চলচ্চিত্ৰ প্ৰযোজক পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা, চিত্ৰনাট্যকাৰ ব্ৰজেন বৰুৱা।
28,June Assam:
ব্ৰজেন বৰুৱা :
অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল ব্ৰজেন বৰুৱা।
তেখেত একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ আছিল।
তেখেতে মঞ্চ আৰু অনাতাঁৰ কেন্দ্ৰত গীতো গাইছিল। তেখেতে মুঠ ৫খন চলচ্চিত্ৰৰ পৰিচালক আৰু ৮খন চলচ্চিত্ৰত সঙ্গীত পৰিচালক আছিল।
তেখেতে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছিল।
১৯২৫ চনৰ ২৭ ফেব্ৰুৱাৰীত ব্ৰজেন বৰুৱাৰ জন্ম হৈছিল।
ব্ৰজেন বৰুৱাৰ পিতৃৰ নাম চন্দ্ৰনাথ বৰুৱাৰ আৰু মাতৃৰ নাম জোনপ্ৰভা বৰুৱা।
বৰুৱা পৰিয়ালত এক সাংস্কৃতিক পৰিৱেশে বিৰাজ কৰিছিল।
সন্ধিয়া আটাইকেইজন ভাই-ভনী চৰাঘৰৰ মজিয়াত বহে, যেন সঙ্গীতৰ হে আখৰা।
ঘৰখনত এটা পুৰণি হাৰমনিয়াম আছিল।
সকলোৱে হাৰমনিয়ামত স্বৰ টানিবলৈ চেষ্টা কৰে।
নিপ বৰুৱাই বাঁহী, দ্বিবন বৰুৱাই তবলা বজায়; ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাই গীত গায়।
এটা শুৱলা কণ্ঠস্বৰৰ গৰাকী ব্ৰজেন বৰুৱাৰ মাতৃয়ে ভাত ৰান্ধোঁতে, বাচন ধোওঁতে, চোতাল সাৰোঁতে, তাঁত বওঁতে অনবৰত কিবা এটা গীত গুণগুণাই থাকে।
পিছলৈ বৰুৱাই মাতৃৰ মুখত শুনা “অ’ প্ৰাণগোপাল পাতিলা মায়াৰে খেলা” শীৰ্ষক লোকগীতটো মুকুতা ছবিখনত অন্তৰ্ভুক্ত কৰে।
ব্ৰজেন বৰুৱাই গুৱাহাটীত স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ চিটি কলেজত নাম লগায়।
কিন্তু ১৯৪৬ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত উভতি আহি কটন কলেজত বি.এচ.চি পঢ়ে যদিও ডিগ্ৰী ল’ব নোৱাৰিলে।
তেওঁ জনস্বাস্থ্য বিভাগৰ চাকৰিয়াল হিচাপে শ্বিলঙত আৰু পিছত চৰকাৰৰ ধন সংগ্ৰহকাৰী বিষয়া হিচাপে জামুগুৰিহাটত কিছুকাল চাকৰি কৰিছিল।
সোনকালেই চাকৰি এৰি সংস্কৃতিৰ সাধনাত লাগে।
নিচেই কম বয়সৰেপৰা তেখেতে গীতত সুৰ দিবলৈ লয়।
ছাত্ৰাৱস্থাত অজিৎ বৰুৱা, কেশৱ মহন্ত আদিৰ গীতত সুৰাৰোপ কৰিছিল।
১৯৪৪ চনত কলিকতাৰ নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনত সংগীত পৰিচালকৰূপে যোগ দিছিল।
‘ছয় ঋতু’, ‘যুদ্ধ আৰু শান্তি’, ‘এটি শিশুৰ জন্ম’ আদি তেওঁৰ উল্লেখযোগ্য সৃষ্টি।
১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ মুকলি কৰা হয়।
প্ৰথমে অনাতাঁৰ কেন্দ্ৰৰ কাৰ্যালয় আৰু ষ্টুডিঅ’ আছিল লতাশিলত, বৰুৱা পৰিয়ালৰ নিচেই ওচৰত।
ব্ৰজেন বৰুৱাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত এজন সুৰকাৰ আৰু কণ্ঠশিল্পী ৰূপে পদাৰ্পন কৰে।
পঞ্চাছ দশকৰ আৰম্ভণিৰ পৰা বৰুৱাই ৰেডিঅ’ৰ সীমাবদ্ধ পৰিসৰৰ পৰা ওলাই চলচ্চিত্ৰৰ সঙ্গীত ৰচনা আৰু পৰিচালনাত মনোনিবেশ কৰে।
১৯৫৬ চনত মুক্তিপ্ৰাপ্ত ভ্ৰাতৃ নিপ বৰুৱাৰ প্ৰথম কথাছবি ‘স্মৃতিৰ পৰশ’ ত সঙ্গীত পৰিচালক আৰু অভিনেতা ৰূপে ব্ৰজেন বৰুৱাই অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। এই ছবিখনত দুটা হিন্দী গীতো সংযোগ কৰা হয়।
গীত দুটাৰ এটা লিখিছিল ড॰ বীৰেন্দ্ৰনাথ দত্তই আৰু আনটো লেখিছিল এ,গৌতমে। ছবিখনৰ গীতে জনপ্ৰিয়তা লাভ কৰে।
তেখেতৰ সঙ্গীত পৰিচালনা কৰা আন এখন ছবি ‘মাক আৰু মৰম’ তো হিন্দী গীত অন্তৰ্ভুক্ত কৰা হয়।
তেখেতে মুঠ নিজে পৰিচালনা কৰা ছবিকে ধৰি মুঠ আঠখন ছবিত সঙ্গীত পৰিচালনা কৰে।
‘এই মাটিতে মৰো যদি’ (লাচিত বৰফুকন), ‘ওপজা সোণৰ মাটি’ (লাচিত বৰফুকন), ‘এই জোন জোনালী থুপি থুপি তৰালি’ (আমাৰ ঘৰ), ‘চঞ্চল অনুৰাগে’ (ভক্ত প্ৰহ্লাদ), ‘সুন্দৰ শ্যাম’ (নৰকাসুৰ), আদি ব্ৰজেন বৰুৱাই সুৰাৰোপ আৰু সঙ্গীত পৰিচালনা কৰা কথাছবিৰ গীতবোৰৰ মাজেদি তেখেতৰ সঙ্গীতৰ বৈচিত্ৰ্য আৰু আধুনিক গঠন অনুভৱ কৰিব পাৰি।
কথাছবিৰ সঙ্গীত ৰচনা কৰাৰ ক্ষেত্ৰত তেখেতে গতানুগতিকতাৰ পৰা আঁতৰি গৈ নাটকীয় পৰিস্থিতিসূচক ভিন্নসুৰী সঙ্গীত প্ৰয়োগ কৰিবলৈ যত্নৱান হৈছিল।
১৯৬৩ চনত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া কমেডী ছবি “ইটো সিটো বহুতো” ছবিখনৰ যোগেদি বৰুৱাই পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে।
এই ছবিখনত চাৰ্লি চেপলিন শৈলীৰ প্ৰভাৱ পৰিছিল।
সেই সময়ত অসমীয়া কথাছবি কলকাতাৰ ষ্টুডিঅ’ত নিৰ্মাণ কৰা হৈছিল।
বৰুৱাৰ প্ৰথম ছবিখনো কলকাতাৰ ষ্টুডিঅ’ত নিৰ্মাণ কৰা হৈছিল যদিও তেখেতে জ্যোতিপ্ৰসাদৰ নিচিনাকৈ অসমতে ইনড’ৰ শ্বুটিং কৰি ছবি নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিলে। পৰিকল্পনা অনুসৰি তেখেতে ‘ডক্তৰ বেজবৰুৱা‘ৰ চিত্ৰনাট্য যুগুত কৰি উলিয়ালে।
তেখেতে এই চিত্ৰনাট্যখন ৩৭ জন ব্যক্তিক পঢ়ি শুনাইছিল আৰু সকলোৰে লগত আলোচনা কৰিছিল।
কলকাতাৰ কলা-কুশলীৰ সলনি তেখেতে স্থানীয় মঞ্চ আৰু অন্যান্য অনুষ্ঠানত কাম কৰি থকা কিছুমান ডেকাল’ৰাক শিকাই বুজাই ছবিখনৰ বিভিন্ন দায়িত্ব অৰ্পণ কৰিলে।
বৰুৱাৰ এই চিন্তাধাৰাৰ বাবে কোনো অসমীয়া প্ৰযোজক-পৰিচালক অসমীয়া ছবিৰ ইনডোৰ শ্বুটিঙৰ বাবে কলকাতালৈ যোৱা নাই আৰু অসমীয়া ছবি জগতত স্থানীয় কলা-কুশলীক লৈ ছবি নিৰ্মাণ কৰাৰ প্ৰথা আৰম্ভ হয়।
ৰমেন বৰুৱাই সংগীত পৰিচালনা কৰা ছবিখনৰ গীতবোৰো যথেষ্ট জনপ্ৰিয় হয়।
মুক্তিৰ লগে লগে ছবিখন চাবলৈ বহু সংখ্যক দৰ্শকে চিত্ৰগৃহত ভিৰ কৰে।
ছবিখনে অসমীয়া বিনোদন ছবিৰ ভেটী শক্তিশালী কৰিলে।
সেয়েহে ডক্তৰ বেজবৰুৱা অসমীয়া ছবিজগতত এটা মাইলৰ খুটি ৰূপে চিহ্নিত হৈ ৰ’ব।
ওপজা সোণৰ মাটি ছবিখনৰ পোষ্টাৰ
‘ডক্তৰ বেজবৰুৱা‘ৰ যোগেদি অসমৰ দুগৰাকী সংগীত প্ৰতিভাৰ উন্মেষ ঘটিছিল।
তাৰে এগৰাকী হ’ল সংগীত পৰিচালক ৰমেন বৰুৱা আৰু আনগৰাকী হ’ল অসমীয়া ছবিৰ সৰ্বশ্ৰেষ্ঠ নেপথ্য গায়ক দ্বীপেন বৰুৱা।
দুয়োগৰাকী তেখেতৰ ভাতৃ।
ব্ৰজেন বৰুৱা ‘ডক্তৰ বেজবৰুৱা’ৰ গীত গাবৰ বাবে এগৰাকী নতুন গায়কৰ সন্ধানত।
এদিন দ্বীপেনে গা ধুই থাকোঁতে গীত গোৱা শুনিলে ব্ৰজেন বৰুৱাই।
লগে লগে তেখেতে সিদ্ধান্ত ললে ভায়েকৰ হতুৱাই ‘ডক্তৰ বেজবৰুৱা‘ৰ গীত গোৱাব।
তেখেতৰ শেষ পৰিচালিত ছবি ‘ওপজা সোণৰ মাটি‘।
কিন্তু তেখেতে এই ছবিখন শেষ কৰিবলৈ নাপালে।
ছবিখন পাছত সম্পাদনা কৰে নীপ বৰুৱাই।
লক্ষীমপুৰত ‘ওপজা সোণৰ মাটিৰ‘ শ্বুটিং শেষ কৰি তেওঁ নলীন দুৱৰা পৰিচালিত মমতা ছবিৰ এটি গীতৰ দৃশ্যত অংশগ্ৰহণ কৰে, শ্বুটিং শেষ হোৱাৰ নিশাই তেওঁ অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হয় আৰু তাতে তেখেতৰ মৃত্যু হয়(১৯৭২ চনৰ ২৮ জুন)।
তেখেতে পৰিচালনা কৰা মুকুতা আৰু ওপজা সোণৰ মাটিখনো ব্যৱসায়িক ভাবে সফল হয়।
তেখেতে চলচ্চিত্ৰ পৰিচালনা আৰু সঙ্গীত পৰিচালনাৰ উপৰিও ছবি প্ৰযোজনা, অভিনয়, গীত ৰচনা, কণ্ঠদান, কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছিল।
তেখেতে পৰিচালনা কৰা আটাইকেইখন ছবিত তেখেতেই নিজে অভিনয় কৰিছিল।
-
ব্ৰজেন বৰুৱাই চলচ্চিত্ৰ সম্পৰ্কীয় কোনো প্ৰশিক্ষণ লোৱা কৰা নাছিল, কিন্তু তেখেতে ব্যৱসায়িক ভাবে সফল ছবি নিৰ্মাণৰ কৌশলসমূহ সহজে আয়ত্ত কৰিছিল।
-
দৰ্শকৰ ৰুচিৰ উমান পায়ে তেখেতে অসমীয়া ছবিত হিন্দী গীতৰ প্ৰয়োগ কৰিছিল।
-
যদিও তেখেতে ব্যৱসায়িক কৌশলসমূহ আয়ত্তৰ কৰাৰ বাবে মাজে মাজে হিন্দী ছবি অনুসৰণ কৰিছিল, তথাপি তেখেতৰ ছবিসমূহ আছিল অসমৰ মাটিৰ সুবাসেৰে সুবাসিত।
-
তেখেতে অসমীয়া চলচ্চিত্ৰ জগতলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে।
-
তেখেত সদায় অসমীয়া চলচ্চিত্ৰ জগতত চিৰস্মৰনীয় হৈ থাকিব।
এই গৰাকী কণ্ঠশিল্পীৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলী জনাইছোঁ।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24 .