ধিক্কাৰ জনাবলৈ ভাষা নাই

Spread the love

Assam February 19:

মানুহ কিমান তললৈ নামিলে এনেকুৱা নীচ কাম কৰিব পাৰে।

Himanta Biswa Sarma

কাৰোবাক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ এনেকুৱা জঘন্য, নিৰ্লজ্জ কাণ্ড কৰি ক্লীৱতা প্ৰদৰ্শন কৰাটো সম্পুৰ্ণৰূপে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ পৰিপন্থী।

জীৱশ্ৰেষ্ঠ মানুহ হৈ মানুহে কেনেকৈ ইমান নিকৃষ্ট মানসিকতাৰ পৰিচয় দিব পাৰে? এনেকুৱা নীচ, ঠেক আৰু সংকীৰ্ণ মনোবৃত্তিৰ মানুহৰ কাৰনেই সময়ে সময়ে মানৱ জাতিটো কলংকৰ বোজা সহিব লগীয়া হৈছে।

সামান্য লাভালাভৰ কাৰণে কেনেকৈ মানুহে মানুহৰ ঘৰ-সংসাৰ ধ্বংস কৰি দিব পাৰে? সেয়া ভাৱিলে আচৰিত লাগে।

হিংসাকুৰীয়া মানুহবোৰে ঈৰ্ষাৰ বসবৰ্তী হৈ ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰ হিতৰ বিপৰীত গৈ কেৱল ব্যক্তি স্বাৰ্থক প্ৰধান্য দি আহিছে।

শ্ৰষ্টাৰ সৰ্বশ্ৰেষ্ঠ জীৱ মানুহ হিচাপে এজন মানুহৰ উচিত, ত্যাগৰ মনোভাৱেৰে ব্যক্তি স্বাৰ্থক বিসৰ্জন দি হলেওঁ আনৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া।

কিন্তু আজি মানুহ নামৰ প্ৰাণীয়ে ভাল-বেয়া, ন্যায়-অন্যায়, ধৰ্ম-কৰ্ম আদি সকলো পাহৰি গৈ এটাৰ পিছত এটা অমানৱীয় কাৰ্যসমূহ কৰি গৈছে।

সম্প্ৰতি মনুস্য জাতিৰ এনে কিছুমান অমানৱীয় কৰ্মকাণ্ড দেখি ধিক্কাৰ দিবলৈ ভাষা বিচাৰি পোৱা নাযায়।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি এটা বিশেষ ছবিয়ে ছ’চিয়েল মেডিয়াত আলোড়ন সৃষ্টি কৰা দেখা গৈছে।

মানৱৰূপী একাংশ দানৱে ফটো এখনৰ সত্যতা নিৰূপণ নকৰাকৈয়ে কুৎসিত মানসিকতাৰে জীয়ৰীৰ সৈতে থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ফেচবুক যোগে ভাইৰেল কৰে।

সামাজিক যোগাযোগ মাধ্যম যোগে ৰাজ্যৰ জনপ্ৰিয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে পৰিয়ালটোক যি ধৰণে মানসিক মনোকষ্ট দিয়া হ’ল, সেই কাৰ্যত এজন অসমীয়া হিচাপে যথেষ্ট লজ্জিত হৈছোঁ।

হিমন্তৰ সৈতে কাৰোবাৰ আদৰ্শগত মিল নাথাকিব পাৰে সেই বুলি পিতৃ-কন্যাৰ আলোকচিত্ৰ এখনক অশ্লীলতাৰ ৰহন সানিবলৈ অধিকাৰ ক’ত পালে?

যিসকল মানুহৰূপী অমানুহে এনেকুৱা ঘৃননীয় পন্থা অৱলম্বন কৰিছে আচলতে তেওঁলোকৰ পিতৃ-মাতৃ নাই নেকি? নিশ্চয় আছে।

যি সকলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছে তেওঁলোকে এবাৰ বিপৰীত চিন্তা কৰি চাওঁক, তেতিয়াহে বুজি পাব আচলতে মনোকষ্ট কি বা কেনেকুৱা?

ভাবি আচৰিত লাগিছে যে সঁচাকৈয়ে মানুহ ইমান তললৈ নামিব পাৰেনে?

ধিক্কাৰ সেইসকলক যিসকলে এনেকুৱা ভাৱলৈ সমাজত বুকু ফিন্দাই ঘুৰি আছে।

পাহৰি গলে নহব যে, ড° হিমন্ত বিশ্ব শৰ্মা কেৱল এজন মন্ত্ৰী বা ৰাজনীতিবিদেই নহয় বৰং তেওঁ এগৰাকী মাতৃৰ সন্তান হোৱাৰ লগতে এজন পিতৃওঁ।

 

By: জুলহাছ আলী আহমেদ R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *