Mising Autonomous Council

Kapé MAC

Spread the love

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মান কৰা বিভিন্ন আচঁনিৰ শুভাৰম্ভণ আৰু আধাৰশিলা স্থাপন।

০১/০৩/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০ নং অৱনৰি সমষ্টিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ আৱণ্টিত পুঁজিৰ ১০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া পটোমলা সাংস্কৃতিক ক্ষেত্ৰৰ সীমা দেৱাল, ৮ লাখ টকা ব্যয়ৰে নৱীকৰণ কৰিবলগীয়া চুমনি মেদক প্ৰাথমিক বিদ্যালয় আৰু ২৪৪ নং লামুচুক সৰিয়নি প্ৰাথমিক বিদ্যালয়, ২৫ লাখ টকা ব্যয়ৰে নিৰ্মান কৰিবলগীয়া জ্ঞানজ্যোতি একাডেমীৰ সীমা দেৱাল, ৭ লাখ টকা ব্যয়ৰে মেৰামতি কৰিবলগীয়া মেদক গাঁৱ প্ৰাথমিক বিদ্যালয়, ৭ লাখ টকা ব্যয়ৰে মেৰামতি কৰিবলগীয়া বৰ্ষামুখ প্ৰাথমিক বিদ্যালয়, ৬ লাখ টকা ব্যয়ৰে নামনি বৰ্ষামুখ প্ৰাথমিক বিদ্যালয়ৰ নিৰ্মান কাৰ্যৰ শুভাৰম্ভণ আৰু আধাৰশিলা স্থাপন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

আনহাতে, মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধীনত মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য পুঁজিৰ ১৫ লাখ ৭০ হাজাৰ টকা ব্যয়ৰে বৰ্ষামুখ বাঘমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰ্মাণ কৰা নতুন ভৱনৰ শুভউদ্বোধন কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰনৈৰ জিলা পৰিষদ সদস্যা তথা TMMKৰ সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং, TMPKৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰন সম্পাদক পদ্মলোচন দলে, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® ২৮/০২/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধীনত মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ দ্বাৰা গন্ধীয়া উচ্চ মাধ্যমিক বিদ্যালয়, নেমুটেঙানী ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়, ভোমাজাৰণি উচ্চ মাধ্যমিক বিদ্যালয়, বাঞ্জি চাপৰি প্ৰাথমিক বিদ্যালয়, কেঁকুৰী বিল্লাম উচ্চ মাধ্যমিক বিদ্যালয়, দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দক্ষিণ চাৰিকড়ীয়া ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ত নিৰ্মাণ কৰা শ্ৰেণীকোঠা সমূহ শুভ উদ্বোধন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, ঢকুৱাখনা সম জিলাৰ আয়ুক্ত অপূৰ্ব কুমাৰ নাথ, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনীয়া বৰগোহাঁই, জিলা পৰিষদৰ সদস্য প্ৰণৱ পেগু, পৰিষদীয় এলেকাৰ বিশিষ্ট ব্যক্তি, উল্লেখ্যিত বিদ্যালয়সমূহৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ আৱণ্টিত পুঁজিৰে ১২ নং চিচি টঙানী সমষ্টিত মেৰামতি কৰিবলগীয়া বৰচাপৰি প্ৰাথমিক বিদ্যালয় গৃহ, খজুৱা গাঁৱ আৰু মৰাসুঁতি গাঁৱত নিৰ্মাণ হ’বলগীয়া মুৰঙৰ আধাৰশিলা স্থাপন কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য জহান দলেয়ে।

কাৰ্যসূচীত উপস্থিত থাকে উক্ত অঞ্চলৰ বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, গাম সকল, বৰচাপৰি প্ৰাথমিক বিদ্যালয় শিক্ষকবৃন্দ, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® ২৭/০২/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ১৫ লাখ টকা ব্যয়ৰে নিতাইপুখুৰীস্থিত হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ জনজাতীয় ছাত্ৰাবাসৰ মেৰামতি আৰু নবীকৰণ কাৰ্য শুভাৰম্ভণ কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়িয়ে।

অনুষ্ঠানত উপস্থিত থাকে হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিৰিঞ্চি কুমাৰ বৰা, উপাধ্যক্ষা মানসী গগৈ, গণশক্তি, MMK, TMMK, TMPKৰ বিষয়ববীয়া, মহাবিদ্যালয়খনিৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ।

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩২ নং ৰিককং মাজুলী পৰিষদীয় সমষ্টিত মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য পুঁজিৰে নিৰ্মাণ কৰা মিছামৰা জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় আৰু কোমলীয়া চাপৰি প্ৰাথমিক বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী সদস্য উমা পাঠৰি, নামনি মাজুলী জিলা পৰিষদৰ সদস্যা জোনটি পায়েং, মিচিং বানে কেবাঙৰ উপ-সভাপতি ৰঞ্জিত দলে, নামনি মাজুলী গণশক্তিৰ উপ-সভাপতি ৰবীন মৰাং, প্ৰধান শিক্ষকদ্বয় কমল কুম্বাং, পদ্মেশ্বৰ পাতিৰ, TMMK মাজুলী জিলা সমিতিৰ সম্পাদিকা জোনমণি কুম্বাং, TMPK ঢকুৱাখনা জিলা সমিতিৰ ক্ৰীড়া সম্পাদক মুকুল লাগাছু, ৱাৰ্ড সদস্যা জোনালী কুম্বাং, গণশক্তি, MMK , TMMK, TMPK অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩০ নং ছাংগা মাজুলী আৰু ৩১ নং ফুলনি জকাইবোৱা সমষ্টিত পৰিষদৰ অধীনত মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য পুঁজিৰে নিৰ্মাণ কৰা পূৱ মাজুলী খেৰকটা উচ্চ মাধ্যমিক বিদ্যালয়, লাচন চাপৰি প্ৰাথমিক বিদ্যালয়, ২৫২ নং মঘোৱাচুক প্ৰাথমিক বিদ্যালয়, ২১০ নং নাগনচুক প্ৰাথমিক বিদ্যালয়, ফুলনি শংকৰদেৱ শিশু নিকেতন, ৰঙাচাহী প্ৰাথমিক বিদ্যালয়, ২১০ নং মঘোৱাচুক প্ৰাথমিক বিদ্যালয়, কলিতাপাৰ প্ৰাথমিক বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা আৰু পকী বেৰ শুভ উদ্বোধন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য নীলকান্ত দলে, ত্ৰৈলোক্য পামেগাম, উজনি মাজুলীৰ জিলা পৰিষদ সদস্য চাপ্পৰ দলে, TMMKৰ উপ-সভানেত্ৰী ইলাজ্যোতি কুম্বাং, পৰিষদীয় এলেকাৰ বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® ২৮/০২/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ১৮ নং বগীনদী সমষ্টিত মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য পুঁজিৰে নিৰ্মাণ কৰা কাৱৈমাৰী ন- পমুৱা প্ৰাথমিক বিদ্যালয়, শ্বহীদ গৌতম মিলি উচ্চ মাধ্যমিক বিদ্যালয়, গৰৈমাৰী দঃঞি পঃল উচ্চ মাধ্যমিক বিদ্যালয়, ভোগজাৰি পাংগিং প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য অনিল পায়েং, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® ০২/০৩/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৭নং চিমেন চমকং সমষ্টিত মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য পুঁজিৰে নিৰ্মাণ কৰা টাডুনীয়া মধ্য ইংৰাজী বিদ্যালয়, টাডুনীয়া প্ৰাথমিক বিদ্যালয়, চমকং চৰকাৰী প্ৰাথমিক বিদ্যালয়, চমকং মাজগাঁও প্ৰাথমিক বিদ্যালয়, বিলপাৰ কাংকান প্ৰাথমিক বিদ্যালয়, লামাজান বিহিয়া প্ৰাথমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা, সাধাৰণ সদস্য ববী কান্ত পেগু, জোনাই জিলা শক্তিৰ উপ-সভাপতি কাৰ্মূক পেগু, কুশল বৰগোহাঁই, চমকং আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য পদ্মনাথ চাৰহ, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® ০২/০৩/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২৩ নং লোহিত পৰিষদীয় সমষ্টিত মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য পুঁজিৰে নিৰ্মাণ কৰা বৰালিমৰা প্ৰাথমিক বিদ্যালয়, পাথৰিচুক প্ৰাথমিক বিদ্যালয়, লোহিত খাৱলু উচ্চ মাধ্যমিক বিদ্যালয় আৰু ঔগুৰি মৰলীয়া প্ৰাথমিক বিদ্যালয় শুভ উদ্বোধন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য উমা পাথৰি, সাধাৰণ সদস্য মুকুল পেগু, গণশক্তি, বিজেপি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page – https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel – https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *