১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam 25 April 2024:-
১/ কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
ৰাজ্যৰ ৫ সমষ্টি- নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ, দৰং-ওদালগুৰিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
৭৭ লাখ ২৬ হাজাৰ ভোটাৰে নিৰ্ণয় কৰিব ৬১গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
৯,১৩৩টা ভোটকেন্দ্ৰত সম্পন্ন হ’ব ভোটগ্ৰহণ।
২/ বৰপেটাৰ মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুস্মিতা বৰাক ৰিজাৰ্ভ ক্ল’জড আৰু LC ৰৌছন আলীক নিলম্বন।
লকআপৰ ভিতৰতে লুটফুৰ ৰহমান নামৰ এজন যুৱকৰ ৰহস্যজনকভাৱে মৃত্যু ঘটাৰ বাবে ৰিজাৰ্ভ ক্ল’জড আৰু নিলম্বন কৰা হয়।
৩/ লোকসভা নিৰ্বাচনৰ বাবে নলবাৰীত ড্ৰাই ডে’ ঘোষণা।
৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে ড্ৰাই ডে’ ঘোষণা।
আনহাতে, ৪ জুনতো ড্ৰাই ডে’ ঘোষণা নলবাৰীত।
৪/ মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়ালৈ চমন।
মহাৰাষ্ট্ৰ চাইবাৰ চেলে প্ৰেৰণ কৰে চমন।
২০২৩ IPLৰ অবৈধ ষ্ট্ৰিমিং গোচৰত চমন অভিনেত্ৰীগৰাকীলৈ।
তামান্নাক গোচৰৰ সাক্ষীৰূপে জেৰাৰ বাবে মাতে চাইবাৰ চেলে।
২৯ এপ্ৰিলত হাজিৰ হ’ব লাগিব মহাৰাষ্ট্ৰ চাইবাৰ চেলত।
৫/ বিজেপিত যোগদান বিহাৰৰ ইউটিউবাৰ মনীষ কাশ্যপৰ।
দিল্লীত গেৰুৱা বাহিনীত যোগদান কৰে মনীষ কাশ্যপে।
‘ছচ্ টক’ নামেৰে মনীষ কাশ্যপৰ আছে এটা ইউটিউব চেনেল।
৬/ ২৬ এপ্ৰিলত স্বাভাৱিক অৱস্থাতে থাকিব তাপমাত্ৰা।
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ উপলক্ষ্যে কাইলৈৰ দিনটোৰ তাপমান সম্পৰ্কে IMD-এ নিৰ্বাচন আয়োগক জনাই এই কথা।
৭/ হৰলিক্সৰ পৰা আঁতৰোৱা হ’ল ‘হেল্থ ড্ৰিংক’ৰ লেবেল।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে ই-কমাৰ্চ ৱেবছাইটত কেইবাটাও ‘হেল্থ ড্ৰিংক’ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে।
‘ফাংচনেল নিউট্ৰিচনেল ড্ৰিংক’ নামেৰে নামাকৰণ হ’ল
হৰলিক্স।
৮/ কেন্দ্ৰীয় বন, পৰিবেশ আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ৰ অনুমোদিত বিনিময় পদ্ধতিৰ অধীনত দিল্লী চিৰিয়াখানালৈ নিয়া হ’ব ধনেশ পক্ষী।
ধনেশ পক্ষীৰ লগতে অসমলৈ আহিব এটা মাইকী গঁড় আৰু এটা মতা ঢেঁকীয়াপতীয়া বাঘ।
বংশ বৃদ্ধিৰ কাৰণে আৰু in breeding বন্ধ কৰিবলৈ এই দুই জন্তুক গুৱাহাটী চিৰিয়াখানালৈ অনা হ’ব।
৯/ শিৱসাগৰৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ক স্বতন্ত্র মহাবিদ্যালয় হিচাপে ঘোষণা।
বিশ্ববিদ্যালয় অনুদান আয়োগে প্রদান কৰে এই স্বীকৃতি ।
১৯৮১ চনত স্থাপিত হৈছিল মহাবিদ্যালয়খন।
১০/ জালুকবাৰী সমষ্টিৰ আজাৰা হাতখোৱা পাৰত বিজেপিত যোগদান কাৰ্যসূচী।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু জিলা সভাপতি তপন চন্দ্ৰ দাসৰ উপস্থিতিত বৃহৎ সংখ্যক লোক বিজেপিত যোগদান কৰে।
