১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam 21 March 2024:-
1. দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ।
সুৰানীতি কেলেংকাৰী সন্দৰ্ভত ED য়ে গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰী গৰাকীক।
2. যোৰহাটত অসম গণ পৰিষদৰ নিৰ্বাচনী সভা৷
উক্ত সভাত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ৪ খন জিলা সমিতিৰ নেতৃবিন্দ।
3. হোৱাটছএপযোগে বিকশিত ভাৰতৰ মেছেজ প্ৰেৰণ তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ যোগাযোগ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ক নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে।
4. অসমত প্ৰচাৰ চলাব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
২৩ মাৰ্চত ডিব্ৰুগড়ত প্ৰচাৰ চলাব আতিশি মাৰ্লিনাই।
সংবাদমেলত AAPয়ে সদৰী কৰে এই তথ্য।
5. ১ এপ্ৰিলৰ পৰা কঠোৰভাৱে বলৱৎ হ’ব শিক্ষাসেতু এপ।
বাধ্যতামূলক হ’ব শিক্ষাসেতু এপত শিক্ষক-শিক্ষাৰ্থীৰ উপস্থিতি।
এপৰ বিসংগতি পুনৰীক্ষণৰ বাবে সমগ্ৰ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ।
২৩ মাৰ্চৰ ভিতৰত এপৰ অসুবিধা সমূহ অৱগত কৰাৰ নিৰ্দেশ।
6. অচিৰেই বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিব কমলাক্ষ দে’ পুৰকায়স্থই।
তেওঁৰ সৈতে আৰু ৫ হাজাৰ সমৰ্থকেও যোগদান কৰিব বুলিও মন্তব্য কৰে কংগ্ৰেছৰ নিলম্বিত বিধায়কগৰাকীয়ে।
7. অসমৰ ক্ৰিকেটপ্ৰেমীসকলৰ বাবে সুখবৰ৷
গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ’ব দুখনকৈ IPL মেচ৷
এই কথা নিশ্চিত কৰে RRৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে৷
8. ডিব্ৰুগড় খোৱাং বিধানসভা সমষ্টিত উপস্থিত সৰ্বানন্দ সোণোৱাল।
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে খোৱাং বিধানসভা সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তাৰে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
9. ISIS গ্ৰেপ্তাৰ সন্দৰ্ভত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমেল।
STF ASSAMৰ তৰফৰ পৰা এই সংবাদমেল।
সংবাদমেল সম্বোধন কৰে IGP STF পাৰ্থ সাৰথি মহন্তই।
10. অচিৰেই জব্দ কৰা হ’ব কৰ পৰিশোধ নকৰা যান-বাহন।
যান-বাহনৰ গৰাকীয়ে ভৰিব লাগিব অতিৰিক্ত ৭,৩০০ টকা।
৩১ মাৰ্চৰ ভিতৰত যান-বাহনৰ কৰ পৰিশোধ কৰাৰ আহ্বান পৰিবহণ বিভাগৰ।
11. কংগ্ৰেছ দল ত্যাগ কৰে প্ৰাক্তন সাধাৰণ সম্পাদক শৈলেন বৰাই।
AICCলৈ ই-মেইলযোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।
12. অভিনেতা স্পন্দন বৰঠাকুৰৰ আকস্মিক মৃত্যু।
হৃদক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে।
ত্ৰিপুৰা অভিমুখী ৰে’লেৰে যাত্ৰা কৰাৰ সময়তে মৃত্যু হয়।
শেহতীয়াকৈ ‘NRC SCAM’ত অভিনয় কৰিছিল স্পন্দনে।
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ চৰিত্ৰত অভিনয় কৰিছিল স্পন্দনে।
13. ৩১ মাৰ্চত উপলব্ধ হ’ব বেংক সেৱা।
৩১ মাৰ্চত অন্ত পৰিব চলিত বিত্তীয় বৰ্ষ।
সেয়ে দেওবাৰে বেংকৰ কাম-কাজ অব্যাহত ৰাখিবলৈ বেংকসমূহলৈ নিৰ্দেশনা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ।
14. হাইলাকান্দিত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী।
মন্ত্ৰী পীযূষ হাজাৰিকাৰ উপস্থিতিত সহস্ৰাধিক সংখ্যালঘু কংগ্ৰেছ আৰু AIUDF কৰ্মীৰ বিজেপিত যোগদান কৰে।
15. ‘মোক এবাৰ সুযোগ দিয়ক, দিল্লীত প্ৰমাণ কৰি দেখুৱাম অসমৰ জংঘলৰ মাজত যে সিংহ আছে’- মন্তব্য লুৰিণজ্যোতি গগৈ।
16. যোৰহাটত ক্ষত-বিক্ষত অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ।
ভোগদৈ নদীৰ কাষত উদ্ধাৰ কৰে মৃতদেহটো।
উদ্ধাৰ হোৱা মৃতদেহটো ফিৰোজ ।
17. ৰাজস্থানৰ জয়পুৰত হৃদয়-বিদাৰক ঘটনা।
বিশ্বকৰ্মা থানা এলেকাৰ এটা বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ড।
জুইত জাহ যায় একেটা পৰিয়ালৰ ৫জন লোক।
18. চাপৰত অতিৰিক্ত কয়লাভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে।
ট্ৰাকখন জব্দ কৰি গতাই দিয়ে পৰিবহণ বিভাগক।
অতিৰিক্ত কয়লাভৰ্তি ট্ৰাকখনক জৰিমনা বিহে পৰিবহণ বিভাগে।
19. দিল্লীৰ কবিৰ নগৰত ভয়ংকৰ ঘটনা।
পুৱতি নিশা খহি পৰে দুমহলীয়া অট্টালিকা।
ধ্বংসস্তূপৰ পৰা দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন এজন।
20. শ্ৰীনগৰত ৰহস্যজনকভাৱে গুলীবিদ্ধ হৈ মৃত্যু অসমৰ জোৱানৰ৷
মৃত্যু CRPF জোৱান কোকৰাঝাৰৰ স্বপন নাথ।
ঘৰ কোকৰাঝাৰৰ ভূটীয়াপাৰাত৷
Sangita Dutta Editor in Chief Rnewsindia24.com