১৯৬৯ চনৰ ১ এপ্ৰিলত যোৰহাটত অসমৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয় স্থাপিত হয়।
প্ৰথমে যোৰহাটৰ অসম কৃষি মহাবিদ্যালয় আৰু গুৱাহাটীৰ অসম পশু চিকিৎসা মহাবিদ্যালয় দুখনক কেন্দ্ৰ বিন্দু হিচাপে লৈ এই বিশ্ববিদ্যালখন আৰম্ভ কৰা হৈছিল
এই বিশ্ববিদ্যালয় খনে অসমত কৃষি শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে।
বিশ্বৰ কেৱল এই বিশ্ববিদ্যালয়তেই চাহ প্ৰযুক্তিবিদ্যা বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ পৰ্য্যায়ৰ শিক্ষা প্ৰদান কৰা হয়।
ছশৰো অধিক শিক্ষক, গৱেষক আৰু সম্প্ৰসাৰণ বিশেষজ্ঞই এই বিশ্ববিদ্যালয়ৰ যোগেদি কৃষি আৰু পশু চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ত সেৱা আগবঢ়াই আছে।
বিশ্ববিদ্যালয়ৰ অধীনত ন-খন মহাবিদ্যালয় আছে –
১/ কৃষি মহাবিদ্যালয়, যোৰহাট।
২/ গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয়, যোৰহাট।
৩/ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰা, গুৱাহাটী।
৪/ বিশ্বনাথ কৃষি মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি।
৫/ লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, উত্তৰ লখিমপুৰ।
এই বিশ্ববিদ্যালয়ৰ দ্বাৰা অসমৰ প্ৰতিখন জিলাতে কৃষি বিজ্ঞান কেন্দ্ৰ একোখনকৈ স্থাপন কৰা হৈছে।
উল্লেখ্য যে, দেশৰ কৃষি শিক্ষা গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক ৰেংকিঙত ১৯ সংখ্যক স্থান লাভ কৰে।
ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ স্থান নিৰ্ধাৰণৰ বাবে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্কৰ জৰিয়তে ৰাজ্যৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়খনে সৰ্বভাৰতীয় স্তৰত এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়।