বৰ্ষাশ্ৰীৰ ভৱিষ্যত কি হ'ব ? পৰীক্ষা দিব পাৰিবনে বৰ্ষাশ্ৰীয়ে ? - R News India 24
Skip to content
বৰ্ষাশ্ৰীৰ কলমেৰে ওলাই আহিছিল আন বহু কবিৰ দৰে এটি বিদ্ৰোহী কবিতা। সেই কবিতাটোৱেই কাল হ’ল।
এটি বিদ্ৰোহী কবিতা লিখাৰ বাবে কাৰাগাৰত বন্দী এগৰাকী ১৯ বছৰীয়া যুৱতী।
মানুহ জন্মসূত্ৰেই বিদ্ৰোহী মনৰ অধিকাৰী।
তেনে এক মনৰ অধিকাৰী হোৱাৰ বাবেই লিখিছিল এটি বিদ্ৰোহী কবিতা।
যোৱা ১৮ মে’ত যোৰহাট আৰক্ষীয়ে আলফা স্বাধীনৰ সমৰ্থনত পোষ্ট কৰাৰ অপৰাধত বান্ধৱীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ।
যোৰহাটৰ টীয়ক থানাৰ অন্তৰ্গত এজাৰগুৰিৰ নিৱাসী তথা দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ গনিত শাস্ত্ৰত অধ্যয়ন কৰি আছে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই য়ে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
১৬ জুলাইৰ পৰা পৰীক্ষা বৰ্ষাশ্ৰীৰ। নিজ পৰীক্ষা কেন্দ্ৰৰ পৰাই পৰীক্ষাত অৱৰ্তীন হব পাৰিব বৰ্ষাশ্ৰীয়ে।
এটা কবিতাৰ বাবেই বিগত দুমাহ ধৰি কাৰাবন্দী হৈ থকা মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক মুকলি কৰি দিবলৈ বহুজনেই দাবী তুলিছে সামাজিক মাধ্যমত।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বৰ্ষাশ্ৰীৰ এটা বৈপ্লবিক চেতনাৰ কবিতা।
এই কবিতাটোৰ বাবেই বৰ্ষাশ্ৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি চৰ্চা চলিছে সামাজিক মাধ্যমত।
সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে, “কোনো কবিতা লিখাৰ বাবে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হোৱা নাই।
তেওঁ নিজে আলফা স্বাধীনত যোগ দিম বুলি লিখা বাবে আৰু আনকো আলফা স্বাধীনত যোগদানৰ বাবে প্ৰৰোচিত কৰাৰ বাবেহে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি” মন্তব্য কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই।