Sarbananda Sonuwal

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

১/ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰি বৈঠকত মিলিত হয়৷
বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অহা শিক্ষাবৰ্ষৰ পৰা আই আই এম গুৱাহাটীত পাঠ্যক্ৰম আৰম্ভণিত সন্মতি প্ৰদান কৰে৷
লগতে ৰাজ্যিক প্ৰতিষ্ঠানসমূহৰ বিত্তীয় সাহায্য প্ৰদানৰ কেন্দ্ৰীয় আঁচনি PM-USHA ৰ অধীনত ভাৰত চৰকাৰে অসমৰ প্ৰতি আগবঢ়োৱা সমৰ্থন তথা অসমৰ শিক্ষক প্রশিক্ষণ প্রতিষ্ঠানৰ আন্তঃগাঁথনি সবলীকৰণ আৰু ৰাজ্যৰ কাৰিকৰী শিক্ষাৰ পৰিৱেশ সম্প্রসাৰণ আদি আলোচনা কৰা হয়।

২/ আজি ২৪_০৭_২০২৪ তাৰিখে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাক সাক্ষাৎ কৰি মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যদা প্ৰদান কৰাৰ লগতে মিচিং জনগোষ্ঠীৰ জাতীয় সমস্যাসমূহৰ স্থায়ী সমাধানৰ কাম ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনিল কুমাৰ পেগু, পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে, কাৰ্য্যবাহী সদস্যা ইন্দিৰা কুম্বাং, MMK ৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, TMMKৰ সম্পাদিকা শৰ্মিলা পেগু, TMPK ৰ সভাপতি তিলক দলে, সম্পাদক চান পাংগিঙে।

উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু।

৩/ বাজেটৰ বিৰোধিতাৰে ৰাজ্যসভাত বিৰোধী সাংসদৰ প্ৰতীকি সদনত্যাগ।
সংসদৰ চৌহদত প্ৰতিবাদ সাব্যস্ত ইণ্ডি এলায়েন্সৰ নেতাৰ।
সাংসদসকলৰ সৈতে মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

৪/ নলবাৰীত উপস্থিত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া।
জিলা আৱৰ্ত ভৱনত জিলা আয়ুক্তৰ সৈতে আনুষ্ঠানিকভাৱে বৈঠক ৰাজ্যপালগৰাকীৰ।
বৈঠকত জিলাখনৰ বান পৰিস্থিতিক লৈ জিলা আয়ুক্তৰ সৈতে পৰ্যালোচনা কৰা হয়।

৫/ GMCHত JEত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ১৩ গৰাকী লোকৰ মৃত্যু হয়।
সমান্তৰালকৈ মেলেৰিয়া, ডেংগুত আক্ৰান্তৰ ৰোগীৰ সংখ্যাও বৃদ্ধি হয় GMCHত।
সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে GMCH ৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই।

৬/ মোদী 3.0ৰ প্ৰথমখন সাধাৰণ বাজেটক লৈ অসন্তুষ্টি প্ৰকাশ।
নিটি আয়োগৰ বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত দেশৰ ৪ গৰাকী কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ।
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ।

৭/ প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত AJPৰ বৈঠক।
বৈঠকত উপস্থিত থাকে AJPৰ সভাপতি লুৰীণজ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞা।

৮/ অহা ২৬ জুলাইৰ পৰা ফ্ৰান্সৰ ৰাজধানী পেৰিছত আৰম্ভ হ’ব অলিম্পিক।
তৃতীয়বাৰৰ বাবে ফ্ৰান্সত অনুষ্ঠিত হ’ব বিশ্বক্ৰীড়াৰ মহাযজ্ঞ অলিম্পিক।
অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰলৈ ষ্টেডিয়ামৰ পৰিৱৰ্তে নদীত অনুষ্ঠিত হ’ব অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান।

৯/ CISF, BSF, SSBৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰাক্তন অগ্নিবীৰসকললৈ বিশেষ সুবিধা।
নিযুক্তিৰ ক্ষেত্ৰত লাভ কৰিব ১০ শতাংশ সংৰক্ষণৰ সুবিধা।
বয়সৰ ক্ষেত্ৰতো ৰেহাই পাব প্ৰাক্তন অগ্নিবীৰসকলে।
এই কথা সদৰী কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

