Indian Pencak Silat Federation

ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ ২০২৫ ত অসমৰ ১১ টা পদক জয়।

Spread the love

ৰাজ্যবাসীৰ বাবে সু-খবৰ।

ছাব্‌-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ ২০২৫ ত অসমৰ ১১ টা পদক জয়।

ছট্টিছগড়ৰৰ বিলাছপুৰস্থিত বি.আৰ. যাদৱ ইণ্ড’ৰ ষ্টেডিয়ামত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত যোৱা ৯ ৰ পৰা ১২ এপ্ৰিল তাৰিখলৈ চাৰিদিনিয়াকৈ অনুষ্ঠিত হোৱা আস্মিতা ৰাষ্ট্ৰীয় ছাব্‌-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ ত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা অসমৰ বিভিন্ন জিলাৰ মহিলা পেন্‌চাক চিলাট খেলুৱৈয়ে পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ প্ৰযোজনা আৰু পৰ্য্যবেক্ষণত হোৱা উক্ত প্ৰতিযোগিতাত দেশৰ ৩৬ খন ৰাজ্যৰ প্ৰায় ১২০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।
অসম পেনচাক চিলাট সন্থাৰ যুটীয়া সম্পাদক গগন চন্দ্ৰ বড়ো, সহ: সম্পাদক স্বপন বড়ো আৰু ৰাষ্ট্ৰীয় বিচাৰক ঔম ছেত্ৰীৰ নেতৃত্বত যোৱা অসমৰ খেলুৱৈ সকলে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ’ল’ আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ধেমাজী জিলাৰ জয়ীতা গগৈয়ে সোণৰ পদক, ৰিজু পায়েঙে ব্ৰঞ্জৰ পদক, শোণিতপুৰ জিলাৰ জুতিকা গগৈয়ে ৰূপৰ পদক, সুনিতা ৰাভাই ব্ৰঞ্জৰ পদক, গোলাঘাট জিলাৰ পৰিস্মিতা নাথে দুটাকৈ ব্ৰঞ্জৰ পদক, অভিলাষা শইকীয়াই দুটাকৈ ব্ৰঞ্জৰ পদক, হিৰষ্ময়ী শইকীয়াই দুটাকৈ ব্ৰঞ্জৰ পদক আৰু কামৰূপ মেট্ৰ’ৰ অঙ্কিতা চৰকাৰে এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি মুঠ ১১টা পদকেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা উত্তৰ-পূৱ পেনচাক চিলাট মহাসংঘৰ উপ-সভাপতি লক্ষ্যজিত দলে Rnewsindia24 ক জানিবলৈ দিয়ে।

 

 

প্ৰিয় পাঠক, এনেধৰণৰ গৌৰৱময় বাৰ্তা সমূহ পাই থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব Rnewsindia24.com

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *