দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ ঝাৰখণ্ডত নিৰ্বাচনৰ মাজতে মিঠাইৰ বিপণীত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
বিভিন্ন মিঠাইৰ সোৱাদ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।
২/ অৰুণোদয় ৩.০ৰ সফল ৰূপায়ণ সন্দৰ্ভত আজি মাজুলী জিলা আয়ুক্ত কাৰ্যালয়ত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি (DLMC)ৰ বৈঠক।
বৈঠকত উপস্থিত থাকে মন্ত্ৰী ৰণোজ পেগু, বিধায়ক ভূৱন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক।
৩/ অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীয়ে মনোনয়ন কৰে।
উপস্থিত থাকে অসম সন্মিলিত মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞা, সাধাৰণ সম্পাদক, AJPৰ সভাপতি লুৰীণজ্যোতি গগৈ।
৪/ দীপাৱলীৰ পূৰ্বে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ।
দীপাৱলী উপলক্ষে ২৮ অক্টোবৰত লাভ কৰিব দৰমহা।
৫/ বঙাইগাঁৱত মনোনয়ন দাখিল কৰে অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে৷
দীপ্তিময়ী চৌধুৰীক সংগ দিয়ে মন্ত্ৰী অতুল বৰা, ৰঞ্জিত কুমাৰ দাসে৷
৬/ চামগুৰিত মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই৷
দীপ্লুৰঞ্জন শৰ্মাক সংগ দিয়ে বিজেপি সভাপতি ভৱেশ কলিতাই৷
৭/ ছিদলী সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ ব্ৰহ্মৰ মনোনয়ন দাখিল কৰে।
মনোনয়ন দাখিলৰ পূৰ্বে কাজলগাঁও ষ্টেডিয়ামত অনুষ্ঠিত হয় জনসভা।
৮/ বঙাইগাওঁ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহই দাখিল কৰে মনোনয়ন পত্ৰ।
৯/ গোৱাত অনুষ্ঠিত ২৪সংখ্যক ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ চেম্পিয়নশ্বিপ ২০২৪-২৫ত অসমৰ পৰা ৩টা স্বৰ্ণ, ৪টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদক লাভ কৰে।
১০/ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে ৰে’ল বিভাগৰ পদক্ষেপ৷
পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে ৫খনকৈ বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা৷
কৰিমগঞ্জ-শিলচৰ, মৰিয়নি-নাৰেংগীৰ মাজত চলিব বিশেষ ৰে’ল৷
১১/ ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা।
৫,০২৩ টা পদৰ বাবে অনুষ্ঠিত হ’ব।
অৱতীৰ্ণ কৰিব ১৩, ৭৯,১৩২ গৰাকী পৰীক্ষাৰ্থী।
দেওবাৰে ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা।
পৰীক্ষাৰ বাবে পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ কৰ্তন হ’ব ইন্টাৰনেট সেৱা।
সংবাদ মেলত মন্তব্য অতিৰিক্ত মুখ্য সচিব ডি কল্যাণ চক্ৰৱৰ্তী।
১২/ কেৰালাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ পদত এজন অসমীয়া৷
মুখ্য নিৰ্বাচনী বিষয়া হিচাপে নিযুক্ত প্ৰণৱজ্যোতি নাথ৷
১৩/ CBIৰ জালত ডিব্ৰুগড়ৰ GSTৰ যুটীয়া আয়ুক্ত ৰাহুল কুমাৰ।
৬০ লাখ টকা উৎকোচ লৈ CBIৰ হাতত গ্ৰেপ্তাৰ হয় ৰাহুল কুমাৰ।
মুম্বাইত কৰ্মৰত অৱস্থাত উৎকোচ হিচাপে লৈছিল ৬০ লাখ টকা ।
গুৱাহাটীত বাহৰ পাতি থকা অৱস্থাত গ্ৰেপ্তাৰ ৰাহুল কুমাৰক।
আজি গুৱাহাটীৰ CBIৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব বিষয়াজনক।
১৪/ আজি মনোনয়ন দাখিল কৰিব জয়ন্ত বৰাই৷
বিহালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা৷
১৫/ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব সঞ্জীৱ খান্না৷
বৰ্তমানৰ CJI ডি ৱাই চন্দ্ৰচূড়ৰ অৱসৰৰ পাছতে খান্নাক দিয়া হ’ব নিযুক্তি৷
কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন লাল মেঘৱালে অৱগত কৰে এই কথা৷
১৬/ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত ‘আদিগুৰু সেৱা দিৱস’ উদযাপন।
আদিগুৰু পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ সেৱা-শ্ৰদ্ধা-ভক্তি গঢ়ি তোলাৰ প্ৰয়াস।
বিশ্বৰ আন ১০৪খন শাখা সেৱাশ্ৰমতো পালন কৰে এই দিৱস।
ছাত্ৰ-ছাত্ৰীসকলেও পিতৃ-মাতৃৰ চৰণত সেৱা জনাই শপতবাক্য গ্ৰহণ কৰে।
১৭/ প্ৰয়াত উদ্যোগপতি ৰতন টাটাৰ ১০,০০০ কোটিৰ সম্পত্তিৰ অন্যতম উত্তৰাধিকাৰী হ’ব ‘টিটু’৷
টিটু হ’ল প্ৰয়াত টাটাৰ জাৰ্মান শ্বেফাৰ্ড প্ৰজাতিৰ পোহনীয়া কুকুৰ৷
১৮/ LACত সংঘাত নিৰাময়ৰ বাবে নতুন দিল্লী আৰু বেইজিঙৰ মাজত হোৱা বুজাবুজিৰ চুক্তি ক্ৰমশ কাৰ্যকৰী হৈছে৷
পূৱ লাডাখৰ ডেমচোক আৰু ডেপচাঙৰ পৰা চীনা সৈন্যৰ পশ্চাদগামী৷
তথ্য প্ৰকাশ কৰে প্ৰতিৰক্ষা বিভাগে৷
১৯/ এতিয়াৰে পৰা আধাৰ দেখুৱাই প্ৰমাণ কৰিব নোৱাৰিব বয়স৷
নাগৰিকৰ বয়স, জন্মৰ প্ৰমাণপত্ৰ হ’ব নোৱাৰে আধাৰ কাৰ্ড৷
আধাৰ কাৰ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান৷
বয়স প্ৰমাণ কৰিবলৈ আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা নাই বুলি ৰায়দান৷
২০/ ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ সৈতে গুৱাহাটী ক্ৰীড়া সন্থাৰ বুজাবুজি চুক্তি।
এইবাৰ গুৱাহাটী ক্ৰীড়া সন্থাই অনুষ্ঠিত কৰিব বৰদলৈ ট্ৰফী।
বৰদলৈ ট্ৰফী টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাত সহায় কৰিব ৰাজ্য চৰকাৰে।
অহা জানুৱাৰী মাহৰ ২৯ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব বৰদলৈ ট্ৰফী।
Sangita Dutta Editor in Chief Rnewsindia24.com