Assam, May : 22
সম্প্ৰতি সমগ্ৰ দেশজুৰি কৰোনা ভাইৰাছৰ আতংক।
ভাৰতবৰ্ষৰ ইখনৰ পিছত সিখনকৈ ৰাজ্য কৰোনা ভাইৰাছৰ কবলত।
বাদ পৰি ৰোৱা নাই আমাৰ সুজলা সুফলা শস্য শ্যামলা অসমখনো।
কৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিও হাবাথুৰি খাইছে স্বাস্থ্য সংস্থা।
মহা কালৰূপী কৰোনা ভাইৰাছে একপ্ৰকাৰ মৰিশালিত পৰিনত কৰিছে দেশৰ কেবাখনো ৰাজ্য।
মহামাৰী কৰোনা ভাইৰাছৰ পৰা হিন্দু/ মুছলিম/ বৌদ্ধ/ খ্ৰীষ্টান/ শিখ/ ইহুদী/ জৈন/ ফাৰ্ছী আদি ধৰ্মাৱলম্বীৰ আবাল/ বৃদ্ধ/ বনিতা তথা ধনী-দুখীয়া/ উচ্চ-নীচ কোনোৱেই সাৰি যাব পৰা নাই।
কৰুণাহীন কৰোনা ভাইৰাছৰ প্ৰকোপ ইমানেই ভয়াবহ যে, তাৰ সম্মুখত সকলো অসহায়।
সেই বুলি কৰোনাৰ ওচৰত আত্মসমৰ্পণ সমৰ্পণ কৰিলে নহব।
কভিড-১৯ নামৰ অদৃশ্য ভাইৰাছবিধক ৰোধিবলৈ কাৰো শক্তি-সামৰ্থ্য নাথাকিলেও সৃষ্টিৰ শ্ৰষ্টা দয়াময় প্ৰভুৰ অৱশ্যেই ক্ষমতা আছে।
সেয়ে কোভিড-১৯’ৰ সন্মুখত আঠু নলৈ তাৰ সৈতে মোকাবিলা কৰাৰ মানসিকতা গঢ়ি তোলা উচিত।
ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে জাৰি কৰা সকলো বিধি-নিয়ম পালন কৰাৰ সমান্তৰালকৈ ঈশ্বৰৰ কৃপা প্ৰাৰ্থনা কৰা দৰকাৰ।
এই সংক্ৰান্তত অসমৰ অগ্ৰণী ধৰ্মীয় শিক্ষা প্ৰতিষ্ঠান ‘দাৰুল উলুম বাচকান্দী মাদ্ৰাছা’ৰ ফালৰ পৰা প্ৰত্যেকজন মুছলমানক ৩১৩ বাৰ খতমে ইউনুছ পঢ়ি দোৱা কৰাৰ লগতে যিকোনো ৰিক্ত হস্ত (মিছকিন) ব্যক্তিক ১০ টকাকৈ দান দিবলৈ আহ্বান জনোৱা হৈছে।
ইছলাম ধৰ্মীয় বিশ্বাস মতে মানুহৰ বাবে খতমে ইউনুছৰ বৈশিষ্ট তথা গুৰুত্ব অপৰিসীম।
এই দোৱা (খতমে ইউনুছ)ৰ সঠিক আমলৰ দ্বাৰা মানুহ পৃথিৱীত সকলো ধৰণৰ বিপদ-আপদৰ পৰা পৰিত্ৰাণ পায়।
গতিকে কৰোনা নামৰ আপদৰ পৰা অহা বিপদৰ পৰা ৰক্ষা পাবলৈ নিম্নোক্ত দোৱাটি পঢ়া উচিত
لَا إِلَـٰهَ إِلَّا أَنتَ سُبْحَانَكَ إِنِّي كُنتُ مِنَ الظَّالِمِينَ
অসমীয়া উচ্চাৰণ : ‘লা ইলাহা ইল্লা আংতা, ছুবহানাকা ইন্নি কুংতু মিনাজ জ্বালিমিন।
আনহাতে দান-দক্ষিণাৰ গুৰুত্বও অনেক।
কোনো মিছকিন (ৰিক্ত হস্ত)ক দান কৰিলে বিপদ-আপদ দূৰ হোৱাৰ লগতে আয়ু (হায়াত) বৃদ্ধি পায়।
সেহেতু মুছলমান সমাজে দাৰুল উলুম বাচকান্দী মাদ্ৰাছা’ৰ ফালৰ পৰা জনোৱা আহ্বানক সন্মান জনাই প্ৰত্যেকেই ৩১৩ বাৰকৈ খতমে ইউনুছৰ দোৱা পঢ়া আৰু মিছকিন (ৰিক্ত হস্ত) ব্যক্তিক এটা ১০ টকাকৈ দান কৰা উচিত।
তাৰ লগে লগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কোশল-মঙ্গল কামনা কৰি নেদেখাজনৰ ওচৰত দোৱা-আৰাধনা কৰা উচিত, কাৰণ তেওঁ কৰোনাকালৰ এই বিপদসংকুল সময়ছোৱাত প্ৰতিটো মুহূৰ্তত ৰাজ্যবাসীৰ কাষত থিয় দিছে।
দিন-ৰাতি একাকাৰ কৰি মৰণফাণ্ডত ভৰি ড° হিমন্ত বিশ্ব শৰ্মাই কৰোনাৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দি গৈছে।
প্ৰাণঘাটি মাৰাত্মক কৰোনাক ভেটা দিবলৈ বিৰামহীন প্ৰচেষ্টা অব্যাহত ৰখা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে দোৱা নকৰিলে হয়তো কৃপনালি কৰা হ’ব।
By : জুলহাছ আলী আহমেদ R News India 24