পাহৰিব নোৱাৰা দিনটো!

Spread the love

Assam, February 15:

হয় বুকু ভেদি যোৱা ১৪ তাৰিখৰ এই কলা দিনটোৰ কথা কোনো কালেই পাৰিব নোৱাৰিম। জীয়াই থকা দিনলৈ অনবৰত যন্ত্ৰণা দি থাকিব ১৪ তাখিৰ এই নিৰ্দয় দিনটোয়ে, উমি উমি জ্বলিব বুকুৰ ভিতৰত থকা বেদনাৰ জুইকুৰা।

কাক কেনেকৈ বুজাম বুকুৰ মাজত জ্বলা কলিজাৰ জুই কিমান অসহনীয় যন্ত্ৰণাকাতৰ। দেশ তথা দেশবাসীৰ শান্তি আৰু নিৰাপত্তাৰ স্বাৰ্থত যিসকলে জোৱানে নিজৰ আত্মবলিদান দিলে তেওঁলোকৰ ত্যাগ কেনেকৈ অস্বীকাৰ সহিম? আৰু কেনেকৈ সহিম তেওঁলোকৰ বিৰহ বেদনা।

উল্লেখ্য যে ২০১৯ চনৰ ১৪ তাৰিখৰ এই অভিশপ্ত দিনটোতে জম্মু আৰু কাশ্মীৰৰ পুলৱামাত ভাৰতীয় নিৰাপত্তাৰক্ষীৰ ওপৰত সংঘটিত হৈছিল সন্ত্ৰাসবাদীৰ জঘন্য, বৰ্বৰ তথা অমানৱীয় আক্ৰমণ। নৰ পিশাচ সকলৰ সেই ভয়ংকৰ আক্ৰমণত দেশ তথা দহৰ সেৱাত নিয়োজিত ৪০ জনকৈ ভাৰত মাতৃৰ বীৰ জোৱানৰ কেচাঁ তেজেৰে ৰাঙলী হৈছিল পুলৱামাৰ ৰাজপথ। নিৰ্দয়, নিষ্ঠুৰ তথা পাষণ্ড সন্ত্ৰাসবাদী সকলে কৰা অতৰ্কিতে আক্ৰমণৰ ফলত ১৪ তাৰিখৰ এই বুকু ভেদি যোৱা দিনটোতেই কাৰোবাৰ পুত্ৰ, কাৰোবাৰ পিতৃ, কাৰোবাৰ ভাতৃ, কাৰোবাৰ স্বামী নাইবা আন কাৰোবাৰ আত্মীয়ই অকালতে মৃত্যুক আঁকোৱালি লৈছিল। সমগ্ৰ দেশ কঁপাই যোৱা সন্ত্ৰাসবাদীৰ এই বৰ্বৰতাক গৰিহণা বা ধিক্কাৰ দিবলৈ আজি ভাষা বিচাৰি নোপোৱা হৈছোঁ। তথাপি কওঁ কাপুৰুষতাৰ পৰিচয় দি আমাৰ সৈন্যবাহিনীৰ ওপৰত কৰা নিৰ্মম আক্ৰমণকাৰী সন্ত্ৰাসবাদীসকল নিপাত যাওঁক। দেশ তথা জনগণৰ শান্তি, সমন্বয় তথা উন্নতিৰ বাটৰ কাঈট স্বৰূপ সন্ত্ৰাসবাদী সকলৰ ধ্বংস হওঁক। এইখিনিতে আজিওঁ এটা প্ৰশ্নই খুচৰি থাকে যে, দেশমাতৃৰ অতন্ত্র প্ৰহৰী ভাৰতীয় সৈনিকসকলৰ ওপৰত কেনেকৈ হঠাৎ ইমান ডাঙৰ প্ৰাণঘাটি আক্ৰমণ সংঘটিত হবলৈ পালে? সেয়া আজিও এক ৰহস্যৰ বিষয় হৈ থাকিল।

সন্ত্ৰাসবাদীৰ  অতি সুপৰিকল্পিত আৰু নিখুঁত আক্ৰমণত জম্মু-কাশ্মীৰৰ পুলৱামাত শ্বহীদ হোৱা ভাৰত মাতৃৰ বীৰ শ্বহীদ সকলোলৈ অশ্ৰুসিক্ত নয়নেৰে মোৰ শত কোটি চালাম। হে দেশৰ শ্বহীদ জোৱান, তোমালোক অজয়ে অমৰ হোৱা। দেশ তথা দেশবাসীয়ে তোমালোকৰ কোৰবানি যুগে যুগে মনত ৰাখিব।

 

By: জুলহাছ আলী আহমেদ  R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *