ভাওনাৰ সৃষ্টি আৰু পৰম্পৰা

ভাওনাৰ সৃষ্টি আৰু পৰম্পৰা।

Spread the love

“জয় গুৰু শংকৰ”

অসমীয়া জাতিৰ প্ৰাণস্পন্দন তথা সৰ্বগুণসম্পন্ন, পৰম আৰাধ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিভিন্ন জাতি-জনগোষ্ঠীৰে গঠিত বৃহত্তৰ অসমীয়া সমাজখনত একশৰণ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ জৰিয়তে সংস্কাৰ সাধনেৰে একতাৰ এনাজৰী সুদৃঢ় কৰি ভক্তিৰস বোৱাই গৈছে।

নৃত্য, গীত, সংস্কৃতি যে মানৱ জীৱনৰ বাবে অপৰিহাৰ্য, সেই কথা তেওঁ তেতিয়াই বৰগীত, ভাওনা, অংকীয়া নাট, গায়ন-বায়ন আদিৰে বুজাই দিছিল।
“এক দেৱ এক সেৱ, এক বিনে নাই কেৱ” চিন্তাধাৰাৰে তেখেতে সমাজক ভক্তিমাৰ্গৰ সন্ধান দি থৈ গৈছে।
এখন আধুনিক সমাজ গঢ়িবৰ বাবে প্ৰতিষ্ঠা কৰা সত্ৰ, নামঘৰ সমূহ গুৰুজনাৰ এক অনুপম সম্পদ।

সেয়েহে, অসমীয়াক স্বাভিমানেৰে জীয়াই ৰাখিবলৈ হ’লে গুৰুজনাৰ মহৎ আদৰ্শক সাৰোগত কৰি আগুৱাই যাব লাগিব।

ভাওনা

“ভাওনা” অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বহু অনুপম সৃষ্টিৰ ভিতৰত এক অনন্য সৃষ্টি- ভাওনা।
ভাওনা শব্দৰ প্ৰকৃত অৰ্থ হৈছে – ‘ভাও দি দেখুওৱা কাৰ্য’।
য’ত নৃত্য, গীত আৰু বাদ্যযন্ত্ৰৰ ব্যৱহাৰৰ লগতে বিভিন্ন কাৰ্য্যৰ জৰিয়তে কাহিনী উপস্থাপন কৰা হয়।
গুৰুজনাৰ এই অমৰ সৃষ্টি ভাওনাই আমাৰ জাতিটোৰ সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰাই নহয়, আধ্যাত্মিক দিশেৰেও সন্তুলিত আৰু সমৃদ্ধ কৰি ৰাখিছে।

এক কথাত কবলৈ গ’লে গুৰুজনাই ভাওনাৰ জৰিয়তে সকলো স্তৰৰ লোককে ঈশ্বৰমুখী হোৱাৰ সুগম পথৰ সন্ধান দিছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে পৌৰাণিক আখ্যানৰ ভিত্তিত ব্ৰজাৱলী ভাষাত ৰচনা কৰা নাটসমূহেই হৈছে অংকীয়া নাট।
মহাপুৰুষ দুজনাই তেওঁ লোকে ৰচনা কৰা নাটসমূহক “যাত্ৰা ঝুমুৰা” হে বুলিছিল।

অংকীয়া নাটৰ বুৎপত্তিগত অৰ্থ ‘একাংকিকা নাটক’।
কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদে‌ৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধ‌ৱদেৱে তেখেতসকলৰ নাটসমূহক ‘নাট’, ‘নাটক’ বা ‘যাত্ৰা’ আদি নামেৰেহে অভিহিত কৰিছিল।
‘অংকীয়া নাট’ শব্দটি তুলনামূলক ভাৱে আধুনিক শব্দ।
নাট বুজো‌ৱা শব্দ ‘অংক’-ৰ লগত ‘ঈয়া’ প্ৰত্যয় লগলগাই পিছৰ কালৰ বৈষ্ণ‌ৱ সমাজে এই শব্দক বিশেষণ ৰূপত ব্যৱহাৰ কৰিবলৈ লয়।
এই শব্দ সৰ্বপ্ৰথমে ব্যৱহৃত হয় গুৰুদুজনাৰ অন্যতম শিষ্য দৈতাৰি ঠাকুৰ আৰু ৰামচৰণ ঠাকুৰৰ দ্বাৰা ৰচিত চৰিত পুথিত।
গুৰুদুজনাৰ দ্বাৰা ৰচিত নাটসমূহৰ লিখিত পাঠক অংকীয়া নাট আৰু সেই পাঠসমূহৰ নাট্য প্ৰদৰ্শনক অংকীয়া ভাওনা বা ভা‌ৱনা বুলি কো‌ৱা হয়।

ভাওনাৰ বৈশিষ্ট্যসমূহ হৈছে –

১/ সূত্ৰধাৰ : সূত্ৰধাৰজন সংস্কৃত নাটক, পুতলা নাচ বা ওজা পালিৰ ওজাৰ অনুৰূপ হ’লেও শংকৰদেৱৰ নাটৰ সূত্ৰধাৰজন সুকীয়া। সূত্ৰধাৰক কুশল অভিনেতা, গীত-বাদ্য-নাট বিশাৰদ আৰু সুপৰিচালক হিচাপে গুৰুজনাই তেৰাৰ নাটত ঠাই দিছে।

২/ দ্বিতীয় গীত-শ্লোক আৰু পয়াৰৰ প্ৰয়োগ ।

৩/ ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ ।

৪/ লয়যুক্ত গদ্য প্ৰয়োগ ।

৫/ সংস্কৃত শ্লোকৰ ব্যৱহাৰ ।

ভাওনাৰ বাদ্যযন্ত্ৰসমূহ হৈছে

গুৰুজনাই বৈকুণ্ঠ পট আঁকি দৰ্শকৰ আগত দেখুওৱা ‘চিহ্নযাত্ৰা’ ভাওনা স্থিৰ চিত্ৰ আছিল।
সেই চিত্ৰক গুৰুজনাই গীত, বাদ্য আৰু নৃত্যৰে মনোমোহা কৰি তুলিছিল।
যাৰ বাবে নিজেই বাদ্য নিৰ্মাণ কৰাই বাজনা ৰচনা কৰি পৰিবেশন কৰাইছিল।

ভাওনাত ব্যৱহৃত অৱনদ্ধ বাদ্য অৰ্থাৎ চামৰাৰে মুখ ঢকা আঙুলি বা কাঠি আদিৰে বজোৱা বাদ্যৰ ভিতৰত খোল, মৃদংগ, নেগেৰা আদি পৰে।
ঘন বাদ্য অৰ্থাৎ টান পদাৰ্থৰে আঘাত কৰি বজোৱা বাদ্যৰ ভিতৰত পাতি তাল, ভোৰতাল, বৰকাঁহ, খেৰেঙীতাল, খুটি তাল, মন্দিৰা আদি অন্যতম।
ভাওনাত পূৰ্বে তাঁৰযুক্ত বা তত্‌ বাদ্যৰূপে চাৰেন্দাৰ আৰু ৰবাবৰ প্ৰচলন আছিল যদিও বৰ্তমান এইবোৰৰ ব্যৱহাৰ লুপ্ত।
সেই সমূহৰ ঠাই বেহেলা আদি বাদ্যই পূৰণ কৰিছে।
ভাওনাত ব্যৱহৃত সুষিৰ বাদ্য হৈছে শঙ্খ, কালি, বাঁহী ইত্যাদি।

ভাওনাৰ প্ৰতীক

সাত খলপীয়া সিংহাসন (সপ্ত বৈকুণ্ঠ, পূৰ্ণব্ৰহ্মৰ প্ৰতীক)।

ভোটা, সিংহাসনৰ কাষতে (থাপনাৰ সোঁহাতে) মূঢ়াৰে সৈতে আঢ়ৈ ফুটমান ওখকৈ পোতা কলগছৰ মূঢ়াটোৰ মাজতে খোৰোং কৰি, তাত মিঠাতেল আৰু আৰৈ চাউল দি মাজতে সূতা মেৰোৱা শলা এডাল পুতি জুই লগাই পোহৰ কৰা সঁজুলি (একশৰণ নামধৰ্মৰ প্ৰতীক)।

অগ্নিগড় (নৱধীভক্তি)।

আৰিয়া (শ্ৰৱণ-কীৰ্তন ভক্তি)।

আঁৰ কাপোৰ (মায়া) আৰু মহতা (গুৰুৰ দ্বাৰা ভক্তি জ্ঞান প্ৰদান)।

ভাওনাৰ নৃত্য ন প্ৰকাৰত বিভক্ত 
১/ গায়ন-বায়নৰ নাচ
২/ সূত্ৰধাৰী নাচ
৩/ গোঁসাই নাচ
৪/ মাইকী বা স্ত্ৰী নাচ
৫/ অন্যান্য ভাৱৰীয়া প্ৰৱেশৰ নাচ
৬/ যুদ্ধৰ নাচ
৭/ গীত-শ্লোক-ভটিমাৰ নাচ
৮/ খৰমানৰ নাচ
৯/ ভঙ্গীনাচ

ভাওনাৰ সাজ-পোছাকঃ

নাটৰ চৰিত্ৰ অনুসৰি ভাৱৰীয়াসকলক বাছনি কৰি সাজ-পোচাক নিদ্দিষ্ট কৰি দিয়া হয়।

১/ গায়ন-বায়ন আৰু সূত্ৰধাৰসকলৰ পিন্ধনত বগা ধূতি বা ঘোৰী, হাত গেঞ্জী, পাঞ্জাবী, চেলেং চাদৰ আৰু মূৰত বগা পাগ থাকে।
কিছুমান সত্ৰ বা নামঘৰত মোগলাই বগা পাগো ব্যৱহাৰ হয়।

২/ ৰামৰ চৰিত্ৰৰ বাবে গা আৰু হাতত নীল, হালধীয়া ৰং মিশ্ৰিত অনুলেপন সানি কপালত দীঘলীয়া ফোট, পিন্ধনত গেৰুৱা বা হালধীয়া ধুতি আৰু ৰঙীণ চেলেং চাদৰ।
হাত আৰু বাহুত বাজু, ভৰিত কিংকিনি থাকে।

৩/ কৃষ্ণ আৰু বলৰামৰ ক্ষেত্ৰত কৃষ্ণক গেৰুৱা-হালধীয়া ধূতি, গাত গেঞ্জী, পিঠিয়া আৰু বুকুৰফালে বুকুৱা, গাত ৰঙীণ চেলেং চাদৰ, কঁকাল বান্ধনী, মুখ-হাতত বগা, হালধীয়া আৰু কিছু নীল মিশ্ৰণ কৰি প্ৰস্তুত কৰা অনুলেপন, কপালত দীঘলীয়া ফোট, হাত আৰু ভৰিত বাজু, মণি-মুকুতা সজোৱা ৰাজকীয় পোচাক, ভৰিত জুনুকা বা নূপূৰ, কঁকালত বান্ধনী, ৰঙীণ শাৰী, ডিঙিত মণি-মুকুতাৰ মালা বা ফুলৰ মালা, মূৰত কীৰিতি বা মুকুট, হাতত বাজু।

৪/ ভীমৰ মূৰত বাৰ্বি, গাত গাঁঠি চোলা, মাণিক-মুকুতা লগোৱা পোচাক, কঁকাল বান্ধনী, পিন্ধনত ৰঙীণ শাৰী, হাত-বাহুত বাজু, ডিঙিত ৰাজকীয় মালা বা মণি।

৫/ ঋষি-মুনিসকলৰ মূৰত জঁটা, মুগা-ক’লা বৰণৰ, গাত অনুলেপন, হালধীয়া ধূতি, হালধীয়া চেলেং-চাদৰ, হাত-ডিঙিত মালা, কপালত চন্দনৰ দীঘল ফোঁট, হাতত কমণ্ডলু, চিমতা, কিছুমানে জঁটাতো ফুলৰ মালা পিন্ধা দেখা যায়।

৬/ অসুৰৰ ৰজা-মন্ত্ৰীসকলৰ মণি-মুকুতা খটোৱা ৰাজকীয় পোচাক, হাতত গদা বা ত্ৰিশূল, কঁকাল বান্ধনী, ডিঙিত মণি, হাত-বাহুত বাজু, মূৰত চুলি আৰু কীৰিতি মুকুট, চকুৰ পতাত ৰঙা ৰাংপতা বা ৰং, কপালত ফোঁট আৰু কিছুমান অসুৰে গাত অনুলেপন সানি, হাতত শূল লৈ প্ৰৱেশ কৰা দেখা যায়।

৭/ অসুৰৰ পিন্ধনত ৰঙীন শাৰী, কঁকাল বান্ধনী, ৰঙীন চেলেং চাদৰ, কপালত দীঘলীয়া বা পথালিকৈ ফোট।

৮/ ৰাক্ষস-ৰাক্ষসীৰ পিন্ধনত গাত ক’লা বা ৰঙীণ জলম, মুখ-মূৰত আউলী-বাউলী চুলি, পিন্ধনত সুবিধা অনুযায়ী ৰঙীণ কাপোৰ, হাতৰ আঙুলিত দীঘল নখ থকা দেখা যায়।
ভালুক-বান্দৰৰ জলম ঘৰতে তৈয়াৰ কৰি লোৱা হয়।

সকলোবিলাক ভাৱৰীয়াই ভৰিত জুনুকা বা নূপূৰ পিন্ধে, কাণত কুণ্ডল, মণি আদি পিন্ধা দেখা যায়।

অংকীয়া নাটৰ অভিনয়ক হে দৰাচলতে ভাওনা বোলা হয়।
খ্ৰীষ্টিয় পঞ্চদশ শতিকাৰ দ্বিতীয়ভাগত শংকৰদে‌ৱৰ দ্বাৰা প্ৰ‌ৱৰ্তিত ধৰ্মীয় তথা জনপ্ৰিয় মনোৰঞ্জনৰ মাধ্যম অংকীয়া নাট ভাওনাই হ’ল অসমীয়া নাট্য ইতিহাসৰ প্ৰথম নিদৰ্শন।

অংকীয়া নাটৰ বৈশিষ্ট্যসমূহ হৈছে –

১/ একাংকিকা নাট- অংকীয়া ভাওনা হৈছে পৌৰাণিক আখ্যান বা ধৰ্মীয় বিষয়বস্তু আধাৰিত একাংকিকা নাট্যাভিনয়।

২/ মুখাৰ প্ৰয়োগ – অংকীয়া ভাওনাত বিভিন্ন চৰিত্ৰৰ চিত্ৰায়নৰ বাবে ভাৱৰীয়া সকলে মুখা পিন্ধে।
দৃশ্যমান আহিলা প্ৰয়োগেৰে চৰিত্ৰসমূহক অধিক জীৱন্ত ৰূপত তুলি ধৰাত মুখাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৩/ গীত, বাদ্য আৰু নৃত্য- অংকীয়া ভাওনা গীত, ভটিমা আৰু পয়াৰৰ পয়োভৰ ঘটে। খোল, মৃদংগ আৰু ভোৰতাল আদি বাদ্য ব্যৱহাৰ লগতে নৃত্যৰ প্ৰাধান্য অংকীয়া ভাওনা অন্যতম গুৰুত্বপূৰ্ণ দিশ।

৪/ সত্ৰীয়া পৰম্পৰাৰ ভেঁটি- ক’লাৰ মাধ্যমেৰে লোকসমাজত ভক্তিৰসত প্ৰচাৰেই আছিল অংকীয়া ভাওনাৰ মূল উদ্দেশ্য। সেয়েহে অংকীয়া ভাওনাৰ শিপাডাল অসমৰ সত্ৰীয়া পৰম্পৰাত প্ৰগাঢ়ভাৱে পোত গৈ আছে।

তাৎপৰ্য

১/ সাংস্কৃতিক ঐতিহ্য – অংকীয়া ভাওনা সমূহ অসমীয়া সংস্কৃতিৰ সাতামপুৰুষীয়া বৰপেৰাৰ অমূল্য ৰত্ন।
অংকীয়া ভাওনাই অসমৰ ইতিহাস আৰু পৰম্পৰাৰ গৌৰৱময় চানেকি বহন কৰে।

২/ শৈল্পিক প্ৰকাশভংগী – অংকীয়া ভাওনাত ঘটা অভিনয়, সংগীত আৰু নৃত্যৰ নান্দনিক সমন্বয়ে ইয়াক শৈল্পিক প্ৰকাশৰ এটি একক আৰু অনন্য মাধ্যম হিচাপে অপ্ৰতিম ৰূপত প্ৰতিষ্ঠা কৰিছে।

৩/ পৰম্পৰাৰ ৰক্ষণাবেক্ষণ – মূল ৰূপৰ কোনো বিকৃতি নঘটোৱাকৈ সুধী সমাজে অবিশ্ৰান্তভাৱে অংকীয়া ভাওনাৰ সংৰক্ষণ আৰু প্ৰচাৰ প্ৰসাৰৰ প্ৰয়াস কৰিছে।

অসমৰ অংকীয়া ভাওনাৰ সৈতে ভাৰতৰ অন্যান্য ৰাজ্য আৰু ভিন ভিন সম্প্ৰদায়ৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত নাট্য-সংস্কৃতি মিল পৰিলক্ষিত হয়।

উদাহৰণস্বৰূপে –

ভাৰত
১/ যক্ষগণ (কৰ্ণাটক) – অংকীয়া ভাওনাৰ দৰেই সংগীত, নৃত্য, নাটকৰ সংমিশ্ৰণেৰে এক পৰম্পৰাগত নাট্য শৈলী।
যক্ষগণ প্ৰায় ১০-১১ শতিকাৰ পৰা পৰম্পৰাগত ভাৱে প্ৰচলিত হৈ আহিছে।

২/ চৌ নৃত্য (ঝাৰখণ্ড, পশ্চিমবংগ আৰু ওড়িশাত প্ৰচলিত)- এই পৰম্পৰাগত নৃত্য তথা নাট্য শৈলীত মুখাৰ ব্যৱহাৰেৰে পৌৰাণিক আখ্যান আৰু লোককথাৰ উপস্থাপন কৰা হয়।

৩/কথাকলি (কেৰেলা) – হিন্দু সকলৰ মাজত প্ৰচলিত পৌৰাণিক আখ্যান সমূহৰ অৱতাৰণাৰ উদ্দেশ্যে সুক্ষ্মভাৱে অলংকৃত বিশেষ সাজসজ্জা, ৰূপসজ্জা তথা মুখাৰ ব্যৱহাৰেৰে পৰিৱেশিত কথাকলি ভাৰতৰ এক ধ্ৰুপদী নৃত্য তথা অভিনয় শৈলী।
প্ৰায় ১৬ পৰা ১৭ শতিকাত কুতিয়াত্মম আৰু কৃষাত্মম কালত উৎপত্তি হৈছিল।

দক্ষিণ পূৱ এচিয়া

১/ ৱায়াং ৱং (ইণ্ডোনেছিয়া) – হিন্দু, বৌদ্ধ আৰু ইচলামিক ধৰ্মৰ পৌৰাণিক আখ্যান সমূহক আধাৰ হিচাপে লৈ মুখাৰ ব্যৱহাৰেৰে পৰিৱেশিত এক পৰম্পৰাগত নাট্যক’লা।
পৌৰাণিক তথ্য অনুসৰি প্ৰায় ১০ শতিকাত উৎপত্তি হৈছে আৰু ১৬ শতিকাত আধুনিকীকৰণ কৰা হৈছে।

২/ খোন (থাইলেণ্ড) – মুখা ব্যৱহাৰ কৰি থাই আখ্যান আৰু লোককথাৰ উপস্থাপন কৰা এক ধ্ৰুপদী নৃত্য তথা অভিনয় শৈলী।
খোন অযোধ্যা যুগৰ ১৩৫০ শতিকাৰ পৰা ১৭৬৮ শতিকাত উৎপত্তি হোৱাৰ তথ্য পোৱা যায়।

পূব এছিয়া

১/ নোহ থিয়েটাৰ (জাপান) – মুখা ব্যৱহাৰ কৰি জাপানৰ প্ৰাচীন আখ্যান আৰু লোককথা সমূহ দাঙি ধৰা এক পৰম্পৰাগত অভিনয় শৈলী।
১৪০০ শতিকাৰ পহিলা ভাগৰ ফালে মৰ’মাছি কালত উৎপত্তি হৈছিল আৰু ১৩৩৬ – ১৫১৩ শতিকাত জন্ম হোৱা চাৰোগাকো আৰু ডেংগাকো নাট্যৰ জৰিয়তে প্ৰচাৰ -প্ৰসাৰ হৈছিল।

২/ পেকিং অপেৰা (চীন) – চীনা পৌৰাণিক আখ্যান আৰু লোকপ্ৰবাদ সমূহৰ প্ৰতাৰণাৰ বাবে সুক্ষ্মভাৱে অলংকৃত বিশেষ সাজ-পোছাক, ৰূপসজ্জা আৰু মুখা ব্যৱহাৰ কৰি পৰিৱেশন কৰা এক ধ্ৰুপদী নাট্য শৈলী।

পেকিং অপেৰা প্ৰায় ১৬৪৪-১৯১২ শতিকাত চীনা ৰাজবংশীয় পৰম্পৰাৰ পৰা উৎপত্তি তথ্য পোৱা যায়।

অনান্য সাদৃশ্য

১/ গ্ৰীক ট্ৰেজেডী (গ্ৰীচ) গ্ৰীক ট্ৰেজেডীৰ মুখা ব্যৱহাৰৰ সৈতে অংকীয়া নাটৰ মুখা ব্যৱহাৰৰ সামঞ্জস্য আছে।
গ্ৰীক ট্ৰেজেডী পৌৰাণিক ৰীতি-নীতি আৰু মৌখিক কাহিনীৰ পৰা প্ৰায় ৬ শতিকাত উৎপত্তি হৈছে আৰু গ্ৰীচৰ প্ৰখ্যাত নাট্যগোষ্টী এথেন্সৰ ডাইঅ’নাইছাচৰ এইছ ছিলাছ, চ’ফ’কলচ আৰু ৰিপাইদছ নাটকৰ জৰিয়তে প্ৰচাৰ-প্ৰসাৰ হৈছিল।

২/ কমেডিয়া ডেল’ আৰ্টে (ইটালী) – এই পৰম্পৰাগত নাট্য শৈলীত অংকীয়া ভাওনাৰ দৰেই মুখা আৰু শাৰীৰিক প্ৰহসনৰ প্ৰচলন আছে।
কমেডিয়া ডেল’ আৰ্টে প্ৰায় ১৫৫০-৬০ শতিকাত ‘ভেনিস’ নামৰ ঠাইৰ পৰা উৎপত্তি হৈছে।

উক্ত উদাহৰণ সমূহে মুখা, সংগীত আৰু অভিনয়ৰ মাধ্যমেৰে বিভিন্ন প্ৰান্তৰ সংস্কৃতি তথা পৰম্পৰাগত নাট্য শৈলীৰ মাজত এক মনোৰম যোগসূত্ৰ স্থাপন কৰে।

 

এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

ধন্যবাদ।।

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *