বাংলাদেশৰ বিশিষ্ট লেখিকা, চিকিৎসক তছলিমা নাছৰিনৰ জীৱন যাত্ৰা ।

Spread the love

বাংলাদেশৰ বিশিষ্ট লেখিকা, চিকিৎসক তছলিমা নাছৰিনৰ আজি উপজা দিন।

বৰ্তমানলৈকে তেখেতে বহুতো গ্ৰন্থ লিখি উলিয়াইছে।

জানো আহক তছলিমা নাছৰিনৰ জীৱনযাত্ৰাৰ বিষয়েঃ

১৯৬২ চনৰ ২৫ আগষ্টত মৈমনসিঙত তছলিমা নাছৰিনৰ জন্ম হৈছিল।

তেওঁৰ পিতৃ ডাঃ ৰাজাব আলী আৰু মাতৃ এডুল আৰা

তেওঁৰ পিতৃ এগৰাকী বিখ্যাত চিকিৎসক আৰু ছাৰ চালিমুল্লা চিকিৎসা মহাবিদ্যালয় আৰু ঢাকা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক আছিল।

তছলিমায়েও চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰে আৰু এগৰাকী চিকিৎসক হিচাপে নিজক প্ৰতিষ্ঠা কৰিছিল।

২০০৪ চনত তেওঁ ভাৰতলৈ আহে।

তেওঁ কিছুদিন দিল্লীত বসবাস কৰিছিল যদিও ২০০৮ চনত তেওঁ ভাৰতৰ পৰাও গুচি যাবলগীয়া হয়।

তেওঁ ৰচনা আৰু ব্যক্তব্যৰ মাজেৰে মুক্ত চিন্তা, নাস্তিকবাদ আৰু মানৱধিকাৰৰ বাৰ্তা প্ৰচাৰ কৰে।

তেৰ বছৰ বয়সৰ পৰা তছলিমায়ে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল।

কলেজত পঢ়ি থকা সময়ত ১৯৭৮ চনৰ পৰা ১৯৮৩ চনলৈ তেওঁ “সেঁজুতি“নামৰ এখন সাহিত্য পত্ৰিকা সম্পাদনা আৰু প্ৰকাশ কৰিছিল।

১৯৭৫ চনত বিভিন্ন পত্ৰিকা আদিত তছলিমাৰ কবিতা প্ৰকাশিত হৈছিল।

১৯৮৬ চনত শিকড়ে বিপুল ক্ষুধা নামৰ তেওঁৰ প্ৰথম কবিতা সংকলন প্ৰকাশিত হয়।

১৯৮৯ চনত নিৰ্বাসিত বাহিৰে অন্তৰে আৰু ১৯৯০ চনত “আমাৰ কিছু যায় আসে না” কাব্যগ্ৰন্থ প্ৰকাশিত হয়।

এইসময়ত তছলিমায়ে ঢাকাৰ পৰা প্ৰকাশিত হোৱা নঈমুল ইছলাম খান ৰ দ্বাৰা সম্পাদিত খবৰেৰ কাগজ নামৰ ৰাজনৈতিক সাপ্তাহিকীত নাৰী অধিকাৰ ৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰে।

তেওঁৰ কাব্যগ্ৰন্থ আৰু সংবাদপত্ৰৰ লেখাত নাৰী সকলৰ প্ৰতি মুছলমান মৌলবাদীৰ শোষণৰ কথা লিখাৰ বাবে ১৯৯০ চনত বাংলাদেশৰ মৌলবাদী সকলে এই কাকতৰ কাৰ্যালয় ভাঙি পেলায়।

সেইসময়ত নিৰ্বাচিত কলাম নামৰ তেওঁৰ বিখ্যাত প্ৰবন্ধসংকলন প্ৰকাশিত হয় আৰু ইয়াৰ বাবে তেওঁ আনন্দ পুৰস্কাৰ লাভ কৰে।

১৯৯৩ চনত “লজ্জা” নামৰ তেওঁৰ পঞ্চম উপন্যাস প্ৰকাশিত হয়।

এই উপন্যাসত বাংলাদেশৰ মুছলমানসকলৰ দ্বাৰা এক সংখ্যালঘু হিন্দু পৰিয়ালৰ ওপৰত কৰা অত্যাচাৰৰ বৰ্ণনা পোৱা যায়।

তছলিমা নাছৰিনৰ সাতখন আত্মজীৱনী গ্ৰন্থৰ অধিকাংশ ভাৰত আৰু বাংলাদেশত নিষিদ্ধ ঘোষণা কৰা হৈছে।

আমাৰ মেয়েবেলা” নামৰ তেওঁৰ প্ৰথম আত্মজীৱনীমূলক গ্ৰন্থত
ইছলাম ধৰ্ম আৰু হজৰত মহম্মদ ৰ প্ৰতি বিতৰ্কিত মন্তব্যৰ কাৰণে ১৯৯৯ চনত বাংলাদেশ চৰকাৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত হলেও ২০০০ চনত এই গ্ৰন্থৰ বাবে তেওঁ দ্বিতীয়বাৰৰ বাবে আনন্দ পুৰস্কাৰ লাভ কৰে।

 

তেওঁৰ কবিতা সমূহঃ
নিৰ্বাসিত নাৰীৰ কবিতা, জলপদ্য, খালি খালি লাগে,
কিছুক্ষণ থাকো, ভালোবাসো ছাই বাসো, বন্দীনী

উপন্যাসঃ ফেৰা, শোধ,
অপৰপক্ষ, নিমন্ত্ৰণ

আত্মজীৱনীঃ আমি ভালো নেই, তুমি ভালো থেকো প্ৰিয় দেশ, আমাৰ মেয়েবেলা,
উতাল হাওয়া, সেই সব অন্ধকাৰ, নেই কিছু নেই,
নিৰ্বাসন

চুটি গল্পঃ দুঃখবতী মেয়ে,
মিনু

প্ৰবন্ধ সংকলনঃ নাৰীৰ কোন দেশ নেই, নিৰ্বাচিত কলাম,
যাবো না কেন? যাব,
নষ্ট মেয়েৰ নষ্ট গল্প,
ছোট ছোট দুঃখ কথা,
নিষিদ্ধ, তছলিমা নাছৰিনেৰ গদ্য পদ্য

 

তছলিমা নাছৰিনৰ জীৱন ভিত্তিত চলচ্চিত্ৰ “নিৰ্বাসন” ২০১৪ চনত মুক্তি লাভ কৰিছিল।
২০১৫ চনত এই চলচ্চিত্ৰ খনে শ্ৰেষ্ঠ বঙালী ভাষাৰ ৬২ তমৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা” লাভ কৰিছিল।

মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

১৯৯৪ চনত ফ্ৰান্সৰ এডিক্ট অফ নান্তেছ পুৰস্কাৰ।

১৯৯৪ চনত চুইডিছ আন্তৰ্জাতিক পেনৰ কাৰ্ট টুকোলস্কি বঁটা

১৯৯৪ চনত যুক্তৰাজ্যৰ হিউমেন ৰাইটছ ৱুয়াছৰ দ্বাৰা হেলমেন-হেমেট গ্ৰাণ্ট সন্মান।

১৯৯৪ চনত নৰৱেৰ হিউমেন-এটিস্ক ফৰৱাৰ্ডৰ দ্বাৰা মানৱতাবাদী পুৰস্কাৰ

১৯৯২ চনত আনন্দ সাহিত্য পুৰস্কাৰ।

২০০০ চনত নাট্যসভা পুৰস্কাৰ।

১৯৯৪ চনত ইউৰোপীয়ান সংসদৰ শাখাৰ্ভ বঁটা

১৯৯৪ চনত ফ্ৰান্স চৰকাৰৰ মানৱধিকাৰ বঁটা লাভ কৰে।

তেওঁ নব্বৈ দশকত নাৰীবাদ আৰু ধৰ্মীয় সমালোচনামূলক ৰচনা আৰু উপন্যাসৰ বাবে আন্তৰ্জাতিক খ্যাতি লাভ কৰিছিল।

NE HYGIENE SOLUTIONS

SERVICES –

> Pest control Services
>House keeping Services
>Facility management
>Deep cleaning Services
>Supplying of Hygiene chemicals & Tools
>Marble polishing
>Sofa shampooing
>Glass cleaning

Phone No – 8861255323/ 9980130059
Email: Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com

 

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24.com

 

সংগীতা দত্তৰ প্ৰতিবেদন Rnewdindia24

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *