Mising Autonomous Council

Kapé MAC

Spread the love

অষ্টদশ মিচিং হস্ততাঁত বস্ত্ৰমেলা ২০২৫

মিচিং স্বায়ত্বশাসিত পৰিষদৰ হস্ত্ৰতাঁত বস্ত্ৰ বিভাগৰ উদ্যোগত ১৭ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰ তাৰিখলৈ গুৱাহাটী খানাপাৰা পশুস্বাস্থ্য কেন্দ্ৰ খেলপথাৰত অনুষ্ঠিত কৰে “অষ্টদশ মিচিং হস্ততাঁত বস্ত্ৰমেলা”।

প্ৰথম দিনঃ

মিচিং হস্ততাঁত বস্ত্ৰমেলাৰ শুভ উদ্বোধন কৰে নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাসে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

উপস্থিত থাকে পৰিষদৰ মুখ্য সচিব যাদৱ পেগু, সদৌ গুৱাহাটী মিচিং কেবাঙৰ সম্পাদক গনেশ পেগু, সদৌ গুৱাহাটী মিচিং মহিলা সমিতিৰ সভানেত্ৰী ধনয়া মিলি, সম্পাদিকা অঞ্জলি দলে।

তৃতীয় দিনঃ

পৰম্পৰাগত হস্তশিল্পৰ উদ্যোগীকৰণ আৰু হস্ততাঁত বস্ত্ৰশিল্পৰ ওপৰত বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত কৰে।

আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ভাৰতীয় হস্ততাঁত আৰু বস্ত্ৰশিল্প প্ৰতিষ্ঠানৰ সঞ্চালিকা নিভাৰানী গায়ন, অৰিয়েণ্ট গ্ৰুপ অৱ কোম্পানীৰ জ্যেষ্ঠ কাৰ্যবাহী ৰাজ বুঢ়াগোহাঁই, মুখ্য ডিজাইনাৰ পৰিস্মীতা শইকীয়া।

উপস্থিত থাকে গুৱাহাটী মিচিং কেবাঙৰ উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ অৱনি পাইট, সাধাৰণ সম্পাদক গনেশ পেগু।

পঞ্চম দিনঃ

সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং আগম কৗবাঙৰ সভাপতি হৰি নাৰায়ণ পেগু।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ACS বিষয়া তথা মিচিং দৃৰবৃ কৗবাঙৰ সভাপতি অশ্বিনী কুমাৰ দলে, টাকাম মিচিং পৰিণ কৗবাঙৰ সভাপতি তিলক দলে, বিত্ত বিভাগৰ অতিৰিক্ত সচিব ক্ষীতিশ চন্দ্ৰ পেগু, অনাতাঁৰ শিল্পী তথা সমাজকৰ্মী অবনি মিলি, সমাজকৰ্মী দেবেন পেগু।

উপস্থিত থাকে মিচিং জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া, শিপিনী আৰু বিক্ৰেতা সকলৰ লগতে গুৱাহাটীবাসী ৰাইজ।

উল্লেখ্য যে, উক্ত মেলাত বিক্ৰীৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰে- 

1. ‘BIMOL INDUSTRY’  বিক্ৰী – ৫,৩৫,৬৮০ টকা।

2. দ্বিতীয় স্থান ‘SERI HERITAGE’ বিক্ৰী – ৫,১৬,০০০ টকা।

3. তৃতীয় স্থান ‘MISING GAMIG’ বিক্ৰী – ৩,৮৫,০০০ টকা।

 

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page – https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel – https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *