Ratan Tata

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

 

Rnewsindia24.com Assam 20 March 2024:-

1. মুম্বাইত বিশিষ্ট ঔদ্যোগপতি ৰতন টাটাক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালে।
অসমত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে ২৭০০০ কোটি টকা বিনিয়োগ কৰে টাটা গ্ৰুপে।

2. আগন্তুক লোকসভা নিৰ্বাচনত EVMৰ পৰা NOTAৰ ব্যৱস্থা নোহোৱা কৰিবলৈ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰে বিধায়ক অতুল বৰাই।

3. আজি তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ।
নৱগঠিত মাকুম বিধানসভা সমষ্টিত কাৰ্যকর্তাৰে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

4. EDৰ চমনক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।
দিল্লী উচ্চ ন্যায়ালয়ত কেজৰিৱালৰ আবেদনৰ শুনানি।
কেজৰিৱালৰ আবেদনৰ প্ৰতি EDক গুৰুত্ব দিবলৈ নিৰ্দেশ HCৰ।
পুনৰ ২২ এপ্ৰিলত শুনানিৰ দিন ধাৰ্য উচ্চ ন্যায়ালয়ৰ।

5. অপৰাধমূলক ঘটনাৰ তদন্তৰ ক্ষেত্ৰত অসম আৰক্ষীত কেতবোৰ নতুন সিদ্ধান্ত।
এতিয়াৰে পৰা UBৰ ASI-এ কৰিব অপৰাধমূলক ঘটনাৰ তদন্ত।
লেন্সনায়ক, নায়ক ৰেংকৰ আৰক্ষীয়েও কৰিব পাৰিব অপৰাধমূলক ঘটনাৰ তদন্ত।
বিগত বৰ্ষৰ জুলাইত হৈছিল SPৰ সন্মিলন।

6. নতুন দিল্লীত উপস্থিত কংগ্ৰেছৰ সদ্যপদত্যাগী সাংসদ আব্দুল খালেক।
কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰে আব্দুল খালেকে।

7. অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ দুলু আহমেদৰ।
অজাপৰ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে দুলু আহমেদে।

8. মহানগৰীৰ যোৰাবাট আৰক্ষী চকীৰ ASI মতলেব আলীক ৰিজাৰ্ভ ক্ল’জ।
মহানগৰ আৰক্ষীৰ বিভাগীয় তদন্তৰ আওতাত ASI মতলেব আলী।
প্ৰশাসনিক কাৰণত এই জৰুৰী নিৰ্দেশনা মহানগৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ।
কৰ্তব্যৰ গাফিলতিকে ধৰি বহুকেইটা অভিযোগ মতলেব আলীৰ বিৰুদ্ধে।

9. ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী।
জিতেন্দ্ৰ সিং, ভূপেন বৰা, দেৱব্ৰত শইকীয়াৰ উপস্থিতত বহু কেইগৰাকী ব্যক্তিয়ে কংগ্ৰেছত যোগদান কৰে।

10. লংকাৰ পৰা অযোধ্যালৈ যোৱা ৫০ জনীয়া তীৰ্থযাত্ৰীৰ দলৰ পৰা নিৰুদ্দেশ এগৰাকী ৮০ বছৰীয়া বৃদ্ধ।
নিৰুদ্দিষ্ট বৃদ্ধগৰাকীৰ নাম নৰেন কাকতি।
১৬ মাৰ্চৰ পুৱা ‘ভোলানাথ’ নামৰ নৈশ বাছেৰে অযোধ্যালৈ ৰাওনা হৈছিল তীৰ্থযাত্ৰীৰ দলটো।
বিহাৰ পোৱালৈকে পৰিয়ালৰ সৈতে সম্পৰ্কত আছিল বৃদ্ধগৰাকী।
ঘটনা সন্দৰ্ভত কাকী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে।

11. মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ।
গীতানগৰ আৰক্ষী থানাৰ সমীপতে সংঘটিত হয় এই ঘটনা।

12. আজিৰে পৰা বোকাখাতত প’লিং-প্ৰিজাইডিং বিষয়াৰ প্ৰশিক্ষণ।
৪টা পৰ্যায়ত অনুষ্ঠিত হ’ব এই প্ৰশিক্ষণ।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু এহেজাৰৰো অধিক বিষয়া-কৰ্মচাৰী।

13. হোজাই আৰক্ষীৰ জালত হোজাই ৰাজ্যিক পশু চিকিৎসালয়ৰ কৰ্মী।
মহিলা সহকৰ্মীৰ শ্লীলতা হানিৰ অভিযোগত আটক কৰে ফিল্ড এচিষ্টেণ্ট জাকিৰ আহমেদ মজুমদাৰক।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত।

14. অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰীত আৰক্ষীৰ অভিযান।
অভিযানত এখন বাহনৰ পৰা জব্দ কৰে ১২ কাৰ্টন কফ চিৰাপ।
ত্ৰিপুৰাৰ অমৰেন্দ্ৰলাল দেৱবৰ্মা নামৰ এজনক আটক কৰে আৰক্ষীয়ে।

15. দুলীয়াজানত আছুৰ প্ৰতিবাদী কাৰ্যসূচী।
অইলৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ সংগঠনটোৰ।
বহু কেইটা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে আছু নেতাসকলে।

16. কেৰালাৰ ইডুক্কিত পৰ্যটকৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।
পথৰ পৰা খাৱৈত বাগৰি পৰে পৰ্যটকৰ বাহন।
দুৰ্ঘটনাত শিশুসহ ৪গৰাকী লোকৰ মৃত্যু হয়।
গুৰুতৰভাৱে আহত হয় ১৩জনকৈ লোক।
তামিলনাডুৰ বাসিন্দা আছিল আটাইকেইজন পৰ্যটক।

17. উত্তৰ প্ৰদেশৰ বদায়ুত নৃশংস হত্যাকাণ্ড।
দুটি শিশুক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে।
নিহত শিশু দুটা বিনোদ কুমাৰ নামৰ লোকজনৰ সন্তান।
ঘটনাৰ পিছতে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় মূল অভিযুক্ত চাজিদ।

18. বিজনীৰ ঝাৰবিষপানীত SSBৰ অভিযান।
জব্দ কৰে দুখন টাটা পিকআপ বাহনসহ ১৪টা অবৈধ গৰু।
আটকাধীন আটাইকেইজনক পাণবাৰী থানাত চমজাই দিয়ে SSBৰ দলটোৱে।

19. কাছাৰত আৰক্ষীৰ গুলীচালনা।
আৰক্ষীৰ গুলীত আহত জমিৰ উদ্দিন নামৰ এটা দুষ্কৃতিকাৰী।
ভৰিত গুলীবিদ্ধ হয় ধৃত জমিৰ উদ্দিন।
পুৱতিনিশা কাছাৰৰ পালইৰবন্দত সংঘটিত এই ঘটনা ।
লক্ষীপুৰৰ এগৰাকী বোৱাৰীক অপহৰণৰে জড়িত আছিল জমিৰ উদ্দিন।

20. ডিফুত কুঁৱাত পৰি যুৱকৰ অকাল মৃত্যু।
এগৰাকী অ’টো চালক আছিল যুৱকজন।
নাম টেনজিং হাঞ্চে।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *