শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী হংসা জীৱৰাজ মেহতা।

Spread the love

ভাৰতীয় এগৰাকী শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী আছিল হংসা জীৱৰাজ মেহতা

১৮৯৭ চনৰ ৩ জুলাই তাৰিখে বৰোদা ষ্টেটৰ নগৰ ব্ৰাহ্মণ পৰিয়ালত হংসা মেহতাৰ জন্ম হৈছিল

তেওঁ বৰোদা ৰাজ্যৰ দেৱান মনুভাই মেহতাৰ কন্যা আৰু প্ৰথম গুজৰাটী উপন্যাস ‘কৰণ ঘেলো‘ৰ লেখক আনন্দশংকৰ মেহতাৰ নাতিনী আছিল।

১৯১৯ চনত সাংবাদিকতা আৰু সমাজতত্ত্বত উচ্চ শিক্ষা লাভ কৰিবলৈ ইংলেণ্ডলৈ গৈছিল।

১৯৪৬ চনত তেওঁ মুম্বাইত অৱস্থিত শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয় আৰু ১৯৪৯ চনত নৱগঠিত বৰোদা বিশ্ববিদ্যালয়ৰ তেওঁ উপাচাৰ্য নিযুক্তি লাভ কৰিছিল।

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

ইয়াৰ লগে লগে তেওঁ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।

১৯৫৯ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।

তেওঁ বৰোদা মহাবিদ্যালয়ৰ পৰা ১৯১৮ চনত দৰ্শনৰ সৈতে স্নাতক ডিগ্ৰী লাভ কৰিছিল।

তাৰপিছত তেওঁ ইংলেণ্ডত সাংবাদিকতা আৰু সমাজতত্ত্ব অধ্যয়ন কৰিছিল।

১৯১৮ চনত তেওঁ সৰোজিনী নাইডু আৰু পিছত ১৯২২ চনত মহাত্মা গান্ধীক লগ পাইছিল।
তেওঁ এজন বিশিষ্ট চিকিৎসক আৰু প্ৰশাসক জীৱৰাজ নাৰায়ণ মেহতাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

পিছলৈ তেওঁ গুজৰাটৰ প্ৰথম মুখ্যমন্ত্ৰীৰ পদ লাভ কৰিছিল।

হংসা মেহতাই বিদেশী কাপোৰ আৰু সুৰা বিক্ৰী কৰা দোকানৰ পিকেটিঙৰ আয়োজন কৰিছিল ।

মহাত্মা গান্ধীৰ পৰামৰ্শৰ সৈতে সংগতি ৰাখি অন্যান্য স্বাধীনতা আন্দোলনৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰিছিল।

তেওঁ ভাৰতত মহিলাসকলৰ বাবে সমতা আৰু ন্যায়ৰ পোষকতা কৰিছিল।
তেওঁ ১৯৪৫-৪৬ চনত অল ইণ্ডিয়া ৱমেন কণফাৰেন্সৰ অধ্যক্ষ হৈছিল।

তেওঁ ১৯৪৫ চনৰ পৰা ১৯৬০ লৈ ভাৰতত বিভিন্ন পদত অধিষ্ঠিত আছিল।

তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ’ল –
শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য,
সৰ্বভাৰতীয় মাধ্যমিক শিক্ষা পৰিষদৰ সদস্য,
ভাৰতৰ আন্তঃ বিশ্ববিদ্যালয় পৰিষদৰ অধ্যক্ষ আৰু বৰোদাৰ মহাৰাজ সায়াজিৰাও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য

তেওঁ বৰোদা বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল।

১৯৫০ চনত তেওঁ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ উপাধ্যক্ষ হৈছিল।

তেওঁ গুজৰাটী ভাষাত অৰুণু অদ্ভুত স্বপ্ন, ‘ববলানা পৰাক্ৰমো, ‘বলৱৰ্তাৱলী অংশ কে ধৰি কেইবাটাও শিশু উপযোগী গ্ৰন্থ লিখিছিল।

তেওঁ বাল্মীকি ৰামায়ণ অৰণ্যকাণ্ড, বালকাণ্ড আৰু সুন্দৰকাণ্ড অনুবাদ কৰিছিল।
তেওঁ বহুতো ইংৰাজী সাহিত্য অনুবাদ কৰিছিল।

তাৰে ভিতৰত উল্লেখযোগ্য হৈছে ‘গুলিভাৰ্চ ট্ৰেভেল‘।

তেওঁ উইলিয়াম শ্বেইকছপীয়েৰৰ কিছুমান নাটকৰ আলমত নাটক ৰচনা কৰিছিল।

১৯৭৮ চনত তেওঁৰ প্ৰবন্ধসমূহ সংগ্ৰহ ‘কেতলাক লেখো‘ হিচাপে প্ৰকাশ কৰা হৈছিল।

১৯৯৫ চনৰ ৪ এপ্ৰিল তাৰিখে তেওঁৰ মৃত্যু হয়

তেখেতৰ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলী জনাইছোঁ।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *