ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি “বৰাহগিৰি বেংকটগিৰি” ।
১৯৮০ চনৰ ২৪ জুন অৰ্থাৎ আজিৰ দিনটোতে ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি “বৰাহগিৰি বেংকটগিৰি” ৰ মৃত্যু হৈছিল।
তেওঁ বিভিন্ন ৰাজ্যত ৰাজ্যপাল হিচাপেও কৰ্মৰত আছিল।
তেওঁ ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহন কৰে।
তেওঁ জৱাৰহৰলাল নেহেৰু মন্ত্ৰীসভাৰ শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী আছিল।
শ্ৰীলঙ্কাত ভাৰত হাইকমিচনাৰ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু অখিল ভাৰতী ট্ৰেড ইউনিয়ন কংগ্ৰেছৰো অধ্যক্ষ আছিল।
১৯৭৫ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধি প্ৰদান কৰে।
স্বাধীনতা সংগ্ৰামৰ এই জনা মুক্তি যুঁজাৰুৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুৱৰিছোঁ।
সংগীতাৰ প্রতিবেদন #Rnewsindia24 .