Mukesh Ambani, Nita Ambani

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

 

১/ আইফেল টাৱাৰত পেৰিছ অলিম্পিক ২০২৪।
মুকলি অনুষ্ঠানত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সদস্যা নীতা আম্বানী আৰু উদ্যোগপতি মুকেশ আম্বানী।

২/ শ্বিলঙত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
বিকশিত ভাৰতৰ বাবে বাজেট শীৰ্ষক আলোচনাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

৩/ আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় NITI আয়োগৰ বৈঠক।
ৰাষ্ট্ৰপতি ভৱনত উপস্থিত একাংশ ৰাজ্যৰ মুখ্যমন্ত্ৰী।
কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বৰ্জন কৰে এই বৈঠক।
বৈঠকত অনুপস্থিত INDI মৰ্চাৰ অধিকাংশ দলৰ মুখ্যমন্ত্ৰীসকল।

৪/ ৰাছিয়াৰ পাছত এইবাৰ ইউক্ৰেইন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।
২৩ আগষ্টত ইউক্ৰেইন ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোডীৰ।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে ইউক্ৰেইন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুলাই মাহ ৮ তাৰিখে ৰাছিয়া ভ্ৰমণ কৰিছিল।

৫/ পেৰিছ অলিম্পিকত প্ৰথমটো সোণৰ পদক লাভ কৰে চীনে।
১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড টীম ফাইনেলত চীনৰ হোৱাং য়ুটিং আৰু ছেং লিহাওয়ে লাভ কৰে সোণৰ পদক ।

৬/ উৎকোচ লৈ গ্ৰেপ্তাৰ CSIR-NEISTৰ বিষয়া-বিজ্ঞানী।
CBIয়ে গ্ৰেপ্তাৰ কৰে ক্ৰয় আৰু সংৰক্ষণ বিভাগৰ নিয়ন্ত্ৰক প্ৰবীণ কুমাৰ বাৰ্মা, বিজ্ঞানী প্ৰসেনজিৎ মান্না, প্ৰবীণ কুমাৰ বাৰ্মাৰ পৰা জব্দ কৰে ৭ লাখ টকা।
ঠিকা প্ৰদানৰ নামত লৈছিল উৎকোচ।
আন অভিযুক্ত ৬ বিষয়া-কৰ্মচাৰীকো জেৰা CBIৰ।

৭/ জম্মু কাশ্মীৰৰ কুপৱাৰা জিলাত পাকিস্তানৰ সীমান্ত একচন টিম(BAT)ৰ সৈতে সংঘৰ্ষ ভাৰতীয় সেনাৰ।
জম্মু কাশ্মীৰত হোৱা সংঘৰ্ষত শ্বহীদ ১ জন ভাৰতীয় সেনা জোৱান আৰু আহত হয় আন ৪ জন।
পাকিস্তানৰ সীমান্ত একচন টিমৰ সৈতে সংঘৰ্ষত নিহত হয় এটা পাকিস্তানী সন্ত্ৰাসবাদী।

৮/ আজিৰে পৰা ভাৰত-শ্ৰীলংকাৰ T20 শৃংখলা।
শ্ৰীলংকাৰ বিৰুদ্ধে ৩খনকৈ T20 মেচ খেলিব ভাৰতে।
সন্ধিয়া ৭ বজাত শ্ৰীলংকাৰ বালাগোল্লাত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ।
টীম ইণ্ডিয়াৰ T20 দলটোত আছে অসম সন্তান ৰিয়ান পৰাগ।

৯/ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নতুন CEM নিযুক্ত।
জীৱেশ ৰায় হ’ল কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নতুন CEM।
গকুল বৰ্মনৰ পদত্যাগৰ পাছতে জীৱেশ ৰায়ক নিযুক্তি চৰকাৰৰ।

১০/ ২০২৪ বৰ্ষৰ বেনু মিশ্ৰ সোঁৱৰণি এন আৰ এল বঁটা ঘোষণা।
দুগৰাকী বিশিষ্ট শিল্পীক প্ৰদান কৰা হ’ব এই বঁটা।
১১ আগষ্টত বিবেকানন্দ প্ৰেক্ষাগৃহত প্ৰদান কৰা হ’ব এই বঁটা।

১১/ দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে গুৰুত্বপূৰ্ণ বৈঠক।
বৈঠকত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