১১/ বোকাজানৰ শান্তিপুৰত বলেৰ’ বাহনত অগ্নিকাণ্ড।
ৰখাই থোৱা অৱস্থাতে জ্বলি উঠে বাহনখন।
যান্ত্ৰিক বিজুতিৰ ফলতেই জ্বলি উঠে বাহনখন।
১২/ বঙাইগাঁৱৰ অগপ কাৰ্যালয়ত যোগদান কাৰ্যসূচী।
২ শতাধিক হিন্দীভাষী লোকে অগপত যোগদান কৰে।
অনুষ্ঠানত উপস্থিত থাকে হিন্দীভাষী পৰিষদৰ সম্পাদক দিলীপ বাচফৰ।
অগপৰ জিলা সভাপতিৰ উপস্থিতিত যোগদান কাৰ্যসূচী ৰূপায়ন কৰা হয়।
উক্ত অনুষ্ঠানতে হিন্দীভাষী পৰিষদৰ কমিটী গঠন কৰা হয়।
১৩/ বিহাৰত নিৰ্বাচনী হিংসাৰ চৰম পৰ্যায়।
পাটনাৰ পুনপুনত JD(U)ৰ নেতাক গুলীয়াই হত্যা।
নিহত হয় JD(U)ৰ যুৱনেতা সৌৰভ কুমাৰ।
বাইকেৰে আহি থকা অৱস্থাত সৌৰভ কুমাৰক গুলীচালনা কৰে ৪ দুৰ্বৃত্তই।
দুটাকৈ গুলী লাগে সৌৰভৰ মূৰত।
পুৱতিনিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনা।
১৪/ অৰুণাচল প্রদেশত ভয়াৱহ ভূমিস্খলন।
অৰুণাচল-চীন সীমান্তত সংঘটিত হয় ভূমিস্খলন।
ভূমিস্খলনত ৩৩নং ৰাষ্ট্রীয় ঘাইপথৰ এটা অংশ সম্পূৰ্ণৰূপে খহি যায়।
১৫/ কৃষ্ণাইত আৰক্ষীৰ জালত কেৰাচিন তেল চুৰি চক্ৰ।
আটক হাব্ৰাঘাটৰ ৰফিজুল ইছলাম।
দীৰ্ঘদিনে ইছলামে চলাই আহিছিল কেৰাচিন তেলৰ ক’লা বেহা।
টেংকাৰ, পিকআপ ভানত সৰবৰাহ কৰি আহিছিল কেৰাচিন তেল ।
১৬/ দক্ষিণ কামৰূপৰ জোৰশিমুলীত নৃশংস হত্যাকাণ্ড।
পত্নীক ডিঙি চেপি হত্যা কৰে স্বামীয়ে।
মহিলাগৰাকীৰ নাম ৰাহিমা বেগম।
ডেৰ বছৰীয়া এটা সন্তানৰ মাতৃ ৰাহিমা বেগম।
হত্যাকাৰী স্বামী ছাহজামাল হকক আটক কৰে আৰক্ষীয়ে।
১৭/ দেৰগাঁৱৰ ৰঙামাটিত বুজন পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক আৰক্ষীৰ।
২২টাকৈ পেকেটত ২৬৩ গ্ৰাম হেৰ’ইন জব্দ কৰে।
জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা।
ধৃত দুই সৰবৰাহকাৰী মহম্মদ আলী, জিচকেল ছাঁদ ।
মিউজিক ছিষ্টেমৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছখিনি।
১৮/ বিজেপিৰ পতাকা জ্বলোৱাৰ অভিযোগত দলগাঁৱত ৫জনক আটক কৰে আৰক্ষীয়ে।
বাইকত ভৰাবলৈ পেট্ৰ’ল নোপোৱাত প্ৰতিবাদ কৰিছিল একাংশ যুৱকে।
মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভাত অংশগ্ৰহণৰ বাবে হৈছিল বাইক ৰেলী।
ৰেলীত অংশ লোৱাসকলক ৫০০ টকাৰ তেল ভৰাই দিব বুলি দিছিল প্ৰতিশ্ৰুতি।
সভাৰ অন্তত প্ৰতিশ্ৰুতি দিয়ামতে পেট্ৰ’ল ভৰাবলৈ নোপোৱাত ক্ষুব্ধ হৈ পৰে যুৱকসকল।
১৯/ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব হেমন্ত ছোৰেনৰ পত্নী কল্পনা ছোৰেনে।
ঝাৰখণ্ড গাণ্ডে বিধানসভা সমষ্টিৰ পৰা অৱতীৰ্ণ হ’ব নিৰ্বাচনত।
২০/ ডিমা হাছাওত লাইনচ্যুত হয় মালবাহী ৰে’ল।
জাতিংগা লাম্পু-হাৰাংগাজাওৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা।
Sangita Dutta Editor in Chief Rnewsindia24.com