Dr Manmohan Singh

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 2 April 2024:-

১/ ৰাষ্ট্ৰপতি ভৱনত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হয় অসমীয়া ছবি “মিনি”।
নতুন দিল্লীত অসমীয়া ছবি ‘মিনি’ উপভোগ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে।

২/ দেৱভূমি উত্তৰাখণ্ডত নিৰ্বাচনী প্রচাৰ প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ।
উত্তৰাখণ্ডৰ পিছত ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী গৰাকীয়ে।

৩/ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ।
৭ আৰু ৮ এপ্ৰিলত অসমত চলাব নিৰ্বাচনী প্ৰচাৰ।
প্ৰধানমন্ত্ৰীসহ আন কেইবাগৰাকীও বিজেপি নেতা অচিৰেই আহিব অসমলৈ।

৪/ নিৰ্বাচনৰ প্ৰাকক্ষণত ওদালগুৰিৰ আয়ুক্ত আয়ুক্ত ছাদনেক সিঙক শাস্তিমূলক বদলি।
পশুপালন বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি সিঙক।
VVPAT মেচিন অন্তৰ্ধানৰ প্ৰসংগত সিঙক বদলি।
জাভিৰ ৰাহুল সুৰেশক ওদালগুৰিৰ জিলা আয়ুক্তৰ দায়িত্ব প্ৰদান কৰা হয়।

৫/ ২০২৩-২৪ বিত্তীয় বৰ্ষত ৰে’লৱে বিভাগৰ সৰ্বাধিক ৰাজহ সংগ্ৰহ ।
২.৫৬ লাখ কোটি টকা ৰাজহ সংগ্ৰহ।
ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে সদৰী কৰে এই তথ্য।

৬/ অভিনেতা আয়ুষ্মান খুৰানাক ‘য়ুথ আইকন’ নিযুক্তি ভাৰতীয় নিৰ্বাচন আয়োগৰ।
যুৱ সমাজক বুথমুখী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ নিৰ্বাচন আয়োগৰ।

৭/ ডিফুত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল নিৰ্বাচনী প্ৰচাৰ।
ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় নিৰ্বাচনী সভা।Himanta Biswa Sarma

৮/ ৰাজ্যসভাৰ পৰা অৱসৰ ল’লে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে।
মনমোহন সিঙৰ অৱসৰক এটা যুগৰ অৱসান বুলি মন্তব্য কৰে মল্লিকাৰ্জুন খাৰ্গে।

৯/ আগন্তুক শিক্ষাবৰ্ষতো অনুষ্ঠিত হ’ব মেট্ৰিক৷
SEBAৰ পৰিৱৰ্তে ASSEBয়ে অনুষ্ঠিত কৰিব মেট্ৰিক৷
ইয়াৰ বাবে শীঘ্ৰে গঠন হ’ব ASSEB ।
কিন্তু আগন্তুক বৰ্ষত নাথাকিব শীৰ্ষ ১০টা স্থানৰ ব্যৱস্থা।
SEBAৰ শীৰ্ষক সূত্ৰই জনাই এই কথা।

১০/ পুনৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰে চৰকাৰী বিষয়া।
ভাস্কৰজ্যোতি বৰা নামৰ এজন কৰ্মচাৰীৰ পৰা ধন লওঁতেই গ্ৰেপ্তাৰ হয় ৰাণী বৰা।

১১/ দুলীয়াজানত সৰ্বানন্দ সোণোৱালৰ মাৰাথন প্ৰচাৰ।
প্ৰচাৰ অভিযানত সোণোৱালক সংগ দিয়ে কেইবাগৰাকীও মন্ত্ৰী-বিধায়কে।

১২/ বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ ৷
পাটবাউসীত প্ৰচাৰ চলাই প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে।

১৩/ যোৰহাটত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ।
পঞ্চায়তে পঞ্চায়তে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে।

১৪/ মৰিয়নিৰ বাগিচাই বাগিচাই নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থী
গৌৰৱ গগৈৰ।
চাহ শ্ৰমিক সকলৰ সৈতে মত বিনিময় কৰে প্ৰাৰ্থী গৰাকীয়ে।

১৫/ ৭ এপ্ৰিলত IIT গুৱাহাটী টেকনিছৰ বাৰ্ষিক মাৰাথন।
৬ কিঃমিঃ আৰু ২১ কিঃমিঃ শিতানত হ’ব এই মাৰাথন।
পুৱা ৫.১৫ বজাত সৰুসজাই ষ্টেডিয়ামৰ পৰা আৰম্ভ হ’ব।

১৬/ মণিপুৰৰ বিজেপি নেতাৰ কংগ্ৰেছত যোগদান৷
প্ৰাক্তন বিধায়ক এলাংবাম চান্দ সিঙৰ কংগ্ৰেছত যোগদান৷
য়াইস্কুল সমষ্টিৰ বিধায়ক আছিল এলাংবাম চান্দ সিং৷
বিজেপি নেতা ছাগলছেম অছ’বা সিং, অধিবক্তা ঐনাম হেমন্ত সিং, ঠৌদাম দেবদত্ত সিঙৰ কংগ্ৰেছত যোগদান৷
ইম্ফলৰ কংগ্ৰেছ ভৱনত যোগদান কৰে চাৰিওজনে৷

১৭/ ছত্তীশগড় আৰু মধ্যপ্ৰদেশত মাওবাদীৰ বিৰুদ্ধে অভিযান।
ছত্তীশগড়ৰ বীজাপুৰৰ বস্তৰত অভিযানত ৯টা উগ্ৰপন্থী নিহত হয়।
আনহাতে মধ্যপ্ৰদেশৰ বালাঘাটতো দুটা মাওবাদী উগ্ৰপন্থী নিহত হয়।
বস্তৰত চলি আছে মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ অভিযান।

১৮/ বিশিষ্ট সাহিত্যিক দীপ্তিমান বৰঠাকুৰৰ দেহাৱসান।
আজি বিয়লি মৃত্যু হয় বিশিষ্ট সাহিত্যিকগৰাকী।
সত্তৰ দশকৰ পৰা নিৰবচ্ছিন্নভাৱে কাকত আলোচনীত লেখা-মেলা কৰাৰ উপৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে কবিতা সম্প্ৰচাৰিত হৈছিল দীপ্তিমান বৰঠাকুৰৰ।

১৯/ জোনাইত SSTৰ দলৰ অভিযান।
এখন গাড়ীৰ পৰা জব্দ কৰে নগদ ৫০ লাখ টকা।
জোনাইৰ ৫১৫নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা জব্দ হয় টকা খিনি।
ইটানগৰৰ পৰা পাছিঘাট অভিমুখে গৈ আছিল বাহনখন।

২০/ বিলাসীপাৰাৰ ঢেমঢেমাত মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হয়।
৫ জাঁই সজীৱ গুলিসহ উদ্ধাৰ এটা পিষ্টল।
আৰক্ষীয়ে আটক কৰে হাফিজুদ্দিন শেখ নামৰ এজন ব্যক্তি।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *