বিশ্বৰ শীৰ্ষ ৫২ খন পৰ্যটন ক্ষেত্ৰৰ ভিতৰত চতুৰ্থ স্থানত “অসম”।
“অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ” – ভাৰতৰত্ন, সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা।
“অসম” বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ মিলনভূমি। উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ আৰু সাতভগ্নীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ‘অসম’।
চহকী ঐতিহ্য আৰু বুৰঞ্জীয়ে পৰশা, শাৰী শাৰীকৈ ঠিয় হৈ থকা পাহাৰ, ধীৰ গতিত বৈ থকা নদী, মুখ্যতঃ বৰাক আৰু ব্ৰক্ষ্মপুত্ৰ, সতেজ শ্যামলিমা আৱৰণেৰে শোভনীয় হৈ থকা সমৃদ্ধিশালী এখন ৰাজ্য।
বিশ্বৰ পৰ্যটন মানচিত্ৰত জিলিকি উঠিছে ৰাজ্যখন।
বিশ্ববিখ্যাত দ্যা নিউয়ৰ্ক টাইমছৰ সমীক্ষাত ২০২৫ বৰ্ষত ভ্ৰমণ কৰিবলগীয়া বিশ্বৰ শীৰ্ষ ৫২ খন পৰ্যটন ক্ষেত্ৰৰ ভিতৰত চতুৰ্থ স্থানত লাভ কৰিছে “অসম”।
এই গৌৰৱময় বাৰ্তাৰ শুভমূহুৰ্তত Rnewsindia24 পৰিয়ালৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
অসমৰ পৰ্যটনস্থলীসমূহ ক্ৰমে- কামাখ্যা মন্দিৰ, বশিষ্ঠ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, অসম ৰাজ্যিক সংগ্ৰহালয়, চিৰিয়াখানা, শংকৰদেৱ কলাক্ষেত্ৰ, উমানন্দ, মহাবাহু ব্ৰহ্মপুত্ৰ, মদন কামদেৱ দেৱালয়, চানডুবি বিল, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, চৰাইদেউ, শিৱ দ’ল, আজানপীৰৰ দৰগাহ, জয়দৌল, ৰুদ্ৰদৌল, গৌৰীদৌল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য, গৰমপানী অভয়াৰণ্য, লাওখোৱা অভয়াৰণ্য, বৰনদী অভয়াৰণ্য, সোণাই-ৰূপাই অভয়াৰণ্য, পাভৈ অভয়াৰণ্য, ব্ৰহ্মপুত্ৰ, শৰাইঘাট দলং, কলীয়াভোমোৰা সেতু, নৰনাৰায়ণ সেতু, বগীবিল দলং, ভূপেন হাজৰিকা সেতু, টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, হাতীগড় শিৱদ’ল, বুঢ়ীগোসানী দেৱালয়, গৰখীয়া দ’ল, ঢেকীয়াখোৱা বৰ নামঘৰ, লাচিত বৰফুকন মৈদাম, অসম সাহিত্য সভাৰ মুখ্য কাৰ্য্যালয়, চন্দ্ৰকান্ত সন্দিকৈ ভৱন, দক্ষিণপাট সত্ৰ, আউনীআটী সত্ৰ, উষা পাহাৰ, অগ্নিগড়, মহাভৈৰৱ মন্দিৰ, ভৈৰৱী মন্দিৰ, চিত্ৰলেখা উদ্যান, মহামায়া ধাম, হাবুং, উমৰাংছু, পানীমূৰ জলপ্ৰপাত, মাইবং, চেলকাল পীকৰ টুমজাং ট্ৰেক, মহা মৃত্যুঞ্জয় মন্দিৰ, শুৱালকুছি, ডিগবৈ, কাৰ্বি আংলং জিলাখনৰ চুকে-কোণে বিৰল প্ৰজাতিৰ অনেক উদ্ভিদ তথা প্ৰাণীকুলে বিৰাজ কৰি আছে৷ প্ৰাকৃতিক আৱেশৰ মাজত সিঁচৰতি হৈ থকা নৈ-নিজৰা আৰু জলপ্ৰপাত, বনাঞ্চল আৰু বন্য-জীৱন, স্থাপত্য-ভাস্কৰ্য আৰু কীৰ্তিচিহ্নৰ অৱশেষ, নৃগোষ্ঠী আৰু নৃগোষ্ঠীয় সাংস্কৃতিক নানান ঐতিহাসিক সমল আদিয়ে চহকী কৰি তুলিছে।
অসমত থকা এনে বিভিন্ন আপুৰুগীয়া সম্পদবোৰৰ বাবেই “অসম” পৰ্যটকসকলৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু।
এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰ সমূহ জানি থাকিবৰ নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com