অসমীয়াৰ এখুদ ককাইদেউ, নৱকান্ত বৰুৱাঃ

Spread the love

অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম।
তেওঁ একেধাৰে এগৰাকী কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক

এখুদ ককাইদেউ’ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম।

নৱকান্ত বৰুৱাৰ জন্ম হৈছিল ১৯২৬ চনৰ ২৯ ডিচেম্বৰত গুৱাহাটীত

তেওঁৰ পিতৃ নীলকান্ত বৰুৱাই শিক্ষা বিভাগৰ সহ পৰিদৰ্শক ৰূপে বৰপেটা আৰু গুৱাহাটীত চাকৰি কৰিছিল।

নৱকান্ত বৰুৱাৰ মাতৃৰ নাম আছিল স্বৰ্ণলতা বৰুৱা

নৱকান্ত বৰুৱাৰ ভাতৃ তিনিগৰাকী : দেৱকান্ত, জীৱকান্ত আৰু শিৱকান্ত।

তেওঁৰ ভাতৃ প্ৰয়াত দেৱকান্ত বৰুৱাও অসমৰ অন্যতম শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত এজন।

নৱকান্তৰ শৈশৱ-কৈশোৰ আৰু যৌৱন পাৰ হৈছিল নগাঁৱতে।

জন্ম সূত্ৰে তেওঁ ঘৰৰ পৰাই এটি সাংস্কৃতিক পৰিৱেশ পাইছিল।

নৱকান্ত বৰুৱাৰ শিক্ষা জীৱনৰ আৰম্ভণি ঘটিছিল এখন বালিকা স্কুলত।

১৯৪১ চনত সুখ্যাতিৰে মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত ভৰ্তি হয়।

কিন্তু সন্নিপাত জ্বৰত ভুগি বহুত দিনলৈ বিচনা ল’ব লগা হোৱাত তেওঁৰ পঢ়া-শুনাত ব্যাঘাত জন্মে আৰু কটনৰ ছাত্ৰ-জীৱনৰ সিমানতে অন্ত পৰে।

নৱকান্তৰ দেউতাক নীলকান্ত বৰুৱাই চাকৰিৰ পৰা অৱসৰ লোৱা বাবে ই পৰিয়ালটোৰ আৰ্থিক অৱস্থাত প্ৰভাৱ পেলাইছিল।

বৰুৱাই ১৯৪৩ চনত উচ্চ শিক্ষাৰ বাবে কলকতাৰ শান্তিনিকেতনলৈ যায়।

শান্তিনিকেতনত পঢ়ি থাকোঁতেই দেউতাকৰ মৃত্যু হোৱাত অধ্যক্ষ অনিল চন্দ্ৰই বৰুৱাৰ বি এ পৰীক্ষাৰ ফিজৰ দায়িত্ব লয়।

এই প্ৰসংগত নৱকান্তই ডন কুইকচ’ট’ শীৰ্ষক আত্মজীৱনী মূলক কবিতাটিত লিখিছিল-

পৰিচয় মোৰ কলেজৰ ছাত্ৰ
বহুত দিনৰ ফীজ যদিও বাকী
কিন্তু মই যে প্ৰেমিক, ইন্টেলেকচুৱেল কবি।
এবাৰ বাহিৰলৈ চাওঁ
জোনটো দেখোঁ
বিধৱাৰ দৰে বগা ডাৱৰৰ কাপোৰ পিন্ধা
বিধৱা আইলৈ মনত পৰি হঠাতে মনত পৰে
কাইলৈ ফীজ নিদিলে নহ’ব পৰীক্ষা দিয়া।”

১৯৪৭ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী, বঙলা ভাষা, অসমীয়া আৰু ইংৰাজী বিষয়ত অনাৰ্ছ সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়।

নৱকান্ত বৰুৱাই ১৯৫৩ চনত উত্তৰ প্ৰদেশৰ আলীগড় মুছলিম বিশ্ববিদ্যালয় পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

তেওঁ কাব্য গ্ৰন্থ ‘হে অৰণ্য, হে মহানগৰ’ আৰু উপন্যাস কপিলীপৰীয়া সাধু(প্ৰথম সংস্কৰণ)ৰ বেটুপাত নিজে অংকন কৰিছিল।

উত্তৰ প্ৰদেশৰ শিকোহাবাদত অৱস্থিত এ. কে. মহাবিদ্যালয়ত শিক্ষকতা বৃত্তিৰে নৱকান্ত বৰুৱাই কৰ্মজীৱন আৰম্ভ কৰিছিল।

১৯৫৪ চনত তেওঁ গুৱাহাটীৰ কটন মহাবিদ্যালয়লৈ বদলি হৈ আহে আৰু তাৰেপৰাই তেওঁ ১৯৮৪ চনত উপাধ্যক্ষ ৰূপে অৱসৰ গ্ৰহণ কৰে।

নৱকান্ত বৰুৱাই মাজতে ১৯৬৪ চনৰপৰা ১৯৬৭ চনলৈ তিনিবছৰ কাল অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদত ইংৰাজী শিক্ষাৰ বিষয়া ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল

২০০২ চনৰ ১৪ জুলাই তাৰিখে শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি বৰুৱাৰ মৃত্যু হয়।

নৱম শ্ৰেণীত পঢ়ি থাকোঁতে প্ৰথমখন কবিতা পুথি ‘মুক্তি’ লিখি উলিয়াইছিল।

তেওঁ সীমা দত্ত ছদ্মনামেৰেও তিনিটা কবিতা ৰচনা কৰিছিল।

তেওঁ মহৎ অৱদানেৰে অসমীয়া সাহিত্যৰ ভঁৰালটো চহকী কৰি থৈ গৈছে।

বৰুৱাক অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণ বুলি গণ্য কৰা হয়।

বৰুৱাৰ লেখাবোৰ আছিল সেই সময়ৰ পৰিপ্ৰেক্ষিতত অতি সমসাময়িক।

সাহিত্য অকাডেমী বঁটা বিজয়ী “ককাদেউতাৰ হাড়” উপনাসখনক সৰ্বকালৰ ধ্ৰুপদী বুলি উল্লেখ কৰা হৈছে।

তেওঁ সৰ্বমুঠ ৫ খন উপন্যাস লিখিছিল।

ইয়াৰ লগতে বৰুৱাই শিশুৰ বাবেও সাহিত্য ৰচনা কৰিছিল।

তেওঁৰ ৰচনাসমূহো বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে।

১৯৮৪ চনত তেওঁ “সীৰলু” নামৰ এক অসমীয়া আলোচনী প্ৰকাশ কৰে যিখন পৰৱৰ্তী সময়ত “নতুন সীৰলু” হিচাপে প্ৰকাশ পায়।

 

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

কবিতা সমূহ-
হে অৰণ্য হে মহানগৰ,যতি আৰু কেইটামান স্কেচ্ছ, এটি দুটি এঘাৰটি তৰা ,ৰত্নাকৰ,ৰাৱণ,সূৰ্যমুখীৰঅঙ্গীকাৰ , মোৰ আৰু পৃথিৱী, এখন স্বচ্ছ মুখাৰে , দলঙত, তামীঘৰা , সম্ৰাট

নিৰ্বাচিত কবিতা (ইংৰাজীত)-
এশ কবিতা, আহত মৰাল
নজৰুল ইছলামৰ কবিতা, মুক্তধাৰা, কবিৰাই কয়।

উপন্যাস-
কপিলীপৰীয়া সাধু ,ককাদেউতাৰ হাড় , গৰমা কুৱঁৰী , মানুহ আটাইবোৰ দ্বীপ ,পটাচাৰা , অ-পদাৰ্থ, অহিংসাৰ জুই

গীতৰ সংকলন-
মনৰ খবৰ

ভ্ৰমণ কাহিনী-
দেশে দেশে মোৰ দেশ

নাটক-
এটি গীতৰ জন্ম হ’ল, কুশ জাতক, অভিৰূপ নন্দা

শিশু ৰচনা-
আখৰৰ জখলা , শিয়ালী পালেগৈ ৰতনপুৰ , ভ উকাৰে ভূ, মাখনৰ কুকুৰা পোৱালি, মই টুনীয়ে টুন টুনালোঁ, গোলাপ আৰু বেলিফুল , মনত পৰা শব্দ, কিশোৰ ৰামায়ণ , মৰুৱা ফুল

বিবিধ সম্পাদনা-
মোৰে ভাৰতৰে, অসমীয়া ছন্দ শিল্পৰ ভূমিকা, ৰমণীয়
কবিতাৰ দেহ বিচাৰ

ভাষান্তৰ সম্পাদনা –
বিশ্বমানৱৰ অভিমুখে,
ৱাল্ট হুইট্মেনৰ এশ কবিতা,
নজৰুল ইচলামৰ কবিতা,
সুমিত্ৰানন্দন পন্তৰ কবিতা

১৯৭৬ চনত পদ্মভূষণ উপাধি লাভ কৰে।
১৯৯৩ চনত অসম উপত্যকা সাহিত্য বঁটা
সম্বলপুৰ বিশ্ববিদ্যালয়ৰ গংগাধৰ বঁটা,
১৯৭৫ চনত “ককাদেউতাৰ হাড়” উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা
১৯৯০ চনত মধ্যপ্ৰদেশৰ কবীৰ সন্মান

মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

১৯৯৮ চনত কমল কুমাৰী বঁটা
১৯৯০ চনত অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতি ।

১৯৭৪ চনত “মোৰ আৰু পৃথিৱীৰ” কবিতা সংকলনৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা
ছোভিয়েট দেশ নেহৰু বঁটা লাভ কৰে।

তেখেতৰ মৃত্যু বাৰ্ষিকীত সশ্ৰদ্ধ প্ৰনাম।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *