দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ ।
১/ আজি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন।
দিনৰ ১২ বজাত অনুষ্ঠিত হয় ভূমিপূজন কাৰ্যসূচী।
প্ৰকল্পৰ ভূমিপূজন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
উপস্থিত থাকে টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণ, কেইবাগৰাকীও মন্ত্ৰী, বিধায়কৰ লগতে বহু গণ্য মান্য ব্যক্তি।
২৭ হাজাৰ কোটি টকা ব্যয়ৰে
৫১৭ বিঘা ২৭ কঠা মাটিত নিৰ্মাণ হ’ব এই প্ৰকল্প।
প্ৰকল্পত নিয়োগ কৰা হ’ব ২৭ হাজাৰ কৰ্মচাৰী।
প্ৰায় ১৮ মাহৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য।
প্ৰকল্পটোত প্রতিদিনে উৎপাদন হ’ব ৪৮ মিলিয়ন চিপ্ছ।
২/ নতুন দিল্লীত ৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদ সন্মিলন অনুষ্ঠান।
কৃষি অৰ্থনীতিবিদ সন্মিলন অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী।
৩/ গুৱাহাটীসহ ৮টা ‘হাইস্পীড ৰোড ক’ৰিডৰ’ নিৰ্মাণত অনুমোদন।
৫০,০০০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে ৮টা দ্ৰুতবেগী পথ কৰিডৰত অনুমোদন কেন্দ্ৰৰ।
কেন্দ্ৰৰ অনুমোদনক প্ৰশংসা কৰি ভাৰতৰ আন্তঃগাঁথনিৰ উল্লেখযোগ্য উন্নীতকৰণ বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
৪/ ভূপেন বৰাৰ বাসগৃহত প্ৰাক্তন IGP ব্ৰজেনজিৎ সিংহৰ বৈঠক।
বৈঠকত উপস্থিত থাকে APCCৰ উপ সভাপতি নৱ তালুকদাৰ।
৯আগষ্টত কংগ্ৰেছত যোগদান কৰিব প্ৰাক্তন আৰক্ষী বিষয়া গৰাকীয়ে।
৫/ ডিব্ৰুগড়ৰ হোটেল Tree Farn ত এই সংবাদমেল।
সংবাদমেল সম্বোধন কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামনাথ ঠাকুৰে।
৬/ পুৱাই শক্তিপীঠ কামাখ্যাত উপস্থিত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং ছাইনি।
পৰিয়ালৰ সহিতে মাৰ আশিস লয় হাৰিয়ানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
৭/ আৰোহণ আঁচনিৰ অধীনত চাৰিদিনীয়া শিক্ষামূলক ভ্ৰমণৰ বাবে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা এখন বাছ ডিব্ৰুগড়ত দুৰ্ঘটনাগ্ৰস্ত।
সম্প্ৰতি সকলো নিৰাপদ আৰু এ এম চি এইচত চিকিৎসা গ্ৰহণ কৰি আছে ।
সামাজিক মাধ্যমযোগে এই কথা জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
৮/ অলিম্পিকত মেডেল লাভ কৰিলেই উপহাৰ পাব এখন গাড়ী।
অলিম্পিকত পদক বিজয়ীক প্ৰতিজন ভাৰতীয়ক MG Windsor গাড়ী উপহাৰ দিব উদ্যোগপতি সজ্জন জিন্দালে।
সামাজিক মাধ্যমযোগে এই ঘোষণা কৰে উদ্যোগপতি গৰাকীয়ে।
৯/ পেৰিছত প্ৰচণ্ড গৰম। ভাৰতীয় খেলুৱৈৰ বাবে ৪০টা AC প্ৰদান কৰে ক্ৰীড়া মন্ত্ৰালয়ে।
ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যন আৰু ফ্ৰান্সত থকা ভাৰতীয় দূতাবাসৰ সৈতে আলোচনাৰ পিছত লোৱা হয় এই সিদ্ধান্ত।
খেলুৱৈসকলৰ জিৰণি আৰু প্ৰদৰ্শন বৃদ্ধিৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ৰ পুঁজিৰে ক্ৰয় কৰে ACসমূহ।
১০/ ট্ৰাম্পৰ বিৰুদ্ধে ডেম’ক্ৰেটিক প্ৰাৰ্থী হ’ব ভাৰতীয় মূলৰ কমলা হেৰিছ।
অৱশেষত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰিল বাইডেন।
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰ-পত্ৰত স্বাক্ষৰ কৰি আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব ঘোষণা কৰে কমলা হেৰিছে।
১১/ হোজাইত বৃদ্ধি জাপানীজ এনকেফেলাইটিছ আৰু ডেংগী ৰোগীৰ সংখ্যা।
জিলাখনত চিনাক্ত ১২ জন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগী ।
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ দুজনৰ মৃত্যু হয় ।
৪০ জনৰ দেহত ডেংগী ৰোগ চিনাক্ত কৰা হয়।
১২/ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত দীক্ষাৰম্ভ ২০২৪ শীৰ্ষক অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে উঃ-পূবৰ আয়কৰ বিভাগৰ প্ৰধান আয়ুক্ত চৈতালী পানমেই, আনফৰ গ্ৰুপ অব কোম্পানীৰ স্বত্বাধিকাৰী মুস্তাক আহমেদ ।
১৩/ কাছাৰৰ কালাইনত বুজন পৰিমাণৰ বিদেশী সুৰা জব্দ।
এখন চিমেন্ট ভৰ্তি ট্ৰাকৰ পৰা উদ্ধাৰ কৰে বিদেশী সুৰাখিনি।
মেঘালয়ৰ পৰা মিজোৰামলৈ সৰবৰাহ কৰিছিল সুৰাখিনি।
ট্ৰাকখনৰ চালক-হেণ্ডিমেনক আটক কৰে আৰক্ষীয়ে।
আৰক্ষীক মেনেজ কৰিবলৈ অহা এজন লোককো আটক কৰে।
১৪/ পৃথিৱীত এটা দিন ২৪ ঘন্টাৰ পৰিৱৰ্তে ২৫ ঘন্টা হ’ব।
লাহে লাহে পৃথিৱীৰ কাষৰ পৰা আঁতৰি গৈ আছে চন্দ্ৰ।
উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ৰ গৱেষণাত প্ৰকাশ পাইছে এই তথ্য।
১৫/ আয়ুস্মান কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালেও এতিয়াৰে পৰা পাব বিনামূলীয়া চিকিৎসা।
ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
১৬/ বন্ধ হ’ল ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰাম।
বাংলাদেশত বন্ধ হ’ল মেটাৰ সকলো ছ’চিয়েল মিডিয়া প্লেটফ’ৰ্ম।
বাংলাদেশত ছাত্ৰৰ প্ৰতিবাদৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে।
১৭/ মহানগৰীৰ হোটেল লিলিত ৰাজ্যৰ ৪ আঞ্চলিক ৰাজনৈতিক দলৰ গুৰুত্বপূৰ্ণ বৈঠক।
বিৰোধী ঐক্যৰ বৈঠকৰ পূৰ্বে আঞ্চলিক দলৰ এই বৈঠক ।
বৈঠকত দলৰ একত্ৰীকৰণ সন্দৰ্ভত আলোচনা কৰা হয়।
১৮/ ডিব্ৰুগড়ত সংঘটিত হয় এক জঘন্য ঘটনা।
স্বামীৰ পৰিয়ালৰ নিৰ্যাতনৰ বলি হয় এগৰাকী ন-বোৱাৰী।
AMCHত মৃত্যু হয় নিৰ্যাতিতা বোৱাৰী নিকুমণি সেনাপতিৰ।
১৯/ কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলনত মৃতকৰ সংখ্যা ৩৪০জনলৈ বৃদ্ধি৷
সন্ধানহীন হৈ আছে ২০০ জন।
২০/ কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপ।
JEত আক্ৰান্ত হৈ মৃত্যু হয় এজনৰ।
৭ জনলৈ বৃদ্ধি পালে JEত আক্ৰান্ত ৰোগীৰ সংখ্যা।
শেহতীয়া JEত আক্ৰান্ত এগৰাকী ৬৪ বছৰীয়া বৃদ্ধা।
Sangita Dutta Editor in Chief Rnewsindia24.com