অসমৰ ইতিহাসত এয়াই প্ৰথম তিনিজন একেলগে বিজয়ী হোৱা এনে অনুষ্ঠানত।

ডিআইডি লিটিল মাষ্টাৰ্ছৰ চিজন ৫ৰ বিজয়ী খিতাপ গোলাঘাটৰ নৱজিৎ নাৰ্জাৰীলৈ।
নৱজীতে সৰুৰে পৰা নৃত্য কৰিবলৈ ভাল পাইছিল আৰু দুবছৰ বয়সত নৃত্যৰ অনুশীলন আৰম্ভ কৰিছিল।
অসমৰ নৱজিৎ নাৰ্জাৰীয়ে বিখ্যাত ৰিয়েলিটি ডান্স শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটিল মাষ্টাৰ্ছ চিজন ৫ত প্ৰথম পুৰস্কাৰ জয় কৰিলে।
নৱজিৎ, আপ্পুন, আধ্যাশ্ৰী, ঋষিতা আৰু সাগৰে গ্ৰেণ্ড ফাইনেলত প্ৰদৰ্শন আগবঢ়ায়।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
অৱশেষত, নৱজিতক বিজয়ী ঘোষণা কৰা হয়।
গোলাঘাটৰ মেৰাপানীৰ চাংখাটিৰ কণমানি নৱজিতে দেওঁবাৰে লাভ কৰিবলৈ সক্ষম হল ৰিয়েলিটি শ্ব’টোৰ বিজয়ী খিতাপ।
নৱজিতে পুৰস্কাৰ হিচাপে লাভ কৰিছে ৫ লাখ টকাৰ চেক আৰু ট্ৰফী।
ৰিয়েলিটি শ্ব’টোৰ বিচাৰক হিচাপে আছিল অভিনেত্ৰী সোনালী বেন্দ্ৰে, মৌনী ৰয় আৰু নৃত্য পৰিচালক ৰেমো ডিছুজা।
নৱজিতে ৰিয়েলিটি শ্ব’ত বিজয়ী হোৱাৰ পিছত গোলাঘাটৰ মেৰাপানীত আনন্দৰ বন্যা।
কনমানি নৱজিতৰ গাওঁবাসীয়ে ঢোল বাদন বজাই আনন্দ উৎসৱ পালন কৰিছে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ কিক্রা বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
Rnewsindia24 পৰিয়ালেও অভিনন্দন জনাইছোঁ। উজ্বল তৰা হৈ তেওঁ জিলিকি থাকক।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24