১০/ অলিম্পিকত উপস্থিত থকা নাগৰিকক সতৰ্ক হ’বলৈ আহ্বান।
ইজৰাইলীসকলৰ প্ৰতি বিশেষ সতৰ্কতাৰ আহ্বান জনাই ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদে।
সন্ত্ৰাসবাদীৰ ভাবুকিৰ সতৰ্কবাণী দিয়ে ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদে।

১১/ পৌৰসভাৰ বাবে নতুন নিৰ্দেশনা মন্ত্ৰী অশোক সিংহলৰ।
সমগ্ৰ অসমতে প্ৰযোজ্য হ’ব গুৱাহাটীত বিল্ডিং নিৰ্মাণৰ আইন ।
১৫ আগষ্টৰ পূৰ্বে প্ৰযোজ্য হ’ব এই আইন।

১২/ বাংলাদেশৰ শৰণাৰ্থীসকলক আশ্ৰয় প্ৰদান সন্দৰ্ভত কৰা মন্তব্যৰ বাবে বিতৰ্কত পৰে মমতা বেনাৰ্জী।
মমতা বেনাৰ্জীৰ মন্তব্যৰ বিৰোধিতা বাংলাদেশ চৰকাৰৰ।
পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যক লৈ দিল্লীলৈ পত্ৰ প্ৰেৰণ কৰে বাংলাদেশে।

১৩/ ৰমেন বৰুৱাক বিচাৰি ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত SDRFৰ অভিযান।
গুৱাহাটীৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ বুকুত চলে অভিযান।
বিগত ৩ দিনে সন্ধান নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ।

১৪/ কাৰ্গিল বিজয় দিৱস উপলক্ষ্যে লেহৰ পৰা কাৰ্গিললৈ ‘অল ৱমেন মটৰচাইকেল ৰেলী’।
ভাৰতীয় সশস্ত্ৰ বাহিনীত কৰ্মৰত মহিলাসকলৰ বীৰত্ব প্ৰদৰ্শন।
২৬ জুলাইত ভাৰতীয় সেনাই উদযাপন কৰিব কাৰ্গিল বিজয় দিৱস ।

১৫/ নেপালৰ কাঠমাণ্ডুৰ ভয়ংকৰ বিমান দুৰ্ঘটনা।
বিমান দুৰ্ঘটনাত ১৮জন যাত্ৰীৰ মৃত্যু হয়।
সংকটজনক অৱস্থাত উদ্ধাৰ হয় বিমানখনৰ পাইলট মনীষ শ্বাকিয়াক।
ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় বিমানখন।

১৬/ জম্মু-কাশ্মীৰৰ কুপৱাৰাত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।
নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় এটা সন্ত্ৰাসবাদী।
সংঘৰ্ষত এজন সেনা জোৱানো আহত হয়।
কুপৱাৰাৰ লোলাব উপত্যকাৰ ত্ৰিমুখা টপত সংঘটিত হয় এই ঘটনা।

১৭/ মৰিগাঁৱত জাপানীজ এনকেফেলাইটিত আক্ৰান্ত হৈ ৩ জনৰ মৃত্যু হয়।
জিলাখনত বৰ্তমানলৈ JEত আক্ৰান্ত হৈছে ১৫ জনকৈ লোক।
শিশু, বৃদ্ধ লোকো আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত।

১৮/ সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ দেহাৱসান।
কেন্সাৰ ৰোগত আক্ৰান্ত হৈ হায়দৰাবাদৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল সংগীতজ্ঞগৰাকী।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ।
আজি সৌৰভ নগৰস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে সংগীতজ্ঞ গৰাকীয়ে।

১৯/ বলীউডৰ সৰ্বাধিক উপাৰ্জনকাৰী তাৰকা অভিনেত্ৰী দীপিকা পাডুকন।
দীপিকা পাডুকনে এখন ছবিৰ বাবদ লাভ কৰে ১৫-২০ কোটি টকা।
১৫ কোটি উপাৰ্জনেৰে তালিকাৰ দ্বিতীয় স্থানত আছে অভিনেত্ৰী আলিয়া ভাট ।

২০/ বিৰোবাৰীত টেন্সফৰ্মাৰ বিস্ফোৰণত মহিলাৰ মৃত্যু।
GMCHত মৃত্যু ৰিংকি তিৱাৰী নামৰ মহিলাগৰাকী।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *