ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে ড° বিধান চন্দ্ৰ ৰয়লৈ শ্ৰদ্ধাঞ্জলী।

Spread the love

ভাৰতত প্ৰতিবছৰে জুলাই মাহৰ ১ তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

এই দিনটো চিকিৎসক সকলৰ কাৰণে এটা বিশেষ দিন।

চিকিৎসক সকল ভগৱানৰ দ্বিতীয় ৰূপ

ভগৱানৰ পিচতেই সাধাৰণ লোকৰ বিশ্বাসৰ থল হৈছে চিকিৎসক।

মহান ভাৰতীয় চিকিৎসক তথা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড° বিধান চন্দ্ৰ ৰয়ৰ জন্ম দিনত এই দিৱস পালন কৰা হয় ৷

১৮৮২ চনৰ ১ জুলাইত বিহাৰৰ পাটনাত বিধান চন্দ্ৰ ৰয়ৰ জন্ম হৈছিল

কলকাতাৰ পৰা চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰম্ভ কৰে।

ড° বিধান চন্দ্ৰ ৰয়ে লণ্ডন পৰা MRCP আৰু FRCS ডিগ্ৰী লাভ কৰে

মিচিং স্বায়ত্ত শাসিত পৰিষদ
মিচিং স্বায়ত্ত শাসিত পৰিষদ স্বাস্থ্য  বিভাগৰ  আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন ।

১৯১১ চনৰ পৰা ড° ৰয়ে চিকিৎসক হিচাপে কৰ্ম জীৱন আৰম্ভণি কৰে ৷

চিকিৎসক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ড° ৰয় তেখেত ৰাজনীতিৰ প্ৰতিও আকৰ্ষিত হয়।

১৯৪৮ চনৰ পৰা তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। ড° ৰয়ক ১৯৬১ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্রদান কৰা হয়৷

৮০ বছৰ বয়সত ১৯৬২ চনত তেওঁৰ জন্মদিন অৰ্থাৎ ১ জুলাই তাৰিখে মৃত্যু হয়

ড° বিধান চন্দ্ৰ ৰয় আছিল অবিবাহিত ৷

তেওঁ গোটেই জীৱন মানৱ সেৱাৰ বাবে উৎসর্গা কৰিলে৷

ড° বিধান চন্দ্ৰ ৰয় কেৱল এজন সুদক্ষ চিকিৎসকেই নাছিল ।

তেওঁ আছিল বহু কেইখন উন্নত চিকিৎসালয়ৰ প্ৰতিষ্ঠাপক ৷

লগতে চিকিৎসকসকলৰ অধিকাৰ সুৰক্ষিত কৰা মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়া আৰু ইণ্ডিয়ান মেডিকেল এছ’চিয়েছন গঠনৰ অন্যতম মূল ব্যক্তি আছিল

মুখ্যমন্ত্ৰী পদত থাকিও তেওঁ সমানেই চিকিৎসা সেৱাও আগবঢ়াই গৈছিল।

এই গৰাকী মহান চিকিৎসক তথা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড° বিধান চন্দ্ৰ ৰয়ৰ জন্মদিন আৰু মৃত্যু দিনটোত সেৱা জনোৱাৰ উদ্দেশ্যে ১ জুলাই তাৰিখটো ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰা হয়।

তেখেতৰ জন্ম আৰু মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলী জনাইছোঁ।

চিকিৎসক দিৱস”ৰ এই পবিত্ৰ দিনটোত মানৱ জাতিলৈ অফুৰন্ত মানৱীয় সেৱা আগবঢ়োৱা প্ৰতিজন চিকিৎসকক সশ্ৰদ্ধ প্ৰনাম জনাইছোঁ।

 

সংগীতা দত্তৰ প্ৰতিবেদন:  R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *