ধৰ্ম, জাত-পাতৰ চক্ৰবেহুৰ পৰা ওলাই অহাৰ সময় সমাগত !
Assam, September 1:
আমি সকলোৱেই জানো যে পৃথিৱীৰ ভিতৰত আমেৰিকা, চীন, ৰাছিয়া, ইংলেণ্ড, জাপান, ইটালী, দুবাই আদি ৰাষ্ট্ৰবোৰ কিমান উন্নত!
তাৰ তুলনাত ছাবলৈ গলে প্ৰাকৃতিক সম্পদেৰে চহকী আমাৰ দেশ ভাৰতবৰ্ষ তেনেই পিছপৰা, কিন্তু কিয়?
কাৰণ আমি ভাৰতীয়সকলে কেৱল ধৰ্ম, জাত-পাতলৈ ব্যস্ত আৰু পশ্চিমা সকলে ধৰ্ম, জাত-পাত একাষৰীয়া কৰি কেৱল উন্নতিৰ কথাহে চিন্তা কৰে, যাৰ বাবে আজি তেওঁলোক প্ৰগতিশীল ৰাষ্ট্ৰলৈ পৰিনত হৈছে আৰু দিনকদিনে উন্নতিৰ দিশে ধাৱমান হৈছে।
তেওঁলোকৰ অগ্ৰগতিৰ বিৰামহীন যাত্ৰাৰ প্ৰত্যক্ষদৰ্শী আমি ভাৰতীয়সকলে যদি বিভেদৰ নীচ মানসিকতা সলনি কৰি পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ পদাংক (সংস্কৃতি নহয়) গ্ৰহণ কৰিব পাৰোঁ তেন্তে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ ৰঙ-ৰূপ সলনি হৈ যাব।
এতিয়াওঁ সময় আছে; জাতি-ধৰ্মৰ চক্ৰবেহুৰ পৰা ওলাই আহি নিজ দেশৰ উন্নয়নৰ কথা ভবাৰ।
কি হ’ল আমাৰ?
মঙ্গল গ্ৰহলৈ যোৱাৰ কক্ষপথত বাধা হৈ থিয় দিছোঁ আমি।
চন্দ্ৰপৃষ্ঠত যোৱাৰ পৰিবৰ্তে সেই আদিম যুগলৈ ধাৱমান হৈছোঁ।
কিয় দেশৰ একতা, শান্তি আৰু প্ৰগতিৰ বাটত ধৰ্ম, জাত-পাতৰ প্ৰাচীৰ হৈ আগভেটি ধৰিছোঁ, এয়া অন্যায়, এয়া এয়া দেশ মাতৃৰ সৈতে প্ৰবঞ্চনা কৰাৰ নামান্তৰ।
কেইদিননো জীয়াই থাকিম আমি এই ধৰিত্ৰীৰ বুকুত?
ক্ষণস্থায়ী জীৱনত মানুহ হৈ মানুক কিয় কৰোঁ অৱজ্ঞা?
এবাৰ চকুমুদি চাওঁকচোন এই মায়াবী জগতখন কেৱল অন্ধকাৰাচ্ছন্ন!
তাৰ পাছতো আমি এই ক্ষন্তেকীয়া জীৱনত কিহৰ কাৰণে ইমান গৌৰৱ-আহংকাৰ আৰু জাতি, ধর্ম লৈ পৰস্পৰে পৰস্পৰক হিংসা, ঘৃণা, নিন্দা তথা ঈৰ্ষা কৰোঁহক।
সময় থাকোতেই আহক আমি সকলোৱেই জাতি, ধর্ম, ভাষা, গোষ্ঠী নিৰ্বিশেষে হাতে হাত ধৰি তথা কান্ধত কান্ধ মিলাই আমাৰ প্ৰাণপ্ৰিয় ৰাষ্ট্ৰখনক বিশ্ব গুৰুৰ আসনত উপবিষ্ট কৰিবলৈ আহোপুৰুষাৰ্থ কৰোঁহি।
জয় হিন্দ, জয়তু অসম।
জুলহাছ আলী আহমেদ ৰিপৰ্ট R News India 24