৬/ মঙলদৈত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷
সেউজ বাইপাছ, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ কামৰ লগতে নিৰ্মীয়মাণ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
৭/ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ SOS পথত থকা মাইলচ্ ব্ৰনচন বিদ্যালয়ত উপস্থিত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া৷
CBSC সহোদয়া বৰ্ডৰ উদ্যোগত অনুষ্ঠিত হোৱা এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপালগৰাকী৷
৮/ UGC-NET পৰীক্ষাৰ বিসংগতিৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ।
শীঘ্ৰে ঘোষণা কৰা হ’ব পৰীক্ষাৰ পৰৱৰ্তী তাৰিখ।
এই কথা জনাই কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে।
৯/ বানৰ কবলত ৰাজ্যৰ ১৭খন জিলাৰ প্ৰায় ৩ লাখ লোক।
বান, ভূমিস্খলন আৰু ধুমুহাত ৩৫ গৰাকী লোকৰ মৃত্যু হয়।
১০/ যোগ দিৱসত চৰকাৰে দিয়া দায়িত্ব পালন নকৰে ৰকিবুল হুছেইনে৷
যোগৰ কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ ঘোষণা ধুবুৰীৰ নতুন সাংসদৰ৷
যোগ দিৱসৰ পৰিৱৰ্তে বানপীড়িতৰ কাষতহে থাকিব ৰকিবুল হুছেইন৷
১৭/ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ডেভিড জনচনৰ চৰমপন্থা।
এটা অট্টালিকাৰ চতুৰ্থ মহলাৰ পৰা জঁপিয়াই মৃত্যু হয় ডেভিড জনচনৰ ।
১৮/ তামিলনাডুত বিষাক্ত সুৰা সেৱন কৰি ৩২ জন লোকৰ মৃত্যু।
গুৰুতৰভাৱে অসুস্থ ৬০গৰাকী লোক চিকিৎসাধীন হৈ আছে।
নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা।
কল্লাকুৰিচী জিলাত সংঘটিত হয় এই ঘটনা।
বিষাক্ত সুৰা বিক্ৰেতা কে কান্নুকুট্টিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ব্যৱসায়ীজনৰ পৰা জব্দ কৰা হৈছে প্ৰায় ২০০ লিটাৰ সুৰা।
১৯/ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰিমগঞ্জ প্ৰশাসনৰ বিশেষ সিদ্ধান্ত।
২২ জুনলৈকে বন্ধ থাকিব সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান।
২০/ মহানগৰীৰ বোন্দাত অঘটন ।
নামনিমুৱা ৰে’লৰ খুন্দাত নিহত হয় এজন যুৱক।
নিহত চাহিল চাংমা আৰু গুৰুতৰভাৱে আহত হোৱা প্ৰসেনজিৎ দাসক GMCHত ভৰ্তি কৰোৱা হয়।