Rahul Gandhi

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rahul Gandhi

১/ ৰাষ্ট্ৰপতি ভৱনত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী Phạm Minh Chinhক অভ্যৰ্থনা অনুষ্ঠান।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উষ্ম আদৰণি জনাই।

উপস্থিত থাকে মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।

৩০ জুলাইৰ পৰা ১ আগষ্টলৈ ভাৰত ভ্ৰমণত আছে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী Phạm Minh Chinh ।

২/ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত শুভাৰম্ভ কৰে “এজুপি গছ মাৰ নামত” শীৰ্ষক কাৰ্যসূচী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনা আৰম্ভ কৰা “এক পেড় মা কে নাম” আন্দোলনৰ লগত সংগতি ৰাখি অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছে।

১ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ৰাজ্য চৰকাৰে ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য।

অসম সচিবালয় চৌহদত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰোপণ কৰি এই কাৰ্যসূচী শুভাৰম্ভ কৰে।

৩/ কেৰালাৰ ৱায়নাডত মৃতকৰ সংখ্যা ২৫৬জনলৈ বৃদ্ধি।

২৫৬ জনৰ ভিতৰত ৭৭ জন পুৰুষ, ৬৭ গৰাকী মহিলা আৰু ২২ টি শিশুক চিনাক্ত।

আজি ৱায়নাডত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰে সাংসদ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে।

৪/ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক অংশুমান গায়কোৱাড়ৰ দেহাৱসান।

তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ৭১ বছৰ বয়সত মৃত্যু হয় প্ৰাক্তন প্ৰশিক্ষকগৰাকীৰ।

৫/ সৰুসজাই ষ্টেডিয়ামত হ’ব আন এক বৃহৎ অনুষ্ঠান।

৮ হাজাৰ নাচনীয়ে পৰিৱেশন কৰিব ঝুমুৰ।

অংশগ্ৰহণ কৰিব ৰাজ্যৰ ১০০খন চাহ বাগিচাৰ শিল্পীয়ে।

সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

৬/ গ্ৰীষ্মবন্ধৰ পাছত আজিৰে পৰা আৰম্ভ হৈছে পাঠদান।

পাঠদানৰ পূৰ্বে ৰাজ্যৰ শিক্ষক সমাজৰে বাৰ্তালাপ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

অনলাইন পদ্ধতিৰে ৭,৭৭৩খন বিদ্যালয়ৰ শিক্ষকেৰে কৰে বাৰ্তালাপ।

৭/ নলবাৰীৰ শিলপোতাবড়ীত নিৰ্মাণ হ’ব নাৰ্চিং কলেজ।

শীঘ্ৰেই আৰম্ভ হ’ব নাৰ্চিং কলেজৰ নিৰ্মাণ কাৰ্য।

আজি নিৰ্মাণস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

৮/ সু-খবৰ।

পেৰিছ অলিম্পিক ২০২৪ত পুৰুষৰ ৫০ মিটাৰ ৰাইফল শ্বুটিংত ব্ৰঞ্জৰ পদক লাভ কৰে ভাৰতৰ স্বপ্নিল কুছালে আৰু

কোনো বিশেষ লেন্স, চকুৰ বা কাণৰ সুৰক্ষা নোহোৱাকৈ ৰূপৰ পদক লাভ কৰে তুৰ্কীৰ ৫১ বছৰীয়া শ্বুটাৰ ইউছুফ ডিকেকে।

৯/ আজমল ফাউণ্ডেচনৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন।

হোজাইত প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰে বিশেষ কাৰ্যসূচীৰ।

উপস্থিত থাকে প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল, বিধায়ক চিৰাজউদ্দিন আজমল।

১০/ কাইলৈ বিজেপি ত্যাগ কৰিব প্ৰাক্তন বিধায়ক অশোক শৰ্মাই।

মা কামাখ্যাৰ আশিস লৈ বিজেপি ত্যাগ কৰাৰ কথা ঘোষণা কৰে বিধায়কগৰাকীয়ে।

১১/ পশুধন নিগমৰ গাহৰি সংশাধন প্ৰকল্পৰ শুভ উদ্বোধন।

আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কৃষিমন্ত্ৰী অতুল বৰাই।

১২/ গুৱাহাটী ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত দীক্ষাৰম্ভ অনুষ্ঠান।

অনুষ্ঠানত উপস্থিত থাকে নাগালেণ্ডৰ শিক্ষা, পৰ্যটন মন্ত্ৰী টেনজেন ইমনা এলং, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্য ড০ ননীগোপাল মহন্ত আৰু বহু গণ্য মান্য ব্যক্তি।

১৩/ সমপৰ্যায়ৰ হ’ব SEBA -CBSE ৰ প্ৰশ্নকাকত।

অদূৰ ভৱিষ্যতে নাথাকিব মেট্ৰিকৰ ডিভিজন ব্যৱস্থা।

ইতিমধ্যে বিলুপ্ত কৰা হৈছে Rankৰ ব্যৱস্থা।

কেৱল থাকিব উৰ্ত্তীণ-অনুৰ্তীণৰ ব্যৱস্থা।

পৰীক্ষাৰ্থীসকলেহে অৱগত হ’ব ফলাফলৰ বিষয়ে।

ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

১৪/ ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ।

চলিত বৰ্ষত GMCHত ভৰ্তি হৈছে ৯০ গৰাকীকৈ ৰোগী।

জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ মৃত্যু হয় ২২গৰাকীৰ।

সুস্থ হৈ উঠে ২৩ গৰাকী লোক।

১৫/ আজিৰে পৰা কাৰ্যকৰী FASTagৰ নতুন নিয়ম।

FASTag নথকা বাহনে ভৰিব লাগিব দুগুন টোলকৰ।

সলনি কৰিব লাগিব ৫ বছৰ পুৰণি FASTag।

আপডেট কৰিব লাগিব ৩ বছৰীয়া FASTagৰ KYC।

নতুন নিয়ম অনুসৰি বাহনৰ পঞ্জীয়ন নম্বৰ আৰু চেছিছ নম্বৰ FASTagৰ সৈতে লিংক কৰিব লাগিব আৰু গাড়ীৰ সন্মুখ আৰু কাষৰ ফটো আপলোড কৰিব লাগিব।

১৬/ ভাৰতীয় বেংকিং ব্যৱস্থাত বৃহৎ ৰেনছমৱেৰ আক্ৰমণ।

সাময়িকভাৱে বন্ধ হয় ৩০০টা ভাৰতীয় স্থানীয় বেংকৰ পেমেণ্ট চিষ্টেম।

এন পি চি আইয়ে বন্ধ কৰে সেৱা।

১৭/ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ স্বাক্ষৰ সম্বলিত গামোচা প্ৰদান লাভলীনা বৰগোঁহাইক।

পেৰিছ অলিম্পিকত প্ৰথম মেচত জয়ৰ পাছতেই প্ৰদান কৰা হয় গামোচাখন।

অসম বক্সিং সন্থাৰ সম্পাদক তথা ভাৰতীয় বক্সিং ফেডাৰেছনৰ সচিব প্ৰধান হেমন্ত কুমাৰ কলিতা আৰু ভাৰতীয় বক্সিং ফেডাৰেছনৰ সভাপতি অজয় সিঙে প্ৰদান কৰে গামোচাখন।

১৮/ আজিৰে পৰা বৃদ্ধি গেছ চিলিণ্ডাৰৰ দাম।

প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ৬.৫০ টকাকৈ দাম বৃদ্ধি।

প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম দিল্লীত ১,৬৫২ টকা ৫০ পইচা।

মুম্বাইত ১,৬০৫ টকা, কলকাতা ১,৭৬৪ টকা।

১৯/ মধ্যপ্ৰাচ্যত হোৱা উত্তেজনাৰ বাবে লেবানন ভ্ৰমণ নকৰিবলৈ ভাৰতীয়লৈ পৰামৰ্শ।

শেহতীয়া পৰিস্থিতিৰ বাবে লেবানন ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ।

লেবানন থকা সকলো ভাৰতীয়ক ভাৰতীয় দূতাৱাসৰে সম্পৰ্ক ৰখাৰ পৰামৰ্শ।

ভাৰতীয় দূতাৱাসে মুকলি কৰে ফোন নম্বৰ-

+96176860128 আৰু মেইল ID-CONS.BEIRUT@MEA.GOV.IN

২০/ ভাৰতত এবছৰত ৩০.৫ লাখ লোকক কুকুৰে কামোৰাৰ ঘটনা।

২০২৩ চনত কুকুৰে কামোৰাৰ ফলত মৃত্যু ঘটূ ২৮৬ জনৰ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সংসদত উত্থাপন কৰে এই তথ্য।

কুকুৰে কামোৰাৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই জলাতংক প্ৰতিৰোধী ভেকচিন প্ৰদানৰ সংখ্যা বৃদ্ধি কৰিছে।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *