Pencak Silat

আস্মিতা ৰাষ্ট্ৰীয় ছাব-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেনচাক চিলাট লীগ।

Spread the love

Pencak Silat

অহা ৯ ৰ পৰা ১২ এপ্ৰিল তাৰিখে চট্টিছগড়ৰ বিলাছপুৰস্থিত বি.আৰ. যাদৱ ইণ্ড’ৰ ষ্টেডিয়িমত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত চাৰিদিনিয়াকৈ অনুষ্ঠিত হ’ব আস্মিতা ৰাষ্ট্ৰীয় ছাব-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ ২০২৫।

ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিবলৈ অসমৰ বিভিন্ন জিলাৰ ১৬ গৰাকী মহিলা পেন্‌চাক চিলাট খেলুৱৈ আজি গুৱাহাটী ৰেল-ষ্টেচনৰ পৰা বিলাছপুৰ অভিমুখে ৰাওনা হয়।

Pencak Silat

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ প্ৰযোজনা আৰু পৰ্য্যবেক্ষণত হ’বলগীয়া উক্ত প্ৰতিযোগিতাখনিত দেশৰ ৩৬ খন ৰাজ্যৰ প্ৰায় ১০০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

অসম পেনচাক চিলাট সন্থাৰ যুটীয়া সম্পাদক গগন চন্দ্ৰ বড়ো, সহ-সম্পাদক স্বপন বড়ো আৰু ৰাষ্ট্ৰীয় বিচাৰক ঔম ছেত্ৰীৰ নেতৃত্বত অসমৰ ১৬ গৰাকী গেলুৱৈয়ে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ’ল’ আদি বিভাগত প্ৰতিযোগিতা আগবঢ়াব বুলি অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা উত্তৰ-পূৱ পেনচাক চিলাট মহাসংঘৰ উপ-সভাপতি লক্ষ্যজিত দলেয়ে Rnewsindia24 ক জানিবলৈ দিয়ে।

প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব Rnewsindia24.com

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *