Assam,June 12:
ই-ৰিস্কা চালকৰ হাহাকাৰ
কাৰ্ফিউৰ ফলত অৰ্ধ পানীত হাঁহ নচৰা অৱস্থা হৈছে জাগীৰোডৰ ই-ৰিক্সা চালকৰ।
চৰকাৰ-প্ৰশাসনক সহায়ৰ আবেদন চালকসকলৰ।
কৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা কাৰ্ফিউৰ ফলত জীয়াতু ভুগিছে জাগীৰোডৰ ই-ৰিস্কা চালকৰ লগতে সৰুসুৰা দোকানদাৰসকল।
উল্লেখযোগ্য যে, চালকসকলে পুৱা ই-ৰিস্কাখনলৈ ঘৰৰপৰা জাগীৰোড টাউনলৈ ওলাই আহে যদিও কৰোনা প্ৰটকলৰ বাবে যাত্ৰী সেৰেঙা হোৱাত তেওঁলোকৰ অৱস্থা তথৈবচ।
তদুপৰি যাত্ৰীৰ অপেক্ষাত ৰৈ থকা চালক সকলে মাত্ৰ দুগৰাকী যাত্ৰী কঢ়িওৱা নিয়মৰ পালনৰ সমান্তৰালকৈ চৰকাৰী নিৰ্দেশনা অনুসৰি ১২ বজাতে ই-ৰিস্কা চলাচল বন্ধ কৰিবলগা হোৱাত এতিয়া চৰম আৰ্থিক সংকটত ভুগিছে চালকসকল।
কভিডৰ পৰিপেক্ষিতত ৰাজ্য চৰকাৰে ঘোষণা কৰা কাৰ্ফিউৰ এই সময়ছোৱাত বৃহত্তৰ জাগীৰোড অঞ্চলৰ চালকসকলে দৈনিক এশৰ দেশৰ টকা উপাৰ্জন কৰে।
কোনোদিন এটকাও উপাৰ্জন নোহোৱাকৈ মন বেজাৰ কৰি নিজৰ ই-ৰিক্সাখন লৈ ঘৰমুৱা হ’বলৈ বাধ্য হৈছে।
ঋণলৈ ই-ৰিস্কাখন ক্ৰয় কৰি পৰিয়ালটো পোহপাল দিয়াৰ লগতে নিজ সন্তানক শিক্ষিত কৰাৰ সপোন দেখা এইসকল চালকৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা।
সম্প্ৰতি ই-ৰিক্সাৰ কিস্তি অথবা ঋণ পৰিশোধ কৰা দূৰৈৰ কথা নিজৰ পৰিয়ালৰ ভৰণ-পোষণৰ ক্ষেত্ৰত নামি আহিছে ঘোৰ অন্ধকাৰ।
চৰম আৰ্থিক সংকটৰ সন্মুখীন হোৱা বৃহত্তৰ জাগীৰোড অঞ্চলৰ ই-ৰিস্কা চালক সকলে আৰ্থিক সহায়ৰ বাবে অসম চৰকাৰক কাতৰ আবেদন জনাইছে।
জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24