Himanta Biswa Sarma

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council

Ankit Motors Gogamukh

১/ চিৰাঙৰ বঙাইগাঁও শোধনাগাৰৰ বিনোদন কেন্দ্ৰত বিজেপিৰ বৈঠক।

ছিদলী সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হয় বৈঠক।

বৈঠকত অংশগ্ৰহণ কৰে মিত্ৰজোঁটৰ শীৰ্ষ নেতৃত্বই।

Himanta Biswa Sarma

‘ছিদলী উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ UPPL দলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২/ চন্দ্ৰযান-৩ৰ সফলতাৰ পাছত এইবাৰ চন্দ্ৰযান-৪ৰ মিছন ISROৰ৷

চন্দ্ৰযান-৪ৰ বাবে অনুমোদন নৰেন্দ্ৰ মোদী চৰকাৰৰ৷

চন্দ্ৰপৃষ্ঠত নমুনা সংগ্ৰহ কৰি পুনৰ পৃথিৱীলৈ ঘূৰি অহাৰ পৰিকল্পনা চন্দ্ৰযান-৪ৰ৷

৩/ প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ অভিযান (PM-AASHA)ৰ বাবে ৩৫,০০০ কোটি টকাৰ অনুমোদন কেবিনেটৰ।

এই তথ্য সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

৪/ ২১ ছেপ্টেম্বৰত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব আতিশী মাৰ্লেনাই।

মঙলবাৰে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰে অৰবিন্দ কেজৰিৱালে।

৫/ তিনিচুকীয়াত উপস্থিত অভিভাৱক মন্ত্ৰী বিমল বৰা৷

জিলাখনৰ বিভিন্ন দল-সংগঠনৰ লগতে বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী।

৬/ মাজুলীত অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু৷

যোৱা ১৫ দিনে বন্ধ হৈ আছে মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণকাৰ্য৷

আজি মাজুলীত উপস্থিত হৈ নিৰ্মাণ কৰ্তৃপক্ষৰে আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।

৭/ ৰিকি পণ্টিঙক পঞ্জাৱ কিংছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব ।

IPL-২০২৫ৰ বাবে মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান ৰিকি পন্টিঙক।

৮/ দেশত অতি শীঘ্ৰে ‘এক দেশ এক নিৰ্বাচন’।

ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠিত কমিটীৰ প্ৰতিবেদনত ৰাষ্ট্ৰপতিৰ অনুমোদন।

সদনৰ শীতকালীন অধিৱেশনত আহিব নতুন বিল।

৯/ অসম চৰকাৰৰ অতিৰিক্ত লোক অধিবক্তা বিদ্যুৎ বিকাশ গগৈক বৰ্খাস্ত।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰ্খাস্ত কৰা হয়।

লোক অধিবক্তা কাৰ্য্যালয়ৰ ৩ গৰাকী সহায়ক- ব্ৰজেন কুমাৰ নাথ, কমল নাথ, অৰূপ কুমাৰ ডেকাক বৰ্খাস্ত কৰা হয়।

১০/ আছুৰ পৰা পদত্যাগ কৰে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে দ্বায়িত্ব অৰ্পণ কৰে চাৰ্জুন হান্সেক ।

১১/ অসম চুক্তিৰ ৫ আৰু ৬ নং দফা সন্দৰ্ভত কংগ্ৰেছৰ সংবাদমেল।

সংবাদমেল সম্বোধন কৰে APCC ৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

১২/ ১০ বছৰৰ পিছত জম্মু-কাশ্মীৰত অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচন।

পুৱাৰে পৰা আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হয় ২১৯ গৰাকী প্ৰাৰ্থী ।

১৩/ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, তামিলনাডু আৰু কেৰালাই আগবঢ়ালে ৩০.৬% GDP।

বিগত ৫ দশকত জিডিপি শ্বেয়াৰ বৃদ্ধিত শীৰ্ষস্থানত কৰ্ণাটক ।

GDPৰ ক্ষেত্ৰত নিম্নস্থানত আছে পশ্চিমবংগ।

বিগত ৬ দশকত অসমৰ GDP ১০২.৯%ৰ পৰা ৭৩.৭% লৈ হ্ৰাস।

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদ (PMEAC)ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ।

১৪/ আজি আদালতত পুনৰ হাজিৰ কৰোৱা হয় বিশাল ফুকনক।

৫ দিনৰ বাবে পুনৰ নিজৰ জিম্মাত বিচাৰিলে আৰক্ষীয়ে।

বিশাল ফুকনৰ সহযোগী চুমি বৰাৰ ককায়েক পলাতক।

১৫/ আজাৰাৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ক বাছ অৰ্পণ SBIৰ।

ভাৰতীয় ষ্টেট বেংকে আগবঢ়াই এখন শীত-তাপ নিয়ন্ত্ৰিত যাত্ৰীবাহী বাছ।

SBI বেংকৰ ডেপুটি মেনেজাৰ ৰামা মোহন ৰাও আমৰাই বাছখন অনুষ্ঠানিকভাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰে।

SBIৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত অৰ্পণ কৰে বাছখন।

অনুষ্ঠানত উপস্থিত থাকে SBIৰ কৰ্প’ৰেট চেণ্টাৰ মুম্বাইৰ এছ ৰাধাকৃষ্ণনৰ লগতে SBI গুৱাহাটীৰ CGM ধ্ৰুৱচৰণ বাল।

১৬/ মহানগৰীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখত প্ৰতিবাদ।

মহিলা কংগ্ৰেছ কৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ।

ৰাহুল গান্ধীক লৈ একাংশ বিজেপি নেতাই কৰা মন্তব্যৰ প্ৰতিবাদ।

ৰাহুল গান্ধীক টাৰ্গেট কৰি লোৱাক লৈ ক্ষোভ প্ৰতিবাদকাৰীৰ।

বিজেপিয়ে ঘৃণাৰ ভাব দেশৰ চাৰিওপিনে বিয়পোৱাৰ অভিযোগ।

১৭/ নুমলীগড়ৰ মৰঙী চাহ বাগিচাত উত্তাল প্ৰতিবাদ।

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকে।

চৰকাৰক ৪৫ দিনৰ ভিতৰত দাবী মানি লোৱাৰ আহ্বান শ্ৰমিকৰ।

অন্যথা স্মাৰ্ট মিটাৰসমূহ ধনশ্ৰী নৈত উটুৱাই দিয়াৰ হুংকাৰ শ্ৰমিকৰ।

১৮/ মিজোৰামত ৬ কোটি টকাৰ ড্রাগছ জব্দ।

জব্দ হয় ৪০ কিলোগ্রাম মেথাফেটামাইন, ৩ কিলোগ্রাম হেৰ’ইন।

দুজন ম্যানমাৰ নাগৰিকসহ ৩ সৰবৰাহকাৰী গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।

১৯/ দক্ষিণ লেবানন আৰু ৰাজধানী বেইৰুটত পেজাৰ বিস্ফোৰণ।

বিস্ফোৰণত ১১জনৰ মৃত্যু হয়।

ইৰানৰ ৰাষ্ট্ৰদূতসহ ২,৮০০জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ইৰানৰ ৰাষ্ট্ৰদূত মোজিতবা অমানী।

আঘাতপ্ৰাপ্তৰ ভিতৰত আছে হিজবুল্লাৰ সদস্য আৰু স্বাস্থ্যকৰ্মী।

ঘটনাত ইজৰাইল জড়িত থকাৰ অভিযোগ হিজবুল্লাৰ।

পেজাৰ ডিভাইচৰ ভিতৰত PETN কেমিকেল ব্যৱহাৰ কৰাৰ সন্দেহ।

বিস্ফোৰণৰ বাবে ১৯ ছেপ্টেম্বৰলৈ বন্ধ ৰখা হৈছে বিমানসেৱা।

২০/ শোণিতপুৰৰ ৰঙাপৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰ।

ৰঙাপৰা-বালিপৰা পথৰ নেকেৰাহোলাত উদ্ধাৰ হয় মৃতদেহটো।

উদ্ধাৰ হোৱা মৃতদেহটো এজন বয়োজ্যেষ্ঠ পুৰুষৰ।

অচিনাক্ত বাহনৰ খুন্দাত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।

নিহত ব্যক্তিজনক চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *