International Mother Language Day

 “আন্তৰ্জাতিক ভাষা দিৱস”

Spread the love

চিৰ চেনেহী মোৰ ভাষা জননী।

আইৰ মুখৰ ভাষা সুৱদী-সুৰীয়া।

মাতৃভাষা হৈছে প্ৰত্যেক জাতিৰ ঐতিহ্য, স্বাভিমান আৰু জীৱনীশক্তি।

বিশেষকৈ নিজ মাতৃভাষাৰে কথা ক’লে যিমান বুজাব অথবা বুজিব পাৰি, অন্য ভাষাৰে ইমান সহজ নহয় ৷

অন্তৰ উজাৰি ভাবৰ সোঁত নিজ মাতৃভাষাই বোৱাই লৈ আহে।

সকলোৰে বাবে আইৰ মুখৰ ভাষাটো অতুলনীয় আৰু মাতৃদুগ্ধতুল্য।

মাতৃভাষা উজ্জীৱিত হৈ থাকিলে এটা জাতিৰ স্পন্দন বিশ্বৰ বুকুত প্ৰতিফলিত হৈ থাকে।

সেয়ে আমাৰ সুৱদিসুৰীয়া ভাষাবোৰৰ বিবিধতাই আমাৰ দেশখনক মহিমামণ্ডিত কৰিছে।

প্ৰখ্যাত সাহিত্যিক, ভাষাবিদ, চিন্তাবিদ ড° বাণীকান্ত কাকতিদেৱে কৈছিল- “ভাষাৰ বান্ধেই সমাজ আৰু ৰাষ্ট্ৰৰ বান্ধ”।

জানো আঁহক, এই দিৱসৰ তাৎপৰ্যৰ বিষয়ে

ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰত্যেক বছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়।

১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে।

কানাডাৰ ভেংকুভাৰ নগৰ নিবাসী দুজন বঙালী লোক ৰফিকুল ইছলাম আৰু আব্দুছ চালামে ১৯৯৮ চনত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান কফি আন্নানৰ ওচৰত ২১ ফেব্ৰুৱাৰীৰ দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱসৰূপে স্বীকৃতি প্ৰদান কৰিবলৈ আবেদন জনায়।

২০০০ চনত ৰাষ্ট্ৰসংঘৰ সদস্য দেশসমূহে ২১ ফেব্ৰুৱাৰী দিনটো সন্মান সহকাৰে তথা মৰ্যদাৰে উক্ত দিৱস পালন কৰে।

২০০৯ চনৰ ১৬ মে’ তাৰিখে ৰাষ্ট্ৰসংঘ‍ই A/RES/61/266 নং সিদ্ধান্ত অনুসৰি সকলো সদস্য দেশকে “বিশ্বৰ মানৱে ব্যৱহাৰ কৰা সকলো ভাষাৰ সংৰক্ষণ আৰু সুৰক্ষা”ৰ বাবে অনুৰোধ কৰে।

একে সিদ্ধান্ত অনুসৰি সাধাৰণ সভাই ২০০৮ চনত “ভাষাৰ আন্তৰ্জাতিক দিৱস” হিচাপে গ্ৰহণ কৰে।

২০১০ চনত ৰাষ্ট্ৰসংঘৰ ৬৫তম অধিবেশনত প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰীত “আন্তৰ্জাতিক মাতৃভাষা দিৱস” ৰূপে পালন কৰিবলৈ বাংলাদেশে উত্থান কৰা প্ৰস্তাৱ গৃহীত হয়।

২০১০ চনৰ মে’ মাহত ৰাষ্ট্ৰ সংঘৰ তথ্যবিষয়ক সমিতিত প্ৰস্তাৱটো সৰ্বসন্মতিক্ৰমে গৃহীত হয়।

উল্লেখ্য যে, ১৯৫২ চনৰ এই দিনটোতে বাংলা ভাষাক পাকিস্তানৰ অন্যতম ৰাষ্ট্ৰভাষা কৰাৰ দাবী জনোৱা আন্দোলনকাৰী ছাত্ৰসকলৰ ওপৰত পুলিচে গুলিবৰ্ষণ কৰাত কেইবাজনো যুৱক থিতাতে শ্বহীদ হয়।

সেয়েহে এই দিনটো বাংলাদেশত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়।

প্ৰতিটো জাতি জনগোষ্ঠীৰ আইৰ মুখৰ ভাষাটি জাকত-জিলিকা হৈ থাকক তাৰে মনে-প্ৰাণে কামনা কৰিলোঁ।

আহক, আমি সকলোৱে নিজ নিজ মাতৃভাষা চিৰযুগমীয়া কৰি ৰাখিবলৈ ভাষাৰ শুদ্ধ চৰ্চাৰ লগতে ব্যাপক প্ৰচাৰ-প্ৰসাৰ, সংৰক্ষণ তথা উৎকৰ্ষ সাধনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হওঁ।

এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

 

ধন্যবাদ।।

 

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *