অসমৰ স্বাভিমান চাহৰ ইতিহাস
‘চাহ‘ অসমৰ প্ৰেক্ষাপটত অৰ্থনীতিৰ এটি অন্যতম আধাৰেই নহয়, ই এক সংস্কৃতি আৰু আৱেগৰ নাম৷
অৰ্থাৎ চাহে অসমৰ জাতীয় সত্ত্বাক জীপাল কৰি ৰাখিছে।
বিশ্বৰ বুকুত অসমৰ চাহৰ আছে সুকীয়া পৰিচয় আৰু ঐতিহ্য ৷
সেয়ে “অসম” চাহৰ বাবে বিখ্যাত।
একাপ সুস্বাদু চাহৰ জুতিয়ে দেহৰ অৱসাদ আঁতৰাই দিয়ে, ভাগৰ আৰু সঞ্চাৰ দূৰ কৰি নতুন উদ্দীপনা সৃষ্টি কৰে।
পুৱাই ৰ’দত বহি, চেঁচা বতাহজাক অনুভৱ কৰি একাপ চাহৰ জুতি লয় নে আপোনালোকে ?
“চাহ”ৰ উৎপত্তি চীন দেশত হৈছিল, বৰ্তমান টাইৱান দ্বীপৰ বিপৰীতে থকা ফুকিয়ান প্ৰদেশত।
ঐতিহাসিক তথ্য অনুসৰি খ্ৰীষ্টপূৰ্ব ২৭০০-ত চীনত চাহ খোৱা প্ৰথাৰ প্ৰচলন আছিল।
”চাহ” শব্দটো চীনা শব্দৰ পৰা আহিছে।
চীনদেশত চাহক ‘চাʼ বুলি কোৱা হয়।
চিংফৌ ভাষাত চাহক ‘ফিনাপʼ অথবা ‘ফালাপ’ আৰু আহোম ভাষাত ‘নাম – ফালাপʼ বুলি কোৱা হয়।
‘নামʼ মানে পানী আৰু ‘ফালাপʼ মানে চাহ ।
সম্ভৱতঃ এইদৰেই অসমত চাহ পাত পানীত দি উতলাই খোৱা ৰসবিধক চাহ-পানী বুলি কোৱা হয়।
চাহ গছৰ বৈজ্ঞানিক নাম হৈছে “ক্যামেলিয়া সিনেন্সিস” (Camellia sinensis)
জানো আঁহক চাহ খেতি আৰু প্ৰস্তুতকৰণ সম্পৰ্কে
১/ পুলি ৰোপন- চাহ গছৰ বংশ বৃদ্ধি দুই প্ৰকাৰে কৰা হয় – কাটিং আৰু গুটিৰ পৰা।
উপযুক্ত স্থান নিৰ্বাচন কৰি, মাটি প্ৰস্তুত কৰি গুটি পচোৱা হয়।
চাহ পুলি ৰোপন কৰাৰ আগেয়ে মাটিডৰাৰ ভৌতিক আৰু ৰাসায়নিক গুণাগুণসমূহৰ পৰীক্ষা কৰি মাটিডৰা চাহ খেতিৰ বাবে উপযুক্ত হয়নে নহয় থিৰাং কৰে।
মাটিডৰাত থকা ডাঙৰ গছ-গছনিবোৰ উভলা, হালবোৱা, মৈয়াই মাটিডৰা সমান কৰা ইত্যাদি কাম নিৰ্দিষ্ট নিয়ম অনুসৰি কৰা হয়।
২/ নলা ব্যৱস্থা: চাহ বাগিচা এখনৰ কেঁচাপাত উৎপাদনত বাগিচাখনৰ নলা ব্যৱস্থা থাকিব লাগিব।
মাটিৰ উপৰিভাগ তথা গছৰ শিপা অঞ্চলৰপৰা অতিৰিক্ত পানীভাগ যাতে বাধাহীনভাৱে ওলাই যাব পাৰে তাৰ বাবে সু নলাৰ ব্যৱস্থা কৰা হয়।
সু-নলা ব্যৱস্থাৰ দ্বাৰা মাটিৰ খহনীয়া বহু পৰিমাণে ৰোধ হয় আৰু গছৰ শ্ৰীবৃদ্ধি হয়।
অসমৰ মাটি চাহ খেতিৰ বাবে উপযোগী।
৩/ ছাঁ-গছ ৰোপন- অসমৰ ভৌগোলিক অৱস্থানৰ ফলত সৃষ্টি হোৱা বায়ুমণ্ডলৰ উচ্চ তাপমাত্ৰা আৰু বতাহৰ স্তিমিত গতিৰ বাবে অসমৰ চাহ খেতিত ছাঁ-গছ ৰোপন কৰা হয়।
ছাঁ-গছবোৰে চাহ গছৰ পাতৰ উষ্ণতা হ্ৰাস কৰে, মাটিত জৈৱিক পদাৰ্থ আৰু আন মৌলৰ যোগান ধৰে, পানী সংৰক্ষণ কৰাৰ উপৰি চাহ গছবোৰত কিছুমান কীট-পতংগৰ উপদ্ৰৱ হ্ৰাস কৰে।
ছাঁ-গছ যেনে – নীল গছ, ঘোঁৰা নিম, ৰঙা চন্দন, শিল কৰৈ বা চাম কৰৈ আদি।
অৱশ্যে অসমৰ কিছুসংখ্যক ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাগিচাত মাইফাক , তামোল , নাহৰ , চিৰিজ আদিক ছাঁ গছ হিচাপে ৰোপন কৰা দেখা যায়।
৪/ সাৰ প্ৰয়োগ- সাধাৰণতে মাৰ্চ-এপ্ৰিল মাহত বছৰৰ প্ৰথমজাক বৰষুণ অহাৰ পাছতেই সাৰ প্ৰয়োগ কৰে।
অৱশ্যে পৰিস্থিতি সাপেক্ষে স্প্ৰেয়িং যন্ত্ৰৰ সহায়ত চাহ পাতত সাৰ প্ৰয়োগ কৰা হয়।
৫/ পাত তোলা কাৰ্য- চাহ গছৰ পাত তুলি থাকিলেহে গছজোপাৰ পৰা নতুনকৈ পোখা মেলে আৰু এক নিৰ্দিষ্ট সময়ৰ অন্তত পুনৰ সেই পোখাবোৰ চিঙা হয়।
৬/ কলম- ডিচেম্বৰ-জানুৱাৰী মাহত চাহ গছৰ কলম কৰা হয়।
কলম কৰিলেহে চাহ গছজোপাই নতুনকৈ চাহ উৎপাদন কৰিব পাৰে।
মাৰ্চ, এপ্ৰিল, মে’, জুন, জুলাই, আগষ্ট, ছেপ্তেম্বৰ, নৱেম্বৰ – এই সময়ছোৱাত চাহপাত উৎপাদন হয়।
৭/ কলঘৰলৈ প্ৰেৰণ- পাত তোলাৰ পাছত কলঘৰলৈ প্ৰেৰণ কৰাৰ আগেয়ে তোলা পাতবোৰ ভালদৰে বতাহ চলাচল কৰিব পৰা খেৰীঘৰত অথবা গছৰ ছাঁত বাঁহৰ চাঙৰ ওপৰত পাতলীয়াকৈ মেলি থয়।
কলঘৰলৈ কেঁচাপাত পৰিবহন কৰা বাহনবোৰত টুকুৰী বা পাতলীয়া অৰ্থাৎ জাল জাতীয় সামগ্ৰীৰে প্ৰস্তুত মোনাত পাত কঢ়িয়াই নিয়ে, কাৰণ বাহনবোৰত হেঁচি হেঁচি পাত পৰিবহন কৰিলে পাতৰ গুণাগুণ হ্ৰাস পায়।
এনেদৰে বাগিচাৰ পৰা কলঘৰলৈ কেঁচাপাত প্ৰেৰণ কৰা হয়।
পোনপ্ৰথমে কেঁচা পাতবোৰ কলঘৰৰ ৱেট ব্ৰীজ (Weight bridge) ত ওজন কৰা হয়।
পাতবোৰ ট্ৰাফ (Trough)ত ঢালি দি ফেন চলাই বতাহ দিয়া হয়, যাতে পাতত থকা অতিৰিক্ত পানীভাগ আঁতৰি যায়।
লগতে ইন্ধনৰ জৰিয়তে পাতবোৰ শুকোৱাৰ ব্যৱস্থা কৰা হয়।
ট্ৰাফ (Trough)ৰ পৰা পাতবোৰ Rotarvane নামৰ যন্ত্ৰত ঢলা হয় যাতে ট্ৰাফত দিয়াৰ পাছতো পাতত ৰৈ যোৱা পানী সম্পূৰ্ণ শুকাই যায়।
তাৰ পাছত C.T.C ( Crush tea curl) যন্ত্ৰত পাতবোৰ কটা হয়।
Ghoogi নামৰ যন্ত্ৰত কটা পাতবোৰ দানা আকাৰ কৰা হয়।
C.F.M ( Continuous Fermenting Machine)ত পাতৰ দানাবোৰত Oxidation প্ৰক্ৰিয়া সংঘটিত হয়, যাৰ ফলত চাহত বিভিন্ন সুৱাদ (flavour) আহে।
ইয়াৰ পিছত Dryer (V.F.B.D. ,Vibro Fluid Bed Dryer) যন্ত্ৰত চাহ শুকান কৰা হয় আৰু ইয়াৰ দ্বাৰা চাহে ক’লা ৰং পাবলৈ সক্ষম হয়।
Sorting নামৰ যন্ত্ৰত প্ৰস্তুত কৰা চাহবোৰ বিভিন্ন আকাৰৰ চালনিৰ মাজেৰে চলা হয়, যাৰ ফলত আমি বজাৰত উপলব্ধ সৰু বৰ আকাৰৰ চাহ দেখিবলৈ পাওঁ।
চাহৰ চাহিদা অনুসৰি কলঘৰতেই চাহৰ বিভিন্ন ধৰণৰ পেকেট তৈয়াৰ কৰি বিভিন্ন কোম্পানীলৈ বিক্ৰী কৰে। এনেদৰেই চাহ প্ৰস্তুত কৰা হয়।
অসমত চাহৰ উৎপত্তিঃ
পোনপ্ৰথমে চীন দেশত “চাহ খেতি” আৰম্ভ হৈছিল।
চীনৰ পিছতেই ভাৰত, শ্ৰীলংকা, জাপান আদি বিশ্বৰ বহু দেশত লাহে লাহে এই চাহখেতিৰ আৰম্ভণি হয়।
১৮২৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজেন্ট মেজৰ ৰবাৰ্ট ব্ৰুচ চাহাবক চিংফৌৰ কোনোবা এজন ৰজাই দুটা চাহৰ পুলি উপহাৰ দিয়ে।
তাৰ পিছতে ব্ৰুচ চাহাবে অসমত চাহৰ সন্ধান কৰিবলৈ লয়।
ব্ৰুচ চাহাবৰ সেই কামত অসমৰ এজন ব্যক্তিয়ে সহায় কৰিছিল।
তেখেত হৈছে অসমৰ স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱান।
১৮৩৯ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমবাৰ অসমত চাহ খেতিৰ আৰম্ভ কৰে।
অসমৰ প্ৰথমখন চাহ বাগিছা হৈছে – “চাবুৱা চাহ বাগিছাʼʼ আৰু অসমৰ প্ৰথমজন চাহ খেতিয়ক হৈছে – মণিৰাম দেৱান।
চাহ বাগিছাখনত খেতি কৰি নিজস্বভাৱে তেখেতে ১৮৫৩ চনত অসমত দুখন চাহ বাগিছা স্থাপন কৰে।
প্ৰথমখন “চিনামৰা চাহ বাগিছাʼʼ আৰু দ্বিতীয়খন “চেলেং চাহ বাগিছাʼʼ।
অসমৰ চাহ বিশ্বৰ বজাৰত নিজস্ব এক পৰিচয় আছে।
সেয়ে, চাহৰ বাবে ইংৰাজসকলে অসমত প্ৰথমবাৰ ১৮৮৫ চনত ৰেল যাতায়তৰ ব্যৱস্থা কৰে।
অসমত চাহ বাগিচাৰ সংখ্যা- অসমত প্ৰায় ৮০০খন চাহ বাগিচা আছে।
শিৱসাগৰত ৮৫ খন , তিনিচুকীয়াত ১২২ খন , গোলাঘাটত ৭৪ খন , কাৰ্বি আংলংত ১৫ খন , যোৰহাটত ৮৮ খন , ডিব্ৰুগড়ত ১৭৭ খন , ধুবুৰীত ৩ খন , বঙাইগাঁওত ১ খন , গোৱালপাৰাত ২ খন , ওদালগুৰিত ২৪ খন , কোকৰাঝাৰত ৩ খন , বাক্সাত ৪ খন , চিৰাঙত ১ খন , কামৰূপ (মেট্ৰ’)ত ৩ খন , কামৰূপ (গ্ৰাম্য)ত ৩ খন , নগাঁৱত ২১ খন , শোণিতপুৰত ৫৯ খন , লখিমপুৰত ৯ খন , ধেমাজিত ২ খন , কাছাৰত ৫৬ খন , ডিমা হাছাওত ২ খন , কৰিমগঞ্জত ২৩ খন চাহ বাগিচা আছে।
অসমৰ বিশ্বনাথ জিলাত এছিয়াৰ বৃহত্তম চাহ বাগিচাখন অৱস্থিত ।
বাগিচাখনৰ নাম হৈছে মোনাবাৰী চাহ বাগিচা।
চাহৰ উৎপাদনৰ বিভিন্ন দিশ সম্পৰ্কে শিক্ষা প্ৰদান কৰিবলৈ ১৯৬৮ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, অসম চৰকাৰ, ভাৰতীয় চাহ বৰ্ড আৰু বিভিন্ন চাহ উৎপাদনকাৰী সংস্থাৰ যুটীয়া সহযোগত অসম কৃষি বিশ্ববিদ্যালয়ত “চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগʼʼ স্থাপন কৰে।
চাহ উদ্যোগৰ বাবে কাৰিকৰীভাৱে শিক্ষিত আৰু দক্ষ পৰিচালকৰ যোগান ধৰি চাহৰ মৌলিক আৰু ব্যৱহাৰিক গৱেষণাৰ বাবে এক শৈক্ষিক ভেঁটি গঢ়ি তোলাই হৈছে এই বিভাগৰ প্ৰধান লক্ষ্য।
এই বিভাগ স্থাপনে বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষাৰ লগতে অসমৰ অৰ্থনীতিলৈ অৰিহণা যোগোৱা চাহ উদ্যোগৰ যোগসূত্ৰ স্থাপনৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে।
এই বিভাগত স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী পৰ্যায়ত অধ্যয়নৰ সুবিধা আছে।
ইয়াৰোপৰি নিবনুৱা যুৱক-যুৱতী আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতি লক্ষ্য ৰাখি এই বিভাগত এক ছমহীয়া বৃত্তিমূলক পাঠ্যক্ৰমৰ ব্যৱস্থা আছে।
এই বিভাগত অধ্যয়নৰ বাবে ভাৰতৰ বিভিন্ন প্ৰদেশৰ উপৰিও চাহ উৎপাদনকাৰী বিভিন্ন দেশৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সমাগম হয়।
ছাত্ৰ-ছাত্ৰী আৰু খেতিয়কৰ শিক্ষা তথা ব্যৱহাৰিক জ্ঞান লাভৰ বাবে এই বিভাগৰ নিজা চাহ বাগিচা আৰু কলঘৰ আছে।
অসম কৃষি বিশ্ববিদ্যালয়ৰ “চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগ” ৰ বিশেষজ্ঞসকলক লৈ ১৯৮৮ চনত “চাহ পৰামৰ্শ কোষʼʼ গঠন কৰে।
অসমত উৎপাদিত চাহপাত বিক্ৰী কৰিবলৈ ১৯৭০ চনৰ ২৫ ছেপ্তেম্বৰত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয়।
উক্ত কেন্দ্ৰটি বিশ্বৰ অন্যতম ব্যস্ততম চাহ ব্যৱসায়িক সুবিধালব্ধ কেন্দ্ৰ।
১৯১১ চনত যোৰহাটৰ টোকলাইত বিশ্বৰ প্ৰথম আৰু এছিয়াৰ সবাতোকৈ ডাঙৰ চাহৰ গৱেষণা কেন্দ্ৰ “টোকলাই চাহ গৱেষণা কেন্দ্ৰʼʼ (Tuklai Tea Research center) স্থাপন কৰা হয়।
ইয়াৰোপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত “চাহ আৰু কৃষি অধ্যয়ন কেন্দ্ৰʼʼ (Center for Tea and Agro Studies) ই চাহ খেতিৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে।
ডিব্ৰুগড়ত এটি চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰে।
গৱেষণা কেন্দ্ৰটি হ’ল- ‘Tea Tribe Research center’ ।
চাহ সঞ্চালকালয় – অসম চৰকাৰৰ এটা অনুষ্ঠান।
অসমৰ ক্ষুদ্ৰ চাহ উদ্যোগৰ বিকাশ, সম্প্ৰসাৰণ আৰু ক্ষুদ্ৰ চাহ খেতিয়ক তথা শ্ৰমিকসকলৰ উন্নয়নৰ বাবে ১৯৯২ চনত চাহ সঞ্চালকালয় স্থাপন হয়।
অসমৰ চাহৰ গুণগত মানদণ্ডৰ প্ৰতি প্ৰত্যক্ষ কৰা আৰু পৰ্যবেক্ষণ কৰাই হৈছে চাহ সঞ্চালকালয়ৰ লক্ষ্য।
চাহ সঞ্চালকালয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে উচ্চ মানবিশিষ্ট আৰু অধিক উৎপাদনশীল কেঁচা চাহপাত উৎপাদন প্ৰযুক্তিৰ বিষয়ে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত ৰাজ্যজুৰি বিজ্ঞানসন্মত প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ন কৰে।
২০১০ চনৰ পৰা প্ৰচলিত এক কল্যাণকামী নীতিৰ অধীনত বিভিন্ন আঁচনিৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়ক তথা শ্ৰমিকসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে চাহ সঞ্চালকালয়ে সহায়ৰ হাত আগবঢ়ায় আহিছে।
ভাৰতীয় চাহ ব’ৰ্ডে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চিনাক্তকৰণৰ বাবে বায়’মেট্ৰিক কাৰ্ড (Biometric Card) প্ৰদানৰ ব্যৱস্থা কৰিছে।
ইয়াৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ওচৰৰ চাহ ব’ৰ্ডৰ কাৰ্যালয়ৰ পৰা নিৰ্দিষ্ট প্ৰ-পত্ৰ সংগ্ৰহ কৰি প্ৰয়োজনীয় তথ্যপাতি প্ৰদান কৰি আবেদন কৰিব লাগে।
সেই তথ্যপাতিৰ ভিত্তিত চাহ ব’ৰ্ডে খেতিয়কজনক বায়’মেট্ৰিক কাৰ্ড প্ৰদান কৰে।
ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজৰ কেঁচাপাত ওচৰৰ বাগিচাৰ কলঘৰ বা বটলিফ ফেক্টৰীত বিক্ৰী কৰিবলৈ হ’লে এই বায়’মেট্ৰিক কাৰ্ড থকাটো অপৰিহাৰ্য।
অসমৰ অধিক সংখ্যক চাহ খেতিয়কে এই বায়’মেট্ৰিক কাৰ্ডৰ জৰিয়তে কলঘৰত নিজৰ কেঁচাপাত বিক্ৰী কৰে। আনহাতে যিসকলে এই কাৰ্ড সংগ্ৰহ কৰা নাই তেওঁলোকে কাৰ্ড থকা চাহ খেতিয়কসকলক নিজৰ কেঁচাপাত বিক্ৰী কৰে।
প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com