tarun gogoi death,rnewsindia24

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া আৰু সমাধিক্ষেত্ৰ নিৰ্মাণক লৈ টাই আহোম যুৱ পৰিষদৰ সভাপতি দিলীপ গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

Spread the love

সদ্য প্ৰয়াত #প্ৰাক্তন_মুখ্যমন্ত্ৰী_তৰুণ_গগৈ ৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া তথা উক্ত স্থানত এটা সমাধিক্ষেত্ৰ নিৰ্মাণৰ হকে এডোখৰ মাটিৰ ব্যৱস্থা কৰি নিদিয়া তথা সদিচ্ছা নেদেখুওৱা চৰকাৰৰ লগতে বিৰোধী দলক সমালোচনা কৰি #টাই_আহোম_যুৱ_পৰিষদৰ_সভাপতি_দিলীপ_গগৈয়ে কয় যে এয়া #দুৰ্ভাগ্যজনক
অসমক ১৫ বছৰ ধৰি সেৱা আগবঢ়ায় যোৱা, তথা অসমৰ #অৰ্থনীতি, #সামাজিক, #সাংস্কৃতিক তথা প্ৰায় প্ৰতিটো #ক্ষেত্ৰতেই এক আমোল #পৰিবৰ্তন আনি অসমখনৰ বিকাশত স্মৰণীয় বৰঙণি আগবঢ়োৱা গগৈ ডাঙৰীয়াৰ মৃত্যুত যিটো সময়ত সমগ্ৰ #ৰাজ্যবাসী স্তব্ধ তথা তেখেতৰ #অনুৰাগীসকল ম্ৰিয়মান হৈ আছে, তেনে এক পৰিস্থিতিত চৰকাৰে নানান নীতি-নিয়ম, আইনৰ দোহাই দি এডোখৰ মাটি প্ৰদান কৰিব খোজানাইকিয়া। যাৰ বাবে আমাৰ লগতে তেখেতৰ অজস্ৰ গুণমুগ্ধ মৰ্মাহত হৈছে।
আমি টাই আহোম যুৱ পৰিষদৰ পৰা চৰকাৰক অনুৰোধ জনাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰী সকলৰ বাবে এক বিশেষ সমাধিক্ষেত্ৰৰ ব্যৱস্থা কৰিব লাগে। যত আমাৰ নৱ প্ৰজন্ময় প্ৰয়াত মুখ্যমন্ত্ৰী সকলৰ বিষয়ে জানিবলৈ সুবিধা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *