সমাজ সংস্কাৰক, ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমজন প্ৰতিনিধি লোকমান্য বাল গঙ্গাধৰ তিলক। - RnewsIndia24
Skip to content
বাল গঙ্গাধৰ তিলকঃ
শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক, ভাৰতীয় অশান্তিৰ পিতৃ, লোকমান্য উপাধি প্ৰাপ্ত, ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমজন প্ৰতিনিধি আছিল।
তেখেতৰ জন্ম হৈছিল ১৮৫৫ চনৰ ২৩ জুলাই ত।
তেওঁৰ জন্মগত নাম কেশৱ গঙ্গাধৰ তিলক।
তেখেত লাল-বাল-পাল ত্ৰিমূৰ্তিৰ এজন।
ব্ৰিটিছ ঔপনিবেশিক প্ৰাধিকাৰীয়ে তেওঁক “ভাৰতীয় অশান্তিৰ পিতৃ” বুলি অভিহিত কৰে।
ভাৰতীয় লোকসকলে তেওঁলোকৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাৰ বাবে তেওঁক “লোকমান্য” উপাধি প্ৰদান কৰে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
বাল গঙ্গাধৰ তিলকে সত্যভামা বাই ৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল।
তেওঁলোকৰ তিনিটা সন্তান আছিল- শ্ৰীধৰ বলৱন্ত, বিশ্বনাথ বলৱন্ত আৰু ৰামভাও বলৱন্ত।
১৯২০ চনৰ ১ আগষ্ট তাৰিখে ৬৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।
“স্বৰাজ আমাৰ জন্মগত অধিকাৰ আৰু আমি নিশ্চিতভাৱে ইয়াক লাভ কৰিম ” ভাৰত শাসনৰ গাদীত অধিস্থিত হৈ থকা ব্ৰিটিছসকলক এইদৰে কৈছিল লোকমান্য বাল গংগাধৰ তিলকে।
ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদান আছিল অনবদ্য।
ইংৰাজৰ বিৰুদ্ধে সাহসৰে যুঁজ দিয়া লোকমান্য বাল গঙ্গাধৰ তিলক দেৱৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলী জনাইছোঁ।