‘Kapé MAC’
■ ২০/১২/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০ নং অৱনৰি সমষ্টি পৰিদৰ্শন কৰি ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ বিভিন্ন সমস্যাৰ বুজ লয় মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
পৰিদৰ্শন কালত সংগ দিয়ে স্থানীয় সাধাৰণ সদস্যা তথা কাৰ্য্যবাহী সদস্যা ইন্দিৰা চিন্তে কুম্বাঙে।
উপস্থিত থাকে জাতীয় সংগঠনৰ বিভিন্ন বিষয়ববীয়া আৰু স্থানীয় ৰাইজ ।
উল্লেখ্য যে, ৰাইজে উত্থাপন কৰা বিভিন্ন অভাৱ অভিযোগ সমূহ পৰিষদৰ তৰফৰ পৰা সামৰ্থ অনুসৰি সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
■ ২১/১২/২০২৪ তাৰিখে লক্ষীমপুৰ পশু বিজ্ঞান মহাবিদ্যালয়ৰ নৱম সংখ্যক “বাৰ্ষিক সপ্তাহ” অনুষ্ঠানৰ
উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰি মহাবিদ্যালয় খনৰ উত্তৰোত্তৰ উন্নতিৰ কামনা কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
অনুষ্ঠানত উপস্থিত থাকে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ (বৰ্তমান উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়) অধ্যক্ষ ড৹ বিমান চন্দ্ৰ চেতিয়া, লক্ষীমপুৰ পশু বিজ্ঞান মহাবিদ্যালয়ৰ ডিন ড৹ উমাকান্ত তামুলী, মহাবিদ্যালয়ৰ সঞ্চালক ড৹ সঞ্জীৱ খাৰঘৰীয়া, মহাবিদ্যালয় খনৰ সমূহ অধ্যাপক, কৰ্মচাৰী সকল।
■ ২২/১২/২০২৪ তাৰিখে ২৩ ডিচেম্বৰ তাৰিখৰ পৰা মিংমাং ৰূপহী স্থিত ‘অসম পেনচাক চিলাট সমৰ কলা আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা প্ৰশিক্ষণ শিৱিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰশিক্ষাৰ্থী সকলক সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
■ যোৱা ২০/১২/২০২৪ তাৰিখৰ পৰা ২৩ ডিচেম্বৰ তাৰিখলৈ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ধেমাজি বিধানসভা সমষ্টি পৰ্যায়ৰ “ক্ৰীড়া প্ৰতিযোগিতা” অনুষ্ঠিত কৰে।
উক্ত প্ৰতিযোগিতা শুভাৰম্ভণি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল জাভিৰ, বিশিষ্ট সমাজকৰ্মী সকল, গণশক্তি, MMK, TMMK, TMPK ৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
আনহাতে, ২২/১২/২০২৪ তাৰিখে সামৰণি অনুষ্ঠানত উপস্থিত থাকি প্ৰতিযোগিতাত বিজয়ীসকলক ট্ৰফী আৰু মেডেল বিতৰণ কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া।
■ ২২/১২/২০২৪ তাৰিখে লখিমপুৰ জিলাত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড, বানপীড়িত ৰাইজক আৰ্থিক সাহাৰ্য্য আৰু ঋণমুক্ত প্ৰমাণ-পত্ৰ আনুষ্ঠানিক ভাৱে বিতৰণ কৰা অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।
■ ২১/১২/২০২৪ তাৰিখে ‘হামিং বাৰ্ড’ বিদ্যালয়ত অনুষ্ঠিত কৰা AMMO(বীজ) Children Literary Festivalত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।
উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য নিলকান্ত দলে, বিদ্যালয় খনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, অন্যান্য বিশিষ্ট ব্যক্তিসকল।
■ ২১/১২/২০২৪ তাৰিখে লখিমপুৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে গ্ৰহণ কৰা অভিলাষি আচঁনি আনন্দৰাম বৰুৱা আৰু ড৹ বাণীকান্ত কাকতি বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী সুৰেশ গোৱালা, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, বিধায়ক ত্ৰয় অমিয় কুমাৰ ভূঞা, নৱ কুমাৰ দলে, মানৱ ডেকা, বিশিষ্ট ব্যক্তি সকল।
■ যোৱা ২০/১২/২০২৪ তাৰিখে মাতমৰা পঞ্চায়তৰ কেকুৰী বিল্লাম উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ঢকুৱাখনা জিলা মাধ্যমিক শিক্ষক সন্থা আৰু কৰ্মচাৰী সন্থাৰ নৱম দ্বি- বাৰ্ষিক সাধাৰণ অধিবেশনৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাৱলীল ভাষণ আগবঢ়াই মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
■ ১৯/১২/২০২৪ তাৰিখে জীয়াঢলত মিচিং অপিন্ কেবাং ধেমাজি মঃদুমৰ সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰে।
উক্ত কৰ্মশালাত সমলব্যক্তি হিচাপে উপস্থিত থাকি বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
আপুনি আপোনাৰ বহুমূলীয়া তথা মূল্যবান সময় খৰচ কৰি আমাৰ প্ৰতিবেদনটি পঢ়াৰ বাবে Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Sangita Dutta Editor in Chief Rnewsindia24.com