প্ৰথম ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী মহিলা, সাহিত্যিক, ঔপন্যাসিক, পদ্মশ্ৰী আশাপূৰ্ণা দেৱী।
প্ৰথম ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী মহিলা, সাহিত্যিক, ঔপন্যাসিক আশাপূৰ্ণা দেৱী।
আশাপূৰ্ণা দেৱীৰ ১৯০৯ চনৰ ৮ জানুৱাৰীত জন্ম হয়।
তেখেতৰ পিতৃ নাম হৰেন্দ্ৰ নাথ দত্ত, মাতৃ নাম সৰলা সুন্দৰী।
সেই সময়ত কন্যা সন্তানক স্কুললৈ যাব দিয়া নহৈছিল আৰু ব্যক্তিগত শিক্ষকো কেৱল ল’ৰাৰ বাবেহে ৰাখিছিল।
তেৰ বছৰ বয়সতে “বাইৰেৰ ডাক” নামৰ কবিতাটো আলোচনীত প্ৰকাশ পাইছিল।
তেওঁ কালীদাস গুপ্তাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।
১৯৮৩ চনৰ “ছোটো ঠাকুৰদাৰ কাশী যাত্ৰা” তেওঁৰ প্ৰথম প্ৰকাশিত পুথি আছিল।
১৯৩৬ চনত তেওঁ “পাটনি ও প্ৰেয়সী” নামৰ গল্প এটা লিখিছিল, আনন্দ বাজাৰ পত্ৰিকাৰ পূজাৰ সংস্কৰণত প্ৰকাশ পাইছিল।
১৯৪৪ চনত প্ৰকাশ পোৱা “প্ৰেম ও প্ৰয়োজন” প্ৰাপ্তবয়স্কসকলৰ বাবে লিখা প্ৰথম উপন্যাস।
তেওঁৰ অধিকাংশ লেখাতে লিংগ বৈষম্য আৰু পৰম্পৰাগত হিন্দু সমাজত থকা সংকীৰ্ণতাৰ ভিত্তিত উদ্ভৱ হোৱা অসমতা আৰু অন্যায়ৰ বিৰুদ্ধে নাৰী-পুৰুষৰ সবল প্ৰতিবাদ প্ৰকাশ পাইছিল।
তেওঁৰ তিনিখন গ্ৰন্থ হৈছে-“প্ৰথম প্ৰতিশ্ৰুতি (১৯৬৪), সুৱৰ্ণলতা (১৯৬৭) আৰু বকুল কথাত (১৯৭৪)।
১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ে “দ্য লীলা প্ৰাইজ” প্ৰদান কৰে।
১৯৬৬ চনত “দ্য ভূটান মোহিনী দাসী গ’ল্ড মেডেল” আৰু পশ্চিম বংগ চৰকাৰৰ পৰা “ৰেইনড্ৰপ মেম’ৰিয়েল প্ৰাইজ” লাভ কৰে।
“প্ৰথম প্ৰতিশ্ৰতি” গ্ৰন্থখনৰ বাবে ১৯৭৬ চনৰ জ্ঞানপীঠ বঁটা লাভ কৰে।
১৯৮৮ চনত বংগীয় সাহিত্য পৰিষদৰ পৰা “হৰনাথ ঘোষ মেডেল” লাভ কৰে।
১৯৯৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা”জগত্তাৰিণী স্বৰ্ণপদক” লাভ কৰে।
ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰে।
১৯৯৫ চনৰ ১৩ জুলাই তাৰিখে মৃত্যু হয়।
তেখেতৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলী জনাইছোঁ।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24