • ১৯৫০ চনৰ ২৬ জানুৱাৰীত তেওঁ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় ।

    ১৯৫২ আৰু ১৯৫৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছতো তেৱেঁ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল।

    তেওঁক শপত বাক্য পাঠ কৰোৱায় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধিপতি হৰিলাল কানায়ায়ে।

    ১৯৬২ চনৰ ১২ মে তাৰিখলৈ তেওঁ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত আছিল।

  • তেওঁ ৰাষ্ট্ৰপতি পদত থকা কালচোৱাত ৰাষ্ট্ৰপতি হিচাপে প্ৰথম তিনি বছৰৰ সম্পূৰ্ণ বেতন ১০,০০০ হাজাৰ টকা, পিছত ১৯৫৩ চনৰ পৰা পাঁচ হাজাৰকৈ আৰু ১৯৫৭ চনৰ পৰা আঢ়ৈ হাজাকৈ দৰমহা গ্ৰহণ কৰিছিল।

  • ১৯১৭ চনত গান্ধীজীয়ে বিহাৰৰ নীল খেতিয়কসকলক চাহাবৰ অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিবলৈ চলোৱা বিহাৰৰ চম্পাৰণ সত্যাগ্ৰহৰ সময়ৰ পৰা গান্ধীৰ লগত তেওঁৰ সম্পৰ্ক গঢ়ি উঠে আৰু সত্যাগ্ৰহ আন্দোলনেই তেওঁৰ জীৱনলৈ বৈপ্লৱিক পৰিবৰ্তন আনে।

    ছাত্ৰ অৱস্থাতে তেওঁ ৰাজনৈতিক দল এটাৰ দ্বাৰা স্থাপিত ডন নাম সংঘ এটাৰ লগত জড়িত হৈছিল।

  • ১৯১১ চনত তেওঁ কলিকতাত বহা কংগ্ৰেছ অধিবেশনত আনুষ্ঠানিকভাবে যোগদান কৰে।

    নিখিল ভাৰতীয় কংগ্ৰেছ কমিটীলৈ তেওঁ নিৰ্বাচিত হয়।

    ১৯১১ চনতে তেওঁ আইনজীৱী খান বাহাদুৰ হুদাৰ তলত “আষ্ঠীকল ক্লাৰ্ক” হিচাপে আইন ব্যৱসায় আৰম্ভ কৰে আৰু আদালতত প্ৰথমবাৰ উপস্থিত হৈয়ে ন্যায়াধীশ চাৰ আশুতোষ মুখাৰ্জীক অভিভূত কৰি আইন কলেজত প্ৰবক্তাৰ পদত নিযুক্তি পায়।

    ১৯১১ চনৰ পা ১৯১৬ চনলৈ কলিকতা উচ্চ ন্যায়ালয়ত আৰু ১৯১৬ চনৰ পৰা ১৯২০ চনলৈ পাটনা উচ্চ ন্যায়ালয়ত তেওঁ ওকালতি কৰিছিল।

    কলিকতাত ওকালতি কৰি থকা কালছোৱাতে তেওঁ গোপালকৃষ্ণ গোখলেৰ সম্পৰ্কলৈ অহাৰ সুযোগ পাইছিল।

  • ১৯২০ চনত শেষলৈ তেওঁ তিনিহাজাৰ টকা উপাৰ্জন কৰা ওকালতি ব্যৱসায় বাদ দি তেওঁ স্বাধীনতা আন্দোলনত যোগদান কৰিবলৈ ওলাই আহিছিল।

  • তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চন অসহযোগ আন্দোলন, ১৯৩২ চন আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰাৰ কাৰণে কেইবাবাৰো কাৰাবৰণো খাটিছিল।

    তেওঁ ভাৰতীয় কংগ্ৰছৰ সাধাৰণ সম্পাদক পদ, কাৰ্যকৰী কমিটীৰ সদস্য বিহাৰ প্ৰাদেশিক কংগ্ৰছ কমিটীৰো সভাপতি আছিল।

  • ১৯৩২, ১৯৩৫, ১৯৩৮, আৰু ১৯৪৭ চনত অনুষ্ঠিত হোৱা ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ তেওঁ সভাপতি নিৰ্বাচিত হৈছিল।

  • ১৯৩৪ চনত প্ৰলয়ংকাৰী ভূমিকম্পই বিহাৰৰ ৰাইজৰ ক্ষতিসাধন কৰা সময়ত তেওঁ ৰুগীয়া শৰীৰেৰে ৰাইজৰ মাজত উপস্থিত হৈ ধান, চাউল, আটা আদিৰ উপৰিও টকা-পইচা সংগ্ৰহ কৰি মানুহৰ ঘৰে ঘৰে গৈ নিজে সেইবোৰ বিতৰণ কৰি ঘূৰি ফুৰিছিল।

    ৰাজেন্দ্ৰ প্ৰসাদৰ জীৱনৰ শান্তিৰ আলয় আছিল সত্যৰ ভূমি সদাকত আশ্ৰম।

    তাতেই তেওঁ কেন্দ্ৰীয় চৰকাৰৰ “খাদ্য মন্ত্ৰী” আৰু গণ-পৰিষদৰ সভাপতি হোৱাৰ আগৰ সময়ছোৱালৈ অতিবাহিত কৰিছিল।

    ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লৈ জীৱনৰ বাকীছোৱা কালো তেওঁ এই আশ্ৰমতে পৰম শান্তিৰে যোগীৰ জীৱন অতিবাহিত কৰিছিল।

    ১৯২৯ চনত তেওঁ ইংলেণ্ডলৈ যাত্ৰা কৰে আৰু ইউৰোপ মহাদেশৰ নানা ঠাই ভ্ৰমণ কৰিছিল।

  • তেখেতৰ গ্ৰন্থসমূহ হৈছে – ভাৰতীয় শিক্ষা,

    পাকিস্থান সত্যাগ্ৰহ ইন চম্পাৰাণ, কনষ্ট্ৰাকটিভ প্ৰগ্ৰাম, খণ্ডিত ভাৰত, শিক্ষা আৰু সংস্কৃতি, আত্মকথা আৰু বাপুকে কদমোঁ মেঁ।

  • ১৯৬৩ চনৰ ২৮ ফেব্ৰুৱাৰীত সদাকত আশ্ৰমত মৃত্যু হয়।

  • তেখেতৰ ব্যক্তিত্ব আৰু অন্যন্য কৰ্মৰাজীয়ে নৱ প্ৰজন্মক সদায়ে অনুপ্ৰাণিত কৰিব আৰু চিৰস্মৰণীয় হৈ থাকিব।

  • এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানিব থাকিবৰ বাবে নিয়মীয়াকৈ Visit কৰক Rnewsindia24.com

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *