Assam, June 13 :
নগাঁও আৰু কাছাৰ কাগজ ক’ল দুটা অসমৰ জাতীয় সম্পদ।
১৯৭০ চনত স্থাপন কৰা নগাঁও কাগজ ক’ল আৰু ১৯৮৮ চনত স্থাপিত কাছাৰ কাগজ ক’লটো কেৱল বাঁহ-গছেৰে কাগজ তৈয়াৰ কৰা বিশ্বৰ একমাত্ৰ কাগজ ক’ল।
দুয়োটা কাগজ ক’লৰ কৰ্মচাৰীৰ সংখ্যা আছিল প্ৰায় ৬ হাজাৰজন, অৰ্থাৎ ক’ল দুটাৰ দ্বাৰা অসমৰ এই ছহেজাৰটা পৰিয়াল জীয়াই থকাৰ পথ সুগম হোৱাৰ লগতে দেশৰ কোটি কোটি টকা ৰাজহ সংগ্ৰহ হৈছিল।
উল্লেখ্য যে, উদ্যোগ দুটাৰ অধীনত তিনি হেজাৰ বিঘাতকৈয়ো অধিক মাটি আছে।
হেজাৰ হেজাৰ কোটি টকাৰ মেচিনবোৰৰ কথা নকলোৱেই যেনিবা। আজি সেই ক’ল দুটা মৃত্যুৰ ক্ষণ গণি আছে।
মৃত্যুৰ ক্ষণ গণি আছে মানে মৃত্যু হলেই বুলি ক’ব পাৰি।
একাংশ অদক্ষ, নিস্কৰ্মা আৰু দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীয়ে আজি অসমৰ জাতীয় সম্পদ দুটা লুটি-পুটি শেষ কৰিলে।
প্ৰসংগত উল্লেখ্য যে, জাগীৰোড’ স্হিত নগাঁও কাগজ ক’লটো মৃত্যুমুখত পতিত হৈছিল ২০১৫ চনত আৰু কাছাৰ কাগজ ক’লটোত মৃত্যুৰ ঘণ্টা বাজিছিল ১৯৯২ চনত।
প্ৰকৃততে ক’ল দুটাৰ মৃত্যু হোৱা নাছিল বৰং, তিলতিলকৈ মৃত্যুমুখত ঠেলি দিয়া হৈছিল।
আজি অসম আন্দোলনৰ ফচল, নগাঁও আৰু কাছাৰ কাগজ ক’ল দুটাৰ অধীনত থকা তিনি হেজাৰতকৈও অধিক বিঘা মাটি, কেইবা হেজাৰ কোটি টকাৰ মেচিন আদি কেৱল ১,১৩৯ কোটি টকাত বিক্ৰী কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে।
হয়, ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত বহুৱাব বিচৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱলমাত্ৰ ১,১৩৯ কোটি টকাতেই ক’ল দুটাৰ কফিনত শেষটো গজাল মাৰিব খুজিছে।
প্ৰণিধানযোগ্য যে, নগাওঁ আৰু কাছাৰ কাগজ ক’ল দুটাক নিলাম কৰাৰ বাবে যি জাননী জাৰি কৰা হৈছে, ইতিমধ্যে তাৰ বিৰোধীতা কৰিছে সকলোৱে।
শ শ কৰ্মচাৰীৰ জীৱনকলৈ হেতালি খেলা শাসনাধিষ্ঠ বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ক’ল দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া সত্বেও আজি নিমাত৷
ভাৰত চৰকাৰৰ এই নিলাম কাৰ্যৰ বিৰুদ্ধে সকলোৱে স্বচ্ছাৰ হোৱা উচিত৷
পাহৰি গ’লে নহব যে, এই উদ্যোগ দুটাৰ সৈতে অজস্ৰ জনৰ জীৱন-জীৱিকা জড়িত হৈ আছে৷
সেয়ে এই নিলামী প্ৰক্ৰিয়া বাতিল কৰি মানৱতাৰ খাতিৰত কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰেই ক’ল দটা পুনৰ কাৰ্যক্ষম কৰি তুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ লগতে উদ্যোগ দুটাৰ লগত জড়িত হেজাৰ হেজাৰ শ্ৰমিক-কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙিয়াই তোলা উচিত।
By: জুলহাছ আলী আহমেদ R News India 24