অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী।
গীতালী বৰুৱা জন্ম হৈছিল ১৯৬১ চনৰ ১ জুলাই তাৰিখে।
তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।
গীতালী বৰুৱাই তেওঁৰ প্ৰথম কাব্য সংকলন ‘একুৰি অনুভূতি‘ ৰে সাহিত্য জগতৰ পাতনি মেলে।
পৰৱৰ্তী সময়ত তেওঁৰ কেইবাখনো কাব্য সংকলন, গল্প সংকলন, উপন্যাস আৰু প্ৰবন্ধ সংকলন প্ৰকাশিত হয়।
তেওঁ তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই ‘অভিমান‘ নাটকযোগে প্ৰথমবাৰৰ বাবে অভিনয় জগতত প্ৰৱেশ কৰিছিল।
পিছলৈ তেওঁ কেইবাখনো নাটক আৰু বোলছবিত অভিনয় কৰে।
গীতালী বৰুৱাই ১৯৮৭ চনত প্ৰতিষ্ঠিত চিকিৎসক অখিল কুমাৰ বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।
তেওঁলোকৰ একমাত্ৰ সন্তানৰ নাম মাধুৰ্য বৰুৱা (বুকু)।
তেওঁৰ কাব্য সংকলন সমূহ হৈছে-
একুৰি অনুভূতি ,গীতালী বৰুৱাৰ অনুভৱ, এবুকু অনুকম্পা, যৌৱনৰ প্ৰেমৰ,
পাহৰোঁ আহা, অদৃশ্য ডাকোৱাল, তুমি নাৰীৰে জন্মা, শান দিয়া জোন,
সৰিসৃপ মৌনতা, উশাহৰ সীমনা, নীলা ঢৌৰ উচুপনি।
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
গল্প সংকলন সমূহ হৈছে-
বন্দী জীৱনৰ আৰ্তস্বৰ,
প্ৰত্যুষ, সমাবৃত,
ৰ’দৰ ফুল, বৈধ কি অবৈধ কি, উৰণীয়া মানুহ,
এক মিনিটৰ গল্প, মডেল
উপন্যাস-
ত্ৰিপত্ৰ, কামাবশায়িতা,
অযুগ্ম সংখ্যা,
ধ্বনিময় অনল শিখা/মিউজিকেল লাইটাৰ,
মায়াময়, ছৈৰ তলৰ অপ্ৰেম।
কাব্যোপন্যাস হৈছে-
কাৰ উশাহ কাৰ উচুপনি।
প্ৰবন্ধ সংকলন-
নেতাই ধুবুনীৰ দেশৰ কথা,
শিশু পুস্তিকা,
নাটক সংকলন-
অভিনেত্ৰী আৰু অন্যান্য নাটক।
গীতলী বৰুৱাই ২০০৬ চনত কবি কল্পদ্ৰুম বঁটা লাভ কৰে।
২০০৯ চনত মাইকেল মধুসূদন বঁটা।
২০১২ চনত অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা।
২০১৪ চনত এনাজৰী বঁটা।
২০১৬ চনত অসম ক্ৰীড়া আৰু সাংস্কৃতিক মহোৎসৱৰ জীৱনজোৰা সাধনা বঁটা।
২০১৯ চনত ব্যতিক্ৰম জীৱনজোৰা সাধনা বঁটা।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
অসমীয়া সাহিত্য জগতৰ এই গৰাকী কবিলৈ জন্ম বাৰ্ষিকীৰ শুভকামনা জনালোঁ।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24