অসমৰ প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী, আইদেউ সন্দিকৈ ।

Spread the love

আইদেউ সন্দিকৈ-

নামেই যাৰ পৰিচয়।
অসমৰ প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী।

আইদেউ সন্দিকৈ জন্ম হৈছিল ১৯২০ চনৰ ২৭ জুনত গোলাঘাটৰ পানী-দিহিঙীয়া গাঁৱত

পিতৃৰ নাম নীলাম্বৰ সন্দিকৈ আৰু মাতৃৰ নাম মা-লক্ষ্মী।

অসমীয়া চলচ্চিত্ৰৰ প্ৰথম গৰাকী মহিলা অভিনেত্ৰী।

জ্যোতিপ্ৰসাদ আগৰৱালাৰদ্বাৰা নিৰ্মিত প্ৰথম অসমীয়া বোলছবি “জয়মতী“ত (১৯৩৫) মুখ্য চৰিত্ৰত অভিনয় কৰি আইদেউ সন্দিকৈয়ে প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী হোৱাৰ গৌৰৱ লাভ কৰে।

উক্ত বোলছবিত এগৰাকী সহ-অভিনেতাক ‘বঙহৰদেউ’ (স্বামী) বুলি সম্বোধন কৰা বাবে তেখেত চিৰজীৱন আবিয়ৈ হৈ থাকিবলগীয়া হয়।

সেই সময়ত এগৰাকী মহিলাই সহ অভিনেতাৰ সৈতে অভিনয় কৰাটো এক প্ৰকাৰৰ পাপ বুলি গণ্য কৰা হৈছিল।

সেয়েহে আইদেউ সন্দিকৈ সমাজৰ পৰা বিতাড়িত কৰা হৈছিল।

আনকি তেখেতক ঘৰৰ মূল ঘৰতো থাকিবলৈ দিয়া হোৱা নাছিল আৰু খোৱা পানীৰ বাবে পুখুৰীও বেলেগকৈ ব্যৱস্থা কৰা হৈছিল।

আইদেউ সন্দিকৈ বৰ্তমান নাৰী সমাজৰ এক মূৰ্ত প্ৰতিক।

সমাজৰ এলান্ধুকলীয়া নিয়মৰ গইনা লৈ আইদেউক সমাজৰ পৰা বৰ্জন কৰিছিল।

আজীৱন উকা সেউতাৰে চিৰকুমাৰী হৈ মৃত্যুক আকোঁৱালী লোৱা চিৰপৰিচিত হোৱা এই গৰাকী নাৰী ত্যাগ আৰু সহনশীলতাৰ প্ৰতিক।

প্ৰথমে আইদেউ সন্দিকৈয়ে বোলছবিত অভিনয় কৰিবলৈ মান্তি হোৱা নাছিল যদিও, পাছলৈ দেউতাকৰ সন্মতি ক্ৰমে ছবিত অভিনয় কৰে।

জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতক অভিনয়ৰ কলা-কৌশল শিকাই লৈছিল।

জয়মতীৰ অভিনয় কালত আইদেউ প্ৰায় ষোল্ল বছৰীয়া আছিল।

জয়মতী’ বোলছবিখন মুক্তি দিয়া হয়, ১৯৩৫ চনত।

ব্যৱসায়িক ভাৱে ছবিখন সফল হোৱা নাছিল।

বোলছবিখন নিৰ্মাণ হোৱাৰ পাছত আইদেউ সন্দিকৈয়ে আকৌ পানীদিহিঙীয়া গাঁৱলৈ উভতি যায়।

কিন্তু তেখেতক আৰু পৰিয়ালক সমাজে এঘৰীয়া কৰে।

বোলছবিত অভিনয় কৰাটোক সেই সময়ত এটা লাজ লগা কথা আছিল।

তদুপৰি জয়মতী-ৰ চৰিত্ৰ ৰূপায়ণ কৰোঁতে জয়মতীৰ স্বামী গদাপানিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক ‘বঙহৰদেউ‘, অৰ্থাৎ ‘মৰমৰ স্বামী’ বুলি সম্বোধন কৰাটোও এটা দোষৰ কথা আছিল।

আইদেউৱে সেই সময়ত ৰক্ষনশীল সমাজখনৰ বাবে যি সন্মান পাব লাগিছিল তাৰ পৰা বঞ্চিত আছিল, তাৰ পৰিবৰ্তে কু-লক্ষিনী, চৰিত্ৰহীনা, বেশ্যা আদি হে তেওঁৰ ওপৰত জাপি দিয়া হৈছিল।

তেখেতক বিয়া কৰাবলৈও কোনো আগবাঢ়ি অহা নাছিল।

সমাজে এলাগী কৰা আইদেউ সন্দিকৈৰ খবৰ জ্যোতিপ্ৰসাদে ৰখা নাছিল

জয়মতী‘বোলছবিখন মুক্তি দিওঁতেও তেখেতৰ খবৰ লোৱা হোৱা নাছিল।

মিচিং স্বায়ত্তশাসিত পৰিষদ Mising Autonomous Council Secretariat Gogamukh
মিচিং স্বায়ত্তশাসিত পৰিষদ ৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

আইদেউ সন্দিকৈয়ে ১৯৮৫ চনতহে নিজৰ অভিনীত ‘জয়মতী‘ৰ অংশ দেখিবলৈ পাই অসম চৰকাৰে আয়োজন কৰা অসমীয়া চলচ্চিত্ৰৰ পঞ্চাছ বছৰীয়া জয়ন্তীৰ সময়ত তেখেতে ‘জয়মতী’ৰ ৰৈ যোৱা কেইটামান ৰীল দেখিবলৈ পাইছিল।

সেই সময়তে অসম চৰকাৰে তেখেতক মাহে ১০০০ টকাকৈ এটা পেন্সন দিয়াৰ ব্যৱস্থাও কৰি দিয়ে।

১৯৯১ চনত তেখেতৰ গাঁৱত আইদেউৰ নামৰ এখন ছোৱালীৰ বিদ্যালয় স্থাপন কৰা হয়।

আইদেউ সন্দিকৈয়ে জীৱনৰ শেষৰ সময়খিনি ভতিজাকহঁতৰ লগত গোলাঘাটৰ কমাৰগাঁৱত কটায়।

“The East Indian Motion Picture Association”-এ লৰচৰ কৰিব নোৱাৰা আইদেউক এখনি হুইল চকী প্ৰদান কৰে।

অসম চৰকাৰে তেখেতৰ মাহিলী পেন্সন ১৫০০ টকালৈ বৃদ্ধি কৰে।

তেখেতৰ নাম পদ্মশ্ৰী বঁটাৰ বাবেও মনোনীত কৰা হয়, কিন্তু মাত্ৰ এখন ছবিত অভিনয় কৰাৰ অজুহাতত সেই বঁটা প্ৰদান কৰা নহ’ল।

২০০২ চনৰ ১৭ ডিচেম্বৰত আইদেউ সন্দিকৈয়ে মৃত্যুবৰণ কৰে।

২০০৭ মুক্তিপ্ৰাপ্ত “আইদেউ” আইদেউ সন্দিকৈৰ জীৱন ভিত্তিক এখন কাহিনী চিত্ৰ।

চিত্ৰনাট্য আৰু পৰিচালনা কৰিছিল অৰূপ মান্নাৰে।

নাম ভূমিকাত অভিনয় কৰে চন্দনা শৰ্মাই।

অসম চলচিত্ৰ উৎসত এই ছবিখনে শ্ৰেষ্ট ছবি, শ্ৰেষ্ট পৰিচালক আৰু শ্ৰেষ্ট মহিলা অভিনেতাৰ বটা লাভ কৰে।

২০১৩ চনৰ ২০ আগষ্ট তাৰিখে উত্তৰ-পুৱ ভাৰতৰ প্ৰথম খন ভ্ৰাম্যমান ছবি “আইদেউ টকীজ” আইদেউ সন্দিকৈ স্মৃতিত জন্ম লাভ কৰে।

এই মহান নাৰী গৰাকীৰ জন্ম বাৰ্ষিকীত গভীৰ শ্ৰদ্ধা জনাইছোঁ।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *