দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ জ’ বাইডেনৰ।
‘X’ যোগে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ কথা জনাই ডেম’ক্ৰেটিক প্ৰাৰ্থীজনে।
দল আৰু দেশৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত বাইডেনৰ।
নিজৰ পৰিৱৰ্তে কমলা হেৰিছক দলৰ মনোনীত প্ৰাৰ্থী বুলি ঘোষণা কৰে বাইডেনে।
২/ আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন।
সংসদত দাখিল কৰিব অৰ্থনৈতিক জৰীপ।
কাইলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট।
৩/ দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।
প্ৰধানমন্ত্ৰীৰ সৈতে বিশেষ বৈঠকতো মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী।
বৈঠকত বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়৷
৪/ বঙাইগাঁৱত সংগৃহীত ধানৰ চাউল বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ।
উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
৫/ জনতা ভৱনত জলব’ৰ্ডৰ উচ্চস্তৰীয় বৈঠক।
বৈঠকত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল, মেয়ৰ মৃগেণ শৰণীয়া আৰু বিভাগীয় বিষয়ববীয়া।
৬/ এতিয়াৰ পৰা জাবৰ নিয়াৰ বাবে টকা দিব নালাগে। বিনামূলীয়াকৈ ঘৰৰ পৰা জাবৰ সংগ্ৰহ কৰিব GMC এ- মন্তব্য অশোক সিংহালৰ।
৭/ ঢেকীয়াজুলিৰ বৰছলাত বান পৰিস্থিতি পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকা আৰু অশোক সিংঘালে।
৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণৰ লগতে পথ আৰু দেৱাল বান্ধ নিৰ্মাণেৰে বান প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৰাইজক।
৮/ অসম আৰক্ষীৰ শিশু মিত্ৰ বঁটা প্ৰদান।
IPS ইন্দ্ৰাণী বৰুৱালৈ জুৰীৰ বিশেষ বঁটা।
৯/ কৰিমগঞ্জৰ পাথাৰকান্দিত ১৪৪ ধাৰা জাৰি।
ছাত্ৰক শিক্ষকে প্ৰহাৰৰ ঘটনাক লৈ প্ৰশাসনে জাৰি এই নিৰ্দেশনা।
একে ঠাইত সমবেত হ’ব নোৱাৰিব ৫ জনতকৈও অধিক লোক।
১০/ অলিম্পিক ইভেণ্টত সংযোজন ‘ব্ৰেকডান্সিং’।
পেৰিছ অলিম্পিক- ২০২৪ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘ব্ৰেকডান্সিং’ প্ৰতিযোগিতা।
এইবাৰৰ পৰা অনুষ্ঠিত হ’ব কায়াক প্ৰতিযোগিতা।
পুনৰ অনুষ্ঠিত হ’ব চাৰ্ফিং, স্কেটবৰ্ডিং, স্পোৰ্ট ক্লাইম্বিং আৰু 3×3 বাস্কেটবল প্ৰতিযোগিতা।
২৬ জুলাইৰ পৰা অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিক- ২০২৪।
১১/ APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰৰ চূড়ান্ত ৰায়দান।
ৰাকেশ পালসহ ৩৪গৰাকীক দোষী ঘোষণা।
ৰাকেশ পাল, ছামেদুৰ ৰহমান, বসন্ত কুমাৰ দলেক ৭ বছৰৰ বাবে কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে আদালতে।
১০জনক দোষমুক্ত ঘোষণা।
১২/ ২৬ জুলাইত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী।
ৰাইজৰ দলত যোগদিব ২ বিজেপি নেতাই।
শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি যুধিষ্ঠিৰ গগৈ আৰু শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেন মহনে ৰাইজৰ দলত যোগদান কৰিব।
১৩/ বোকাজানত ১০ লাখ টকাৰ বিদেশী চিগাৰেট জব্দ।
ডিলাইত আৰক্ষীৰ অভিযানত জব্দ হয় চিগাৰেটখিনি।
মণিপুৰৰ পৰা অহা এখন ট্ৰাকসহ জব্দ কৰে চিগাৰেট খিনি।
আটক কৰে উত্তৰপ্ৰদেশৰ দুই চিগাৰেট সৰবৰাহকাৰী মহম্মদ জাবেদ, স্বয়েব।
১৪/ সৰুপথাৰত প্ৰায় ৪ কোটি টকাৰ ড্ৰাগছ জব্দ৷
ড্ৰাগছসহ আৰক্ষীৰ জালত পৰে ৩টা সৰবৰাহকাৰী৷
আটক কৰে মেৰাপানীৰ নগেন বৰা, তিনিচুকীয়াৰ ৰাজকুমাৰ চেত্ৰী, দেৱৰাজ চেত্ৰীক ।
১৫/ জনজাতিকৰণৰ দাবীত শিৱসাগৰত সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ।
দৌলমুখ চাৰিঅলিত হাতে হাতে বেনাৰ-ফেষ্টুন লৈ সাব্যস্ত কৰে প্ৰতিবাদ।
নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ।
১৬/ গোলাঘাটৰ ৰঙামাটি চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ।
দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় চাহ মজদুৰ সংঘই।
বাগিচাখনৰ কাৰ্যালয়ৰ সন্মুখতেই কেইবা শতাধিক শ্ৰমিকে সাব্যস্ত কৰে প্ৰতিবাদ।
১৭/ ধেমাজিৰ চমৰাজানত মৃতদেহ উদ্ধাৰ।
মৃতদেহটো ২ নং শান্তিপুৰৰ গণেশ বৰ্মনৰ।
শনিবাৰে জীয়াঢলত মাছ মাৰিবলৈ গৈছিল গণেশ।
তাৰ পাছৰ পৰাই সন্ধানহীন হৈ আছিল গণেশ।
আজি চমৰাজানত জীয়াঢল নদীত উদ্ধাৰ মৃতদেহটো।
SDRF বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহটো।
১৮/ ব্ৰহ্মপুত্ৰৰ মাজত
মাজুলীৰ পৰা নিমাতী ঘাট অভিমুখী ৰ’পেক্স ফেৰী আবদ্ধ।
অফলামুখ ঘাটৰ পৰা নিমাতী ঘাটলৈ গৈ আছিল ফেৰীখন।
ফেৰীখনত আছিল ১৬০ গৰাকী যাত্ৰী ।
৩৬ খন দুচকীয়া, ১৩ খন চাৰিচকীয়া বাহনো আছিল ফেৰীখনত।
প্ৰায় এঘণ্টাৰ অন্তত অন্য এখন ফেৰীৰে উদ্ধাৰ কৰা হয় যাত্ৰীসকলক।
১৯/ যোগীঘোপাত ৪ কয়লা ব্যৱসায়ীক আটক।
GST ফাঁকিৰ গোচৰত আটক কৰা হয় ব্যৱসায়ীকেইজনক।
কয়লা ব্যৱসায়ী আজাদুল হুছেইন, আব্দুৰ ৰহমান, মফিদুল ইছলাম, আব্দুল মোতালেবক আটক কৰে ডিমা হাচাও আৰক্ষীয়ে।
২০/ গোৱালপাৰাৰ অশোক গোৱেল হত্যাকাণ্ডৰে জড়িত ২ দুৰ্বৃত্তক গ্ৰেপ্তাৰ।
মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে বিমল ৰাভা আৰু ৰুষ্টম ৰাভাক।
জব্দ কৰে এখন ইয়ন বাহনো।
১৪ জুলাইত গুলীয়াই হত্যা কৰিছিল ব্যৱসায়ী অশোক গোৱেলক ।
Sangita Dutta Editor in Chief Rnewsindia24.com