১২/ ৩০ জুলাইত যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিব বিৰোধী মৰ্চাই ।
অৰবিন্দ কেজৰিৱালৰ সপক্ষে প্ৰতিবাদ কৰিব ইণ্ডিয়া মৰ্চাই।

১৩/ ডিব্ৰুগড়ত জলসম্পদ বিভাগৰ অতিথিশালাতে হ’ব মুখ্যমন্ত্ৰীৰ সচিবালয়।
মাহটোৰ অতি কমেও চাৰিটা দিন ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত থাকিব মুখ্যমন্ত্ৰী।
জলসম্পদৰ অতিথিশালাৰ প্ৰথম মহলাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়।
ডিব্ৰুগড়ৰ এই কাৰ্যালয়ৰ পৰাই উজনিৰ ৯খন জিলাৰ কাম-কাজ চোৱাচিতা কৰা হ’ব।

১৪/ হোটেল প্ৰগতি মেনৰত আয়োজন ৰক্তদান শিবিৰৰ।
মাৰোৱাৰী হাস্পতালৰ সহযোগিতাত আয়োজন কৰে ৰক্তদান শিবিৰ।
শুভ উদ্বোধন কৰে টপচেম চিমেন্টৰ বিপণনন বিভাগৰ অধ্যক্ষই।

১৫/ অসমৰ পৰ্যটক আৰু কেব মেঘালয়ত প্ৰৱেশত বাধা দিয়া কাৰ্যক NESO, আছুৰ লগতে মেঘালয়ৰ ৭ টা স্থানীয় সংগঠনৰ বিৰোধিতা।
৩০% ৰাজহ লোকচান হোৱাৰ কথা সদৰী কৰে সংগঠন কেইটাই।
লক্ষণীয়ভাৱে সমগ্ৰ ঘটনাত সহমত প্ৰকাশ কৰা নাই খাচী ছাত্ৰ সন্থাই।

১৬/ মহানগৰীৰ লাষ্টগেটত অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটীৰ প্ৰতিবাদ।
মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
কেন্দ্ৰৰ বৈষম্যমূলক বিত্তীয় বাজেটৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ।
বাজেটত বিহাৰ, অন্ধ্ৰপ্ৰদেশক দিয়া বৈষম্যমূলক পেকেজৰ বিৰুদ্ধে প্ৰতিবাদ।
প্ৰতিবাদস্থলীত আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ।

১৭/ ১০ ডিচেম্বৰত শ্বিলঙলৈ আহিব ব্ৰায়ান আডামছ।
ভাৰতত পাঁচখন চহৰত অনুষ্ঠান পৰিৱেশন কৰিব কানাডিয়ান সংগীতশিল্পীগৰাকীয়ে।
শ্বিলং, গুৰুগ্ৰাম, মুম্বাই, বেংগালুৰু, হায়দৰাবাদত অনুষ্ঠান পৰিৱেশন কৰিব ব্ৰায়ান আডামছে।

১৮/ জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ ডাকছুম অঞ্চলত ভয়ংকৰ দুৰ্ঘটনা।
দ খাৱৈত পৰিল যাত্ৰীবাহী বাহন। বৰ্তমান সময়লৈকে দুৰ্ঘটনাত ৫টা শিশুসহ ৮ জন লোকৰ মৃত্যু।
নিহতসকলৰ লগতে দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

১৯/ শীঘ্ৰে উৎকট গৰমৰ পৰা সকাহ পাব মহানগৰবাসীয়ে।
১ – ২ আগষ্টত গুৱাহাটীত বৃষ্টিপাতৰ সম্ভাৱনা।
আঞ্চলিক বতৰ বিজ্ঞান বিভাগে সদৰী কৰে এই কথা।

২০/ মৰাণৰ তিলৈজান মাজপথাৰ গাঁৱত হত্যাকাণ্ড।
যুৱকৰ দাৰ ঘাপত নিহত হয় ৫০ বছৰীয়া মহিলা।
হত্যাকাৰী সুনীল গোৱালাই অকস্মাতে ঘপিয়ায় প্ৰাণেশ্বৰী কৃষাণক।
মৰাণহাট আৰক্ষীয়ে আটক কৰে হত্যাকাৰী সুনীলক।
মